ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/উদ্ধাৰকাৰী জাহাজ আৰু নৰভক্ষীৰ দ্বীপ

ৱিকিউৎসৰ পৰা

[ ৪৪ ]

ছয়

উদ্ধাৰকাৰী জাহাজ

আৰু নৰভক্ষীৰ দ্বীপ

 প্ৰথমে মই দিনবোৰ ঘটনাবোৰৰ ওপৰত আধাৰ কৰি হিচাপ কৰিছিলোঁ, ২৮ ফেব্ৰুৱাৰী দুৰ্ঘটনাৰ দিন। দ্বিতীয় দিনটো উৰাজাহাজবোৰৰ। তৃতীয় দিন সবাতোকৈ কঠিন, বিশেষ একোৱেই নঘটিল। বোটখন বতাহত আগুৱাইছে। থিয় হোৱাৰো মোৰ শক্তি নাই। আকাশ মেঘেৰে আৱৰা। শীতো পৰিছে। অধৈৰ্য হৈ পৰিছোঁ মই। সূৰ্যৰ দেখাদেখি নাই। যদি উদ্ধাৰকাৰী বিমান আহে, মই উমানেই নাপাম কোন দিশৰ পৰা আহিছে।

 বোটখনৰ আগো নাছিল, গুৰিও নাছিল। ঠিক চতুৰ্ভুজৰ দৰে, কোন পিনেৰে চলে বুজিব নোৱাৰি। যিহেতু দশোদিশে কেৱল পানী, পিছ পেলাই আহিবলৈ একো দিকচিহ্ন নাই। গতিকে বুজা নাযায়, আগেই বাঢ়িছোঁ নে পিছুৱাই আহি আছোঁ। এয়াও বুজা নাই, বোটখন সৰলৰৈখিকভাৱে আগবাঢ়িছে নে বক্ৰাকাৰে গতি কৰিছে। তৃতীয় দিনটোৰ পাছত সময় লৈও একেই সমস্যা হ’ল।

 দুপৰীয়া মই এটা কাম কৰিলোঁ। প্ৰথমতে এপাট ব’ঠা আঁতৰাই দিলোঁ। দ্বিতীয়তে বোটৰ ওপৰত চাবিপাটেৰে আঁচ টানি দিনবোৰ চিহ্নিত কৰিলোঁ। প্ৰথম আঁচটোৰ নাম ২৮, দ্বিতীয় আঁচৰ নাম ২৯। তাৰ পাছত ৩০। কিন্তু মোৰ ভুল হৈ গ'ল। মই ভাবিছিলোঁ এইটো ৩০ মাৰ্চৰ দিন, কিন্তু ২য় মাৰ্চহে। চতুৰ্থদিনাহে ভুলটো ধৰিব পাৰিলোঁ। সৰু ভুল, কিন্তু এই ভুলটোৱে মোক সময় সম্পৰ্কত বিভ্ৰান্তিৰ মুখলৈ ঠেলি দিলে। চতুৰ্থদিনা মোৰ আউল লাগিল— আচলতে মই সমুদ্ৰত কিমান দিন কটালোঁ। তিনি দিন? চাৰি দিন? নে পাঁচ দিন? মোৰ চিহ্ন অনুযায়ী তিনি দিন। এইটো ফেব্ৰুৱাৰী নে মাৰ্চ মোৰ একো আহে নাযায়।

 এতিয়াও পেটত খুদকণ এটাও পৰা নাই। পানীৰ টোপাল এটাও পোৱা নাই খাবলৈ। ৰ’দত গাৰ ছাল ডেই গৈছে। পানীজোলা ফুটিছে। নৌ কেন্দ্ৰৰ প্ৰশিক্ষকে [ ৪৫ ] পৰামৰ্শ দিছিল যাতে কোনো কাৰণতে হাঁওফাওত সূৰ্যৰ ৰশ্মিয়ে আঘাত নকৰে। মই তিতা কামিজটো খুলি থৈছোঁ, বান্ধি লৈছোঁ কঁকালত। তিনি দিন ধৰি পানী খাবলৈ পোৱা নাই। সেইবাবে ঘামো বিৰিঙিব পৰা নাছিল দেহৰ পৰা। ডিঙি, বুকু, কান্ধৰ হাড়ত বিষ অনুভৱ কৰিছোঁ। চতুৰ্থ দিনা সাগৰৰ সামান্য পানীৰে ডিঙিটো তিয়াই ল’লোঁ। তৃষ্ণা নমৰে, তথাপি তৃপ্তি পালোঁ। ইমান সময় ধৰি মই পানী এইবাবেই নোখোৱাকৈ আছিলোঁ— যাতে দ্বিতীয়বাৰ মই আৰু কমকৈ খাওঁ। তাকো কেইবাঘণ্টাৰ মূৰকত।

 মোক অবাক কৰি দি প্ৰতিদিনে ঠিক পাঁচ বজাৰ লগে লগে হাঙৰবোৰ আহি ওলায়। বোটৰ চৌপাশে ভোজসভা আৰম্ভ হৈ যায়। বিয়াগোম একোটা মাছ শূন্যলৈ উঠি আহে। খন্তেক পাছতে দেখা যায় সিহঁতৰ দেহৰ খণ্ডিত টুকুৰাবোৰ। ক্ষিপ্ত হাঙৰবোৰে নিঃশব্দে ৰক্তাক্ত পানীৰ ওপৰত ভাঁহি উঠে। ভাগ্য ভাল, এতিয়াও সিহঁতে বোটখনক আক্ৰমণ কৰা নাই, চেষ্টা কৰা নাই ভাঙি পেলোৱাৰ। কিন্তু সিহঁতক বোটৰ শুভ্ৰ ৰংটোৱে নিশ্চয়কৈ আকৰ্ষণ কৰিছে। সকলোৰে বিশ্বাস যে বগাৰঙী বস্তু দেখিলেই হাঙৰ হিংস্ৰ হৈ উঠে। হাঙৰৰ দৃষ্টি উজ্জ্বল নহয়। সিহঁতে বগা আৰু জিকমিকাই থকা বস্তুহে ভালদৰে দেখা পায়। মোৰ মনত পৰিল, প্ৰশিক্ষকে কৈছিল— ‘হাঙৰৰ চকুত যাতে নপৰে, সকলো উজ্জ্বল বস্তু লুকুৱাই ৰাখিবা।’

 মোৰ অৱশ্যে তেনে একো বস্তু লগত নাই। ঘড়ীটো ক’লা। ডায়েলখনো ক’লা। যদি মোৰ সৈতে কিবা বগা বস্তু থাকিলহেঁতেন, বৰ ভাল হ’লহেঁতেন। হাঙৰে বোটত উঠিবলৈ চেষ্টা কৰিলে মই তাক খুন্দিয়াই দূৰলৈ ঠেলি পঠালোহেঁতেন। চতুৰ্থদিনাৰ পাছত, প্ৰতি সন্ধিয়া পাঁচ বজাৰ পাছত হাতত ব’ঠা সাজু হৈ থাকো— যাতে আত্মৰক্ষা কৰিব পৰা যায় হাঙৰৰ আক্ৰমণৰ পৰা।

 জাহাজ এখন দেখা গৈছে

 নিশা বোটৰ ওপৰত এপাট ব’ঠা থৈ টোপনিওৱাৰ চেষ্টা কৰিলোঁ। চকু মুদিলেই কিয় জানো বাৰে বাৰে জেমক দেখিবলৈ পাওঁ। তেতিয়া প্ৰায়ে তাৰ সৈতে কথা পাতোঁ। তাৰ পাছত সি অদৃশ্য হৈ যায়। তাৰ এই অশৰীৰী উপস্থিতিত মই লাহে লাহে অভ্যস্ত হৈ পৰিলোঁ।

 দিনত সূৰ্যটো থাকিলে ভাব হয় মই কিজানি টোপনিৰ নিচাত সপোন দেখিছোঁ, কিন্তু ৰাতি তেনে কোনো সন্দেহ নহয়। ভাব হয়, জেম মোৰ সৈতে বোটতে আছে। পঞ্চমদিনা সিও শুবলৈ চেষ্টা কৰিছিল। চুপে চাপে বিশ্ৰাম লৈছিল আনপাট ব’ঠাত মূৰ থৈ। হঠাৎ সাগৰৰ বুকুত সি কিবা এটা বিচাৰিবলৈ ধৰিলে। ক’লে— ‘চোৱা, চোৱা।’ [ ৪৬ ] মই চালোঁ। বোটৰ পৰা কমেও ত্ৰিছ কিলোমিটাৰ দূৰত বতাহ বলা দিশত লাইটৰ ঢিমিক-ঢামাক পোহৰ। জাহাজৰ পোহৰ। যি নহওক, এতিয়া দেহত কিছু শক্তি আছে আৰু কেইঘণ্টামান একেৰাহে ব’ঠা মাৰিব পাৰিম। পোহৰলৈ লক্ষ্য কৰি নিজক আত্মবিশ্বাসী কৰি তুলি ব’ঠা মাৰিবলৈ আৰম্ভ কৰি দিলোঁ। জাহাজখনো লাহে লাহে আগুৱাই আহিছে। এটা মুহূৰ্তৰ বাবে মই মাস্তুলৰ ছাঁও দেখিবলৈ পালোঁ। দেখিলোঁ পুৱাৰ প্ৰথম পোহৰত চলমান জাহাজখনৰ চলমান ছায়াময় ৰূপ।

 বতাহে মোক বাৰে বাৰে বাধা দিছে। সৰ্বশক্তিৰে মই ব’ঠা মাৰিছোঁ। চাৰি দিন অনাহাৰৰ পাছত। কিন্তু মই যেন কোনোমতে আগুৱাব পৰা নাই।

 লাহে লাহে পোহৰবোৰ দূৰলৈ আঁতৰি যাবলৈ ধৰিলে। মই ভয়ত ঘামি গ'লোঁ। ভাগি গ'ল মনোবল। বিছ মিনিট পাছত একেবাৰেই অদৃশ্য হৈ গ'ল পোহৰবোৰ। তৰাবোৰো নুমাই গ'ল। আকাশৰ গভীৰত ধূসৰ আভা, মাজসমুদ্ৰত অকলে মই। ব’ঠা দুপাট এৰি দি, শীতল বতাহৰ খোঁচৰ মাজত উন্মাদৰ দৰে মই আৰ্তনাদ কৰিবলৈ ধৰিলোঁ ৷

 এটা সময়ত সূৰ্য ওলাল। ব’ঠাত মূৰ থৈ ময়ো বিশ্ৰাম ল’লোঁ। একেবাৰে হতবাক হৈ পৰিছোঁ। উদ্ধাৰৰ হয়তো কোনো আশা নাই। মৃত্যুৰ বাবে অপেক্ষা কৰাৰ বাদে আৰু মোৰ কি আছে। ঠিক তেতিয়াই এটা ভয়ংকৰ চিন্তা মনলৈ আহিল। মই যেন শক্তি ঘূৰাই পালোঁ।

 পঞ্চমদিনা পুৱা মই বোটৰ বিপৰীত দিশে নিবলৈ চেষ্টা কৰিলোঁ। ভাব হ’ল বতাহ যি দিশেৰে বলিছে, সেই পথেৰে গ'লে মই নৰভক্ষীসকলৰদ্বীপত গৈ উপস্থিত হ’ম। মবিলত থকা সময়ত কিবা এখন আলোচনীতে পঢ়িছিলোঁ যে এখন ডুব যোৱা জাহাজৰ নাৱিকক নৰভক্ষীসকলে কিদৰে খাই পেলাইছিল। দুবছৰ আগতে মই পঢ়িছিলোঁ, 'The Rene gade Sailor' নামৰ এখন কিতাপ। যুদ্ধৰ সময়ত এখন জাহাজ মাইনত আঘাত কৰাৰ পাছত কোনোমতে সাঁতুৰি গৈ ওচৰৰ এটা দ্বীপত উঠিছিল। তাতে ২৪ ঘণ্টা বনৰীয়া ফল-মূল খাই বাচি আছিল। পাছত নৰখাদকসকলে তেওঁক বিচাৰি পালে। উতলি থকা পানীত পেলাই জীৱন্তে নাৱিকজনক সিহঁতে ৰান্ধিছিল। সেই দ্বীপৰ কাহিনী মোৰ মনৰ মাজত ৰৈ গৈছে। নৰখাদকবোৰৰ দেশৰ কথা বাদ দি মই আৰু কোনো পাৰৰ কথাই মনত পেলাব নোৱৰা হ'লোঁ। অকলে এই পঞ্চমদিনা সমুদ্ৰত মই ভয়ত শেঁতা পৰি গ'লোঁ। সমুদ্ৰকো মই ইমান ভয় কৰা নাই, যিমান কৰিছোঁ সমুদ্ৰ তীৰলৈ।

 দুপৰীয়া পোনে দুই বজাত মই তেতিয়া বোটৰ ওপৰত বিশ্ৰাম লৈ আছিলোঁ। সূৰ্যৰ তাপত ভোক-পিয়াহত স্তিমিত হৈ পৰিছোঁ। দিন সময় ধাৰণা কৰিব পৰা শক্তি নোহোৱা [ ৪৭ ] হৈছে। নিজৰ শক্তি পৰীক্ষা কৰিবলৈ উঠি থিয় হ'বলৈ চেষ্টা কৰিলোঁ। কিন্তু শৰীৰটো লৰচৰ কৰিব পৰা নাছিলোঁ।

 এয়াই সেই সময়। সকলোৰে শেষত ভয়ংকৰ মুহূৰ্ত। শিক্ষকে আমাক আগতে কৈছিল— এনে সময়ত বোটৰ সৈতে নিজকে বান্ধি ল’ব লাগে। এয়াই সেই মুহূৰ্ত— য'ত ক্ষুধাৰো অনুভূতি নাই। তৃষ্ণাৰো অনুভূতি নাই। আনকি সূৰ্যৰ তাপৰ পোৰণিও নাই দেহত। চিন্তাশক্তিও স্তব্ধ হৈ গৈছে। নাই কোনো অনুভূতি। কিন্তু আশা এৰি নিদিওঁ। শেষ চেষ্টা চলাব লাগিব। তলৰ ব’ঠাবোৰ আঁতৰাই বোটৰ সৈতে নিজক বান্ধি পেলাবই লাগিব। যুদ্ধৰ সময়ত এনেধৰণৰ অলেখ মৃতদেহ পোৱা গৈছিল। গেলি-পচি গৈছে। চৰায়ে খাইছে। তথাপি বোটৰ সৈতে বন্ধা আছে শৰীৰ।

 নিজক বোটৰ সৈতে বন্ধাৰ আগতে মনত প্ৰত্যয় জন্মিল, মোৰ যেন ৰাতিটোপৰ্যন্ত অপেক্ষা কৰাৰ শক্তি এতিয়াও আছে। কান্ধপৰ্যন্ত তলত ৰাখি আৰু কেইঘণ্টামান নিঃসাৰে পৰি ৰ'লোঁ। ৰ'দৰ তাপ, আঁঠুৰ ঘাই যন্ত্ৰণা দিছে। মই যেন পুনৰ জাগি উঠিলোঁ। দেহৰ এই যন্ত্ৰণাই মোক বাচি থকাৰ নতুন আকাংক্ষা জগাই তুলিছে। পানীৰ শীতল স্পৰ্শত ধীৰে ধীৰে মই শক্তি ওভতাই পালোঁ। ঠিক পেটত এক অসহ্যকৰ আলোড়ন অনুভৱ কৰিলোঁ। অবিৰত গুৰগুৰণি শব্দ, তাৰ পাছত পায়খানাৰ ইচ্ছা হ’ল। চেপি ৰখাৰ চেষ্টা চলালোঁ। কিন্তু নোৱাৰিলোঁ। বহু কষ্টৰে বহিলোঁ, বেল্ট খুলি পেণ্টটো সোলকালো। পাঁচ দিনৰ মূৰকত এই প্ৰথম খালাচ কৰিলোঁ। আৰু এই প্ৰথম মাছবোৰে অস্থিৰভাৱে বোটৰ গাত খুন্দিয়াবলৈ ধৰিলে। শকত ৰছীৰ জালৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে মাছবোৰে।

 সাতটা গঙাচিলনী

 ওচৰতে এটা উজ্জ্বল মাছ দেখি মোৰ ক্ষুধাৰ তাড়না বাঢ়ি গ'ল। বাঢ়ি গ'ল মোৰ অস্থিৰতা। এয়া কাষতেই দেখোন খাদ্য। নিমিষতে মোৰ ক্লান্তি দূৰ হৈ গ'ল। হাতত এপাট ব’ঠা তুলি ল'লোঁ, দেহৰ অৱশিষ্ট শক্তিক সাৰথি কৰি, নাওৰ কাষত জঁপিয়াই থকা এটা খঙাল মাছৰ মূৰটোলৈ লক্ষ্য কৰি সাজু হ'লোঁ। নাজানো কিমানবাৰ লক্ষ্য লৈ আঘাত হানিলোঁ। কিন্তু এনে লাগিল, প্ৰতিবাৰেই দেখোন সঠিক স্থানতে আঘাত লাগিছে। কিন্তু মোৰ পোৰা কপাল। প্ৰতিবাৰে হাঙৰে তুলি লৈ যায় মোৰ সুস্বাদু চিকাৰ।

 হাঙৰটোৰ উপস্থিতিৰ বাবে মোৰ লক্ষ্যভ্ৰষ্ট হ’ল। হতাশ হৈ শুই পৰিলোঁ। কিছু সময় পাছত আচৰিত হৈ দেখিলোঁ— বোটৰ ওপৰত সাতটা গঙাচিলনী উৰি ফুৰিছে।

 সমুদ্ৰৰ বুকুত পথভ্ৰষ্ট, নিসংগ আৰু ক্ষুধাৰ্ত নাৱিকৰ বাবে এয়া আশাৰ বতৰা। [ ৪৮ ] সাধাৰণতে সমুদ্ৰ যাত্ৰাৰ মুহূৰ্তত জাহাজে যেতিয়া বন্দৰ এৰে, কমেও দুদিনলৈ জাহাজৰ সৈতে একেলগে গঙাচিলনী উৰা দেখা যায়। এই সাতটা গঙাচিলনী একেলগে দেখি ভাব হ’ল, নিশ্চয় ওচৰতে মাটি আছে।

 যদি শক্তি থাকিলহেঁতেন, তেন্তে নিশ্চয় মই ব’ঠা মাৰিলোহেঁতেন। কিন্তু ভীষণ দুৰ্বল মই। ভৰিত ভৰ দি থিয় হোৱাৰ শক্তি মোৰ নাই। মই নিশ্চিত, পাৰৰ পৰা অন্ততঃ দুটা দিনৰ আঁতৰত আছোঁ। হাতৰ চলুত লৈ পুনৰ সমুদ্ৰৰ পানী খালোঁ। তাৰ পাছত দেহটো এৰি দিলোঁ বোটত। এনেদৰে শুলোঁ— যাতে সূৰ্যৰ তাপে হাঁওফাওৰ ক্ষতি কৰিব নোৱাৰে। কামিজটোৰে কিন্তু মুখ ঢাকিব নুখুজিলোঁ। কিয়নো মই গঙাচিলনীবোৰ চাই থাকিব বিচাৰোঁ। পঞ্চমটো দিনৰ দুপৰৰ ঘটনা এয়া। দেখিলোঁ মোৰ মূৰৰ ওপৰত ঘূৰি ঘূৰি অৱশেষত বিপৰীত দিশে বোটৰ মূৰটোত বহি আছে সৰু চিলনী এটা। মোৰ শুকান জিভালৈ পানী আহি গ'ল। চৰাইটো ধৰিবলৈ একো হাতিয়াৰ নাই। আছে কেৱল মোৰ হাত আৰু ধূৰ্ত বুদ্ধি। ক্ষুধাৰ যন্ত্ৰণাই যাক আৰু অধিক তীক্ষ্ণ কৰি তুলিছে। বাকীবোৰ চৰাই আঁতৰি গৈছে, মাথোঁ এই বাদামী ৰঙৰ উজ্জ্বল পাখিৰে এই চৰাইটো বোটৰ ওপৰত উৰি ফুৰিছে।

 মই নিঃসাৰে পৰি আছোঁ। সম্ভৱতঃ এতিয়া বিয়লি পাঁচ বাজিছে। হাঙৰ নিশ্চয় আহি উপস্থিত হৈছে। মোৰ কাষতে চোপ লৈ আছে। কিন্তু মই ৰিস্ক ল’বই লাগিব। চৰাইটোৰ ফালে চোৱা নাই। কিজানি মূৰ লৰালে সি ভয় খাই আঁতৰি যায়। মোৰ গাৰ একেবাৰে ওচৰলৈ উৰি আহিছে। তাৰ পাছত হঠাৎ শূন্যলৈ উৰি আকাশত অদৃশ্য হৈ গ’ল। কিন্তু মই আশা এৰি দিব নুখুজিলোঁ। মই ক্ষুধাৰ্ত। যদি শান্তভাৱে বহি থাকো, চৰাইটো আকৌ আহিব।

 কমেও আধা ঘণ্টা অপেক্ষা কৰিলোঁ। অৱশেষত চৰাইটো উভতি আহিল। কিন্তু আকৌ আঁতৰি গ'ল। কেইবাবাৰো ঘটিল এই ঘটনা। ওচৰলৈ আহিল আৰু আঁতৰি গ’ল। এবাৰ এনে লাগিল যে মূৰৰ ওপৰতে হাঙৰ এটাই কিবা বিচাৰিছে। হাঙৰবোৰে মাছবোৰ টুকুৰা-টুকুৰ কৰি খাইছে। কিন্তু মোৰ মনৰ ভয়তকৈ ক্ষুধাৰ তাড়না বেছি। চৰাইটোৱে বোটৰ ওপৰত পুনৰ বহি পৰিল। ইতিমধ্যে সন্ধিয়া হ’বলৈ ধৰিছে। পাঁচ দিন পাৰ হ’ব, কিন্তু পেটত একো পৰা নাই। সমস্ত আৱেগ আৰু বুকুৰ ভিতৰত হৃদপিণ্ডৰ ধপ্‌ধপনিৰ পাছতো মৃতকৰ দৰে মই শান্ত হৈ পৰি আছোঁ। অপেক্ষা কৰিছোঁ, কেতিয়া গঙাচিলনীটো আৰু ওচৰলৈ আহিব।

 বোটৰ ওপৰত পিঠিত ভেঁজা দি বহি আছোঁ উৰুত হাত থৈ। আধা ঘণ্টা ধৰি চকুৰ নিমিষ কঢ়া নাই। চৰাইটোৱে মোৰ জোতা খুঁটিয়াবলৈ ধৰিছে।

 আৰু আধা ঘণ্টাৰ উত্তেজনাৰে ভৰা অপেক্ষাৰ অন্তত চৰাইটো আহি মোৰ ভৰিত [ ৪৯ ] বহিল। এইবাৰ মোৰ লংপেণ্ট খুঁটিয়াই চাইছে। কিন্তু যেতিয়া মোৰ আঁঠুৰ ঘা টুকুৰাত খুঁটিবলৈ ধৰিলে, যন্ত্ৰণাত চিৎকাৰ ওলাই আহিব খুজিছিল মোৰ মুখৰ পৰা। কিন্তু বহু কষ্টৰে চেপি ধৰি ৰাখিলোঁ। তাৰ পাছত মোৰ সোঁ উৰুত আহি বহিল। মোৰ হাতৰ পৰা পাঁচ-ছয় চেণ্টিমিটাৰ দূৰ মাত্ৰ। মোৰ নিশ্বাস বন্ধ হৈ গ'ল। তীব্ৰ উত্তেজনা। ধীৰে ধীৰে চৰাইটোৱে নেদেখাকৈ হাতখন আগুৱাই নিব ধৰিলোঁ।