পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহিল। এইবাৰ মোৰ লংপেণ্ট খুঁটিয়াই চাইছে। কিন্তু যেতিয়া মোৰ আঁঠুৰ ঘা টুকুৰাত খুঁটিবলৈ ধৰিলে, যন্ত্ৰণাত চিৎকাৰ ওলাই আহিব খুজিছিল মোৰ মুখৰ পৰা। কিন্তু বহু কষ্টৰে চেপি ধৰি ৰাখিলোঁ। তাৰ পাছত মোৰ সোঁ উৰুত আহি বহিল। মোৰ হাতৰ পৰা পাঁচ-ছয় চেণ্টিমিটাৰ দূৰ মাত্ৰ। মোৰ নিশ্বাস বন্ধ হৈ গ'ল। তীব্ৰ উত্তেজনা। ধীৰে ধীৰে চৰাইটোৱে নেদেখাকৈ হাতখন আগুৱাই নিব ধৰিলোঁ।

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-৪
৪৯