পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাতি ন বজাৰ পাছত চেঁচা বতাহ বলিবলৈ ধৰিলে। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বোটৰ তলৰ পিনে গৈ বাগৰ দিলোঁ। পিছে একো লাভ নহ'ল। শীতে মোৰ একেবাৰে হাড়ৰ মজ্জাত বিন্ধিছে। জোতা আৰু কামিজটো পুনৰ পিন্ধি ল'লোঁ। সম্ভৱতঃ হঠাৎ বৰষুণ পৰিব, কিন্তু খাবলৈ বৰষুণৰ পানী ধৰিব নোৱাৰিম। ইতিমধ্যে ঢৌবোৰে বৃহৎ ৰূপ ধাৰণ কৰিছে। যেন ২৮ ফেব্ৰুৱাৰীৰ দুৰ্ঘটনাৰ দিনটোতকৈ ডাঙৰ। কণীৰ খোলাৰ দৰে অশান্ত সমুদ্ৰৰ বুকু তলমল কৰিছে। কোনোপধ্যেই শুব নোৱাৰিলোঁ। শীতত কঁপিছোঁ থক্থককৈ। হাত-ভৰি নচুৱাই গাটো গৰম কৰি ৰাখিবলৈ চেষ্ট চলালোঁ। কিন্তু এইবোৰ কৰিবলৈ দেহত শক্তি নাছিল। বোটৰ এদাঁতিত খামুচি ধৰি আছোঁ— যাতে ঢৌৰ খুন্দাত সমুদ্ৰত পৰি নাযাওঁ। হাঙৰে কামুৰি ভাঙি পেলোৱা ব’ঠাপাটৰ ওপৰত মূৰটো থ'লোঁ। বোটৰ তলত আৰু দুপাট বঠা এতিয়াও মজুত আছে।

 মাজনিশা ধুমুহাৰ কোব আৰু একোব বাঢ়িল। আকাশত গভীৰ আন্ধাৰ। বতাহ সেমেকা যদিও এটোপালো বৰষুণ নপৰিল। হঠাৎ বিশাল ঢৌ বোটখনত আছাৰ খাই পৰিল। ঠিক সেই ডেষ্ট্ৰয়াৰৰ দৰে। বোটখন শূন্যলৈ উঠি গ'ল আৰু লুটি খাই গ'ল।

 মই পানীত পৰি যোৱাৰ পাছতে ঘটনাৰ আঁত ধৰিব পাৰিলোঁ। সাঁতুৰি বোটখনৰ ওপৰত উঠিবলৈ চেষ্টা কৰিলোঁ। পাগলৰ দৰে সাঁতুৰি পানীত ওপঙি ৰ'লোঁ। এনে লাগিল যেন এইবাৰ নিস্তাৰ নাই। মৃত্যু অৱধাৰিত। বোটখন চকুত পৰা নাই। মূৰৰ ওপৰত কেৱল বিৰাট একোটা ঢৌ। লুই ৰেনগিফোলৈ মনত পৰিল। আটিল চেহেৰা, দক্ষ সাঁতোৰবিদ। তথাপি দুই মিটাৰৰ দূৰত্ব অতিক্ৰম কৰি বোটত উঠিবলৈ সক্ষম নহ'ল। মই দিশহাৰা হৈ পৰিলোঁ। ভুল পথেৰে সাঁতুৰিছোঁ, ভুল দিশলৈ চাইছোঁ। মোৰ পিছফালে মাত্ৰ এক মিটাৰ আঁতৰতে ঢৌত নাচি আছে বোটখনে। মই পাগলৰ দৰে হাত-ভৰি মাৰিবলৈ ধৰিলোঁ। ইমান কাষতে বোটখন, তথাপি এনে লাগিল যে এই দূৰত্ব অনন্ত। ইমানে ভয় খাইছিলোঁ যে একেজাঁপে বোটত উঠি ফোঁপাই ফোঁপাই পৰি ৰ'লোঁ। হৃৎপিণ্ড ধপ্‌ধপ্ কৰিছে। কষ্ট, নিশ্বাস ল’বলৈ।

 মোৰ সৌভাগ্যৰ তৰা

 নিজৰ ভাগ্যক লৈ মোৰ কোনো আক্ষেপ-অভিযোগ নাই। বোটখন যদি সন্ধিয়া পাঁচ বজাত লুটি খালেহেঁতেন, হাঙৰবোৰে মোক টুকুৰা-টুকুৰ কৰিহে ক্ষান্ত হ'লহেঁতেন। কিন্তু মাজনিশা সিহঁত শান্ত, বিশেষকৈ সমুদ্ৰ যেতিয়া অস্থিৰ।

 হাঙৰে কামুৰি ছিঙা ব’ঠাপাটকে ধৰি বোটৰ ওপৰত বহিলোঁ। সকলো ইমান দ্ৰুততাৰে ঘটি গ'ল যেন ঘটনাটো ভ্ৰমহে। মনত পৰিল, পানীত পৰাৰ সময়ত মোৰ মূৰত ব’ঠা এপাটেৰে খুন্দা লাগিছিল। ডুবাৰ আগমুহূৰ্তত মই সেইপাটকে খামোচ মাৰি

৬২