পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছিল। কেৱল তেওঁলোকে বাতৰি প্ৰকাশৰ অধিকাৰ পাইছিল, যিয়ে কেৱল পঢ়ুৱৈক সস্তীয়া মনোৰঞ্জন দিবলৈ অৰাজনৈতিক বাতৰিহে ছপা কৰিছিল। এল প্ৰছপেক্টাডৰ’ত এই মহান কামফেৰা সম্পন্ন কৰাৰ দায়িত্ব লৈছিল সঞ্চালক গুইলেৰমো কানো, মুখ্য সম্পাদক জোছ ছালগাৰ আৰু ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে মই। আমি কোনেও ত্ৰিছ বয়স অতিক্ৰম কৰা নাছিলোঁ।

 লুই আলজেন্দ্ৰো ভেলাছকোৱে কিছু অৰ্থৰ বিনিময়ত তেওঁৰ নিজৰ কাহিনীটো ক’বলৈ মান্তি হ’ল। আমি এই কাহিনীটো নতুনকৈ সজাই প্ৰকাশ কৰিব বিচাৰিছিলোঁ। কিন্তু সেনা বিভাগে তেওঁক মানুহৰ পৰা আঁতৰাই ৰাখিছিল নৌ বাহিনীৰ এখন চিকিৎসালয়ত শুশ্ৰূষা কৰাৰ নামত। কেৱল সেইসকল সাংবাদিককহে তেওঁক সাক্ষাতৰ অনুমতি দিয়া হৈছিল, যিসকল আছিল চৰকাৰৰ সমৰ্থক। কিন্তু এজন বিৰোধী সাংবাদিকেহে দুঃসাহসেৰে চিকিৎসকৰ ছদ্মৱেশ সাজি প্ৰৱেশ কৰিছিল সেই চিকিৎসালয়খনত। ইতিমধ্যে ভেলাছকোৰ কাহিনীটো বহুবাৰ বহু ঠাইত প্ৰকাশ পাইছে। কিন্তু সেই অতিৰঞ্জিত উদ্ভট-অস্বাভাৱিক কাহিনীবোৰ পঢ়ি পঢ়ি পঢ়ুৱৈ ক্লান্ত হৈ পৰিছিল। ইফালে কাহিনীৰ নায়কজন পৰিণত হৈছিল ৰূপকথাৰ নায়কত— যিয়ে ভুমুকি মাৰিছিল ঘড়ীৰ বিজ্ঞাপনত ( কিয়নো সেই সাগৰীয় বিপৰ্যয়তো নষ্ট হোৱা নাছিল তেওঁৰ ঘড়ীটো ), ভুমুকি মাৰিছিল জোতাৰ বিজ্ঞাপনত ( কিয়নো তেওঁ ক্ষুধা নিবৃত্তিৰ অৰ্থে সেই জোতা ফালি উলিয়াবলৈ সক্ষম নহয় ) আৰু তেওঁ বহু প্ৰচাৰৰ কামতো নায়ক হিচাপে ভুমুকি মাৰিছিল। সকলো ধৰণে তেওঁক সজাই তোলা হৈছিল। ৰেডিঅ’ত উদাত্তকণ্ঠে দেশপ্ৰেমমূলক ভাষণ দিবলৈ কোৱা হৈছিল, টিভিত তেওঁক দেখুওৱা হৈছিল ভৱিষ্যৎ প্ৰজন্মৰ আদৰ্শ হিচাপে আৰু ফুলেৰে সজাই গান-বাজনা কৰি তেওঁক গোটেই দেশতে ঘূৰাই ফুৰোৱা হৈছিল। ৰাজহুৱাভাৱে তেওঁক চুম্বন কৰিছিল সুন্দৰী ৰমণীসকলে। তেওঁৰ সৌভাগ্যৰ দুৱাৰ খোল খাই গৈছিল। তেওঁ আমাৰ ওচৰলৈ আহি ওলাইছিল কোনোধৰণৰ আমন্ত্ৰণ অবিহনে— যদিও প্ৰথমাৱস্থাত আমি তেওঁৰ কাষ চাপিবলৈ বহু চেষ্টা কৰিছিলোঁ। তেতিয়ালৈ তেওঁৰ নতুনকৈ ক'বলগীয়া একো নাছিল। টকাৰ বিনিময়ত তেওঁৰ কাহিনী কোৱা শেষ হৈ গৈছে। ইফালে চৰকাৰেও তেওঁৰ মুখত বান্ধি থৈছে লেকাম। তেওঁক আমি বিদায় দিছিলোঁ। কিন্তু ( কাৰ্যালয়ৰ পৰা নামি যাওঁতে ) চিৰিত মুখামুখি হ'ল গুইলেৰমো কেনোৰে, কেনোৱে তেওঁৰ চৰ্তবোৰ মানি ল’লে আৰু শোধাই দিলে মোৰ হাতত-- যেন এটা বোমাহে তুলি দিলে।

 এই সুঠাম চেহেৰাৰ ডেকাজনক দেখি প্ৰথমে মই হতবাক হৈ পৰিছিলোঁ। এগৰাকী জাতীয় নায়কৰ সলনি তেওঁক ট্ৰামপেট বজোৱা মানুহ যেনহে লাগিছিল, কিন্তু তাৰ আছিল কথা কোৱাৰ অপূৰ্ব দক্ষতা। প্ৰখৰ স্মৃতি আৰু বিশ্লেষণ ক্ষমতা আছিল অকল্পনীয়।