পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰামৰ্শ দিছিল যাতে কোনো কাৰণতে হাঁওফাওত সূৰ্যৰ ৰশ্মিয়ে আঘাত নকৰে। মই তিতা কামিজটো খুলি থৈছোঁ, বান্ধি লৈছোঁ কঁকালত। তিনি দিন ধৰি পানী খাবলৈ পোৱা নাই। সেইবাবে ঘামো বিৰিঙিব পৰা নাছিল দেহৰ পৰা। ডিঙি, বুকু, কান্ধৰ হাড়ত বিষ অনুভৱ কৰিছোঁ। চতুৰ্থ দিনা সাগৰৰ সামান্য পানীৰে ডিঙিটো তিয়াই ল’লোঁ। তৃষ্ণা নমৰে, তথাপি তৃপ্তি পালোঁ। ইমান সময় ধৰি মই পানী এইবাবেই নোখোৱাকৈ আছিলোঁ— যাতে দ্বিতীয়বাৰ মই আৰু কমকৈ খাওঁ। তাকো কেইবাঘণ্টাৰ মূৰকত।

 মোক অবাক কৰি দি প্ৰতিদিনে ঠিক পাঁচ বজাৰ লগে লগে হাঙৰবোৰ আহি ওলায়। বোটৰ চৌপাশে ভোজসভা আৰম্ভ হৈ যায়। বিয়াগোম একোটা মাছ শূন্যলৈ উঠি আহে। খন্তেক পাছতে দেখা যায় সিহঁতৰ দেহৰ খণ্ডিত টুকুৰাবোৰ। ক্ষিপ্ত হাঙৰবোৰে নিঃশব্দে ৰক্তাক্ত পানীৰ ওপৰত ভাঁহি উঠে। ভাগ্য ভাল, এতিয়াও সিহঁতে বোটখনক আক্ৰমণ কৰা নাই, চেষ্টা কৰা নাই ভাঙি পেলোৱাৰ। কিন্তু সিহঁতক বোটৰ শুভ্ৰ ৰংটোৱে নিশ্চয়কৈ আকৰ্ষণ কৰিছে। সকলোৰে বিশ্বাস যে বগাৰঙী বস্তু দেখিলেই হাঙৰ হিংস্ৰ হৈ উঠে। হাঙৰৰ দৃষ্টি উজ্জ্বল নহয়। সিহঁতে বগা আৰু জিকমিকাই থকা বস্তুহে ভালদৰে দেখা পায়। মোৰ মনত পৰিল, প্ৰশিক্ষকে কৈছিল— ‘হাঙৰৰ চকুত যাতে নপৰে, সকলো উজ্জ্বল বস্তু লুকুৱাই ৰাখিবা।’

 মোৰ অৱশ্যে তেনে একো বস্তু লগত নাই। ঘড়ীটো ক’লা। ডায়েলখনো ক’লা। যদি মোৰ সৈতে কিবা বগা বস্তু থাকিলহেঁতেন, বৰ ভাল হ’লহেঁতেন। হাঙৰে বোটত উঠিবলৈ চেষ্টা কৰিলে মই তাক খুন্দিয়াই দূৰলৈ ঠেলি পঠালোহেঁতেন। চতুৰ্থদিনাৰ পাছত, প্ৰতি সন্ধিয়া পাঁচ বজাৰ পাছত হাতত ব’ঠা সাজু হৈ থাকো— যাতে আত্মৰক্ষা কৰিব পৰা যায় হাঙৰৰ আক্ৰমণৰ পৰা।

 জাহাজ এখন দেখা গৈছে

 নিশা বোটৰ ওপৰত এপাট ব’ঠা থৈ টোপনিওৱাৰ চেষ্টা কৰিলোঁ। চকু মুদিলেই কিয় জানো বাৰে বাৰে জেমক দেখিবলৈ পাওঁ। তেতিয়া প্ৰায়ে তাৰ সৈতে কথা পাতোঁ। তাৰ পাছত সি অদৃশ্য হৈ যায়। তাৰ এই অশৰীৰী উপস্থিতিত মই লাহে লাহে অভ্যস্ত হৈ পৰিলোঁ।

 দিনত সূৰ্যটো থাকিলে ভাব হয় মই কিজানি টোপনিৰ নিচাত সপোন দেখিছোঁ, কিন্তু ৰাতি তেনে কোনো সন্দেহ নহয়। ভাব হয়, জেম মোৰ সৈতে বোটতে আছে। পঞ্চমদিনা সিও শুবলৈ চেষ্টা কৰিছিল। চুপে চাপে বিশ্ৰাম লৈছিল আনপাট ব’ঠাত মূৰ থৈ। হঠাৎ সাগৰৰ বুকুত সি কিবা এটা বিচাৰিবলৈ ধৰিলে। ক’লে— ‘চোৱা, চোৱা।’

৪৫