পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধাৰণতে সমুদ্ৰ যাত্ৰাৰ মুহূৰ্তত জাহাজে যেতিয়া বন্দৰ এৰে, কমেও দুদিনলৈ জাহাজৰ সৈতে একেলগে গঙাচিলনী উৰা দেখা যায়। এই সাতটা গঙাচিলনী একেলগে দেখি ভাব হ’ল, নিশ্চয় ওচৰতে মাটি আছে।

 যদি শক্তি থাকিলহেঁতেন, তেন্তে নিশ্চয় মই ব’ঠা মাৰিলোহেঁতেন। কিন্তু ভীষণ দুৰ্বল মই। ভৰিত ভৰ দি থিয় হোৱাৰ শক্তি মোৰ নাই। মই নিশ্চিত, পাৰৰ পৰা অন্ততঃ দুটা দিনৰ আঁতৰত আছোঁ। হাতৰ চলুত লৈ পুনৰ সমুদ্ৰৰ পানী খালোঁ। তাৰ পাছত দেহটো এৰি দিলোঁ বোটত। এনেদৰে শুলোঁ— যাতে সূৰ্যৰ তাপে হাঁওফাওৰ ক্ষতি কৰিব নোৱাৰে। কামিজটোৰে কিন্তু মুখ ঢাকিব নুখুজিলোঁ। কিয়নো মই গঙাচিলনীবোৰ চাই থাকিব বিচাৰোঁ। পঞ্চমটো দিনৰ দুপৰৰ ঘটনা এয়া। দেখিলোঁ মোৰ মূৰৰ ওপৰত ঘূৰি ঘূৰি অৱশেষত বিপৰীত দিশে বোটৰ মূৰটোত বহি আছে সৰু চিলনী এটা। মোৰ শুকান জিভালৈ পানী আহি গ'ল। চৰাইটো ধৰিবলৈ একো হাতিয়াৰ নাই। আছে কেৱল মোৰ হাত আৰু ধূৰ্ত বুদ্ধি। ক্ষুধাৰ যন্ত্ৰণাই যাক আৰু অধিক তীক্ষ্ণ কৰি তুলিছে। বাকীবোৰ চৰাই আঁতৰি গৈছে, মাথোঁ এই বাদামী ৰঙৰ উজ্জ্বল পাখিৰে এই চৰাইটো বোটৰ ওপৰত উৰি ফুৰিছে।

 মই নিঃসাৰে পৰি আছোঁ। সম্ভৱতঃ এতিয়া বিয়লি পাঁচ বাজিছে। হাঙৰ নিশ্চয় আহি উপস্থিত হৈছে। মোৰ কাষতে চোপ লৈ আছে। কিন্তু মই ৰিস্ক ল’বই লাগিব। চৰাইটোৰ ফালে চোৱা নাই। কিজানি মূৰ লৰালে সি ভয় খাই আঁতৰি যায়। মোৰ গাৰ একেবাৰে ওচৰলৈ উৰি আহিছে। তাৰ পাছত হঠাৎ শূন্যলৈ উৰি আকাশত অদৃশ্য হৈ গ’ল। কিন্তু মই আশা এৰি দিব নুখুজিলোঁ। মই ক্ষুধাৰ্ত। যদি শান্তভাৱে বহি থাকো, চৰাইটো আকৌ আহিব।

 কমেও আধা ঘণ্টা অপেক্ষা কৰিলোঁ। অৱশেষত চৰাইটো উভতি আহিল। কিন্তু আকৌ আঁতৰি গ'ল। কেইবাবাৰো ঘটিল এই ঘটনা। ওচৰলৈ আহিল আৰু আঁতৰি গ’ল। এবাৰ এনে লাগিল যে মূৰৰ ওপৰতে হাঙৰ এটাই কিবা বিচাৰিছে। হাঙৰবোৰে মাছবোৰ টুকুৰা-টুকুৰ কৰি খাইছে। কিন্তু মোৰ মনৰ ভয়তকৈ ক্ষুধাৰ তাড়না বেছি। চৰাইটোৱে বোটৰ ওপৰত পুনৰ বহি পৰিল। ইতিমধ্যে সন্ধিয়া হ’বলৈ ধৰিছে। পাঁচ দিন পাৰ হ’ব, কিন্তু পেটত একো পৰা নাই। সমস্ত আৱেগ আৰু বুকুৰ ভিতৰত হৃদপিণ্ডৰ ধপ্‌ধপনিৰ পাছতো মৃতকৰ দৰে মই শান্ত হৈ পৰি আছোঁ। অপেক্ষা কৰিছোঁ, কেতিয়া গঙাচিলনীটো আৰু ওচৰলৈ আহিব।

 বোটৰ ওপৰত পিঠিত ভেঁজা দি বহি আছোঁ উৰুত হাত থৈ। আধা ঘণ্টা ধৰি চকুৰ নিমিষ কঢ়া নাই। চৰাইটোৱে মোৰ জোতা খুঁটিয়াবলৈ ধৰিছে।

 আৰু আধা ঘণ্টাৰ উত্তেজনাৰে ভৰা অপেক্ষাৰ অন্তত চৰাইটো আহি মোৰ ভৰিত

৪৮