পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁ নিজৰ বীৰত্বক লৈ কৌতুক কৰিবও জানিছিল। মই দিনে ছঘণ্টাকৈ কুৰিটা দিন তেওঁৰ সৈতে কাহিনীটো সন্দৰ্ভত আলোচনা কৰিছিলোঁ। তেওঁৰ দহদিনীয়া অভিযানৰ বিৰল অভিজ্ঞতা যাতে সঠিক তথ্যৰে প্ৰকাশ পায়, সেইবাবে তেওঁক বাৰে বাৰে স্ববিৰোধ কথাসমূহ সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ আৰু সকলো উত্তৰেই মই টুকি ৰাখিছিলোঁ। পঢ়ুৱৈৰ বিশ্বাসযোগ্য হ’বলৈ কাহিনীটোৰ খুঁটি-নাটিক মই গুৰুত্ব দিছিলোঁ আৰু যত্ন কৰিছিলোঁ কৌতূহল উদ্দীপক কৰি তুলিবলৈ। সেইবাবেই কাহিনীটো প্ৰথম পুৰুষত লিখি উলিয়াইছিলোঁ আৰু তাতে তেওঁৰ দ্বাৰা স্বাক্ষৰ কৰাই লৈছিলোঁ। কিতাপ হিচাপে প্ৰকাশ কৰোঁতেহে মোৰ নামটো লেখকৰূপে উল্লেখ কৰা হ'ল।

 দ্বিতীয়তে মোৰ বাবে আশ্চৰ্যকৰ কথা আছিল এয়ে যে আমাৰ বৈঠকৰ চতুৰ্থ দিনা মই যেতিয়া লুই আলজেন্দ্ৰো ভেলাছকোক ধুমুহাৰ কাৰণ কি আছিল সুধিলোঁ, তেতিয়া তেওঁ ধুমুহাৰ কথা অস্বীকাৰ কৰিলে। তেওঁৰ উত্তৰ মোৰ বাবে আছিল সোণৰ সমান মূল্যৱান, তেওঁ হাঁহি মাৰি কৈছিল— ‘সিদিনা কোনো ধুমুহা নাছিল।’

 হয়, সেয়াই সত্য আছিল। বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছিল যে ফেব্ৰুৱাৰী মাহৰ সেইদিনা কেৰিবিয়ান উপসাগৰ আছিল শান্ত আৰু পৰিষ্কাৰ। কিন্তু সেই সত্য তেতিয়া লুকুৱাই ৰখা হৈছিল, গভীৰ সাগৰত জাহাজখনৰ বিপৰ্যয় আৰু আঠজনকৈ নাৱিক তথা মালবস্তু উটি যোৱাৰ পাছতো। তেওঁৰ এই প্ৰকাশে তিনিটা গুৰুতৰ আইন উলংঘাৰ ঘটনা স্পষ্ট কৰি তুলিছিল— প্ৰথম, ডেষ্ট্ৰয়াৰখনক অবৈধভাৱে মালবাহী জাহাজ হিচাপে ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয়তে, জাহাজখনৰ অতিৰিক্ত ওজনৰ বাবেই সাগৰত পতিত হোৱা নাৱিকসকলক উদ্ধাৰ কৰিব পৰা নগ’ল আৰু তৃতীয়তে, কঢ়িয়াই অনা সেই মালবস্তুবোৰ আছিল চোৰাং পণ্যদ্ৰব্য, ৰেফ্ৰিজাৰেটৰ, টেলিভিছন ছেট আৰু ৱাশ্বিং মেচিন। স্পষ্ট কথাত ডেষ্ট্ৰয়াৰৰ জৰিয়তে চোৰাংভাৱে চলা এই সৰবৰাহৰ ঘটনাই নৈতিক আৰু ৰাজনৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত এক ব্যৱস্থাক প্ৰথমবাৰৰ বাবে উদঙাই তুলিলে।

 এই কাহিনীটোক একেৰাহে চৈধ্য দিন ধাৰাবাহিক ৰূপত প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত চৰকাৰে এই সাহিত্যকৰ্মক প্ৰশংসা কৰিছিল যদিও পাছত যেতিয়া গোপন সত্যবোৰ ওলাই পৰিল, তেতিয়া চৰকাৰে লৰা-ঢপৰা আৰম্ভ কৰিলে। উঠি-পৰি লাগিল ধাৰাবাহিকখনৰ প্ৰকাশ বন্ধ কৰিবলৈ। ইতিমধ্যে কাকতৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছিল আৰু পঢ়ুৱৈসকলে পুৰণি সংখ্যাবোৰ বিচাৰি অফিচৰ সমুখত হেতা-ওপৰা লগাইছিল। আন সকলো কলম্বিয়ান চৰকাৰৰ দৰেই একনায়কত্ববাদী চৰকাৰখনো সত্যক বিকৃত কৰাৰ ক্ষেত্ৰত আছিল সিদ্ধহস্ত। তেওঁলোকে এক ‘পবিত্ৰ’ বিবৃতিৰ জৰিয়তে অস্বীকাৰ কৰি ক'লে যে ডেষ্ট্ৰয়াৰে কোনো চোৰাং মাল কঢ়িওৱা নাছিল।