পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমি আমাৰ অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ লুই আলজেন্দ্ৰো ভেলাছকোৰ পৰা জানি ল'লোঁ কোন কোন নাৱিকৰ সৈতে কেমেৰা আছিল। যদিও তেওঁলোকৰ বেছিভাগেই দেশৰ বিভিন্ন অঞ্চলত ছুটী কটাইছিল, তেওঁলোকক আমি বিচাৰি উলিয়ালোঁ আৰু অৰ্থৰ বিনিময়ত সংগ্ৰহ কৰিলোঁ সেইসমূহ ফটো— যিবোৰ তেওঁলোকে ডেষ্ট্ৰয়াৰৰ যাত্ৰাকালত তুলিছিল। এসপ্তাহ পাছতে এক বিশেষ পৰিপূৰিকাত সেই ফটোসহ সম্পূৰ্ণ কাহিনীটো একত্ৰে প্ৰকাশ পালে। মাজসাগৰত তোলা ফটোত দেখা গ'ল দলবদ্ধ নাৱিকসকলৰ পিছফালে সেই চোৰাং পণ্যদ্ৰব্যৰ বাকচসমূহ, য'ত কাৰখানাৰ লেবেলপৰ্যন্ত লগোৱা আছিল। একনায়কত্ববাদী শাসকে আমাক প্ৰত্যুত্তৰ দিলে তীব্ৰ প্ৰতিশোধপৰায়ণ মনোবৃত্তিৰে। এমাহৰ ভিতৰতে বন্ধ কৰি দিবলগীয়া হ’ল কাকতখন। কিন্তু তীব্ৰ হেঁচা, ভাবুকি আৰু প্ৰলোভন সত্ত্বেও লুই আলজেন্দ্ৰো ভেলাছকোৱে কাহিনীটোৰ এটা শব্দও উঠাই নল'লে। তেওঁ নৌবাহিনী ত্যাগ কৰিবলগীয়া হ'ল— যিটো তেওঁৰ আছিল একমাত্ৰ জীৱিকা আৰু অচিৰেই মানুহৰ দৈনন্দিন জীৱনৰ পৰা বিস্মৃতিৰ গৰ্ভত বিলীন হৈ গ'ল। দুবছৰ পাছত একনায়কত্বৰ অন্ত পৰিল, কলম্বিয়াৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিলেও পূৰ্বতকৈ সামান্যহে উন্নতৰ আছিল। মই তেতিয়া পেৰিছত যাযাবৰী জীৱন অতিবাহিত কৰিছিলোঁ। সেয়া যেন আছিল সাগৰত দিক্‌বিদিক হেৰুওৱা বোটখনৰ দৰেই। সেই সময়ত কোনেও উক্ত নাৱিকজনৰ শুংসূত্ৰ পোৱা নাছিল। কেইমাহমান পাছত এজন পৰিব্ৰাজক সাংবাদিকে তেওঁক এটা বাছ কোম্পানীৰ কৰ্মচাৰীৰ চকীত আৱিষ্কাৰ কৰিলে। মই সেই ফটোখন দেখিছিলোঁ। তেওঁক যথেষ্ট বৃদ্ধ আৰু থূলকায় যেন দেখা গৈছিল। বহু দূৰৈত তেওঁ এৰি থৈ আহিছে অতীত জীৱন, তেওঁৰ নায়কোচিত ভাবমূৰ্তিৰ জ্যোতি এতিয়া নিৰ্বাপিত। যোৱা ১৫ বছৰ ধৰি এই কাহিনীটো দ্বিতীয়বাৰৰ বাবে পঢ়া নাছিলোঁ। এতিয়া ইয়াক কিতাপ হিচাপে প্ৰকাশ কৰিব খোজা হৈছে, কিন্তু মই বুজিব পৰা নাই, প্ৰকাশৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা কিমান। মই হতাশ হৈছিলোঁ এইবাবেই যে প্ৰকাশকে কাহিনীৰ মূল্যতকৈ কাহিনীকাৰৰ নামটোৰ মূল্যহে অধিক বুলি বিবেচনা কৰিছিল। ইয়ে মোক দুখো দিছিল। মই কোনো ভবা-চিন্তা নকৰাকৈ মান্তি হ'লোঁ আৰু কাহিনীটো কিতাপৰ ৰূপত প্ৰকাশ পালে— কিয়নো নিজৰ কথাত খামোচ মাৰি ধৰি থকা মানুহ মই নহওঁ।

গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে'জ
বাৰ্চিলোনা, ফেব্ৰুৱাৰী, ১৯৭০