গল্পটোৰ গল্প
১৯৫৫ চন, ২৮ ফেব্ৰুৱাৰী। কলম্বিয়ান নৌ বাহিনীৰ এখন ডেষ্ট্ৰয়াৰ কালডাছ কেৰিবিয়ান সাগৰত ধুমুহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পায়— য'ত জাহাজখনৰ আঠজন নাৱিক নিৰুদ্দেশ হোৱাৰ কথা জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামা প্ৰদেশৰ মবিল নামৰ বন্দৰত মেৰামতি কৰাৰ পাছত জাহাজখন উভতি আহিছিল কলম্বিয়াৰ বন্দৰ কাৰ্টেজেনালৈ। কিন্তু যাত্ৰাৰ দুঘণ্টাৰ পাছতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। লগে লগে উদ্ধাৰ অভিযান চলোৱা হ’ল, সহযোগ কৰিলে ইউ এছ পানামা চেনেল অথৰিটী আৰু অন্যান্য বেচৰকাৰী সংস্থাই। চাৰি দিন পাছত উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হ’ল আৰু নিৰুদ্দিষ্ট নাৱিককেইজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হ'ল। কিন্তু এসপ্তাহ পাছত অৰ্ধমৃত অৱস্থাত উত্তৰ কলম্বিয়াৰ এখন পৰিত্যক্ত তীৰত উদ্ধাৰ কৰা হ’ল এজন নিৰুদ্দিষ্ট নাৱিকক। এখন ‘লাইফ বোট’ত খাদ্য আৰু পানী নোহোৱাকৈ দহ দিন কটোৱাৰ পাছত নাৱিকজন আহি অৱশেষত পাৰ পাবলৈ সক্ষম হৈছিল। তেওঁৰ নাম আছিল লুই আলজেন্দ্ৰো ভেলাছকো। তেওঁলোকে যিদৰে বৰ্ণনা কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি মই সংবাদধৰ্মীভাৱে পুনৰ্নিৰ্মাণ কৰি লিখি উলিয়াইছোঁ এই কিতাপখন। ৰচনাৰ এমাহ পাছত বোগোটাৰ পৰা প্ৰকাশিত ‘এল প্ৰছপেক্টাড’ৰ নামৰ কাকতত প্ৰকাশ পাইছিল এই কাহিনীটো।
তেওঁৰ এই দুঃসাহসিক অভিযানৰ প্ৰতিটো মুহূৰ্তক আমি বহু পৰিশ্ৰমেৰে পুনৰ নিৰ্মাণ কৰি উলিওৱা এই কাহিনীটোৱে যে এদিন তেওঁক দেশজোৰা সন্মান আনি দিব আৰু মোলৈ আনিব জীৱনৰ ভাবুকি, সেই কথা নাৱিক বা মই-আমি কোনেও জনা নাছিলোঁ। সেই সময়ত কলম্বিয়াত জেনেৰেল গুস্তাভো ৰোজাছ পিনিলাৰ একনায়কত্ববাদী শাসন চলি আছিল। তেওঁৰ শাসনকালত দুটা ভয়ংকৰ ঘটনাৰ ভিতৰত এটা আছিল ৰাজধানী চহৰত শান্তিপূৰ্ণ বিক্ষোভৰ পাছতো ছাত্ৰসকলক সেনাৰ দ্বাৰা গুলীয়াই হত্যা আৰু আনটো ঘটনাত গুপ্ত আৰক্ষীৰ দ্বাৰা দেওবৰীয়া ষাঁড়যুঁজৰ অসংখ্য দৰ্শকক গুলীয়াই হত্যা কৰা হৈছিল। কিয়নো এইসকল দৰ্শকে যুঁজথলীত স্বেচ্ছাসেৱী শাসকগৰাকীৰ কন্যাক বিৰোধ কৰি মন্তব্য কৰিছিল। সংবাদ মাধ্যমক নাকী লগোৱা