সমললৈ যাওক

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা

ৱিকিউৎসৰ পৰা

[ ৫০ ]

সাত

ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা

 গঙাচিলনী ধৰা সহজ কথা নহয়। কোনো এখন গাঁৱৰ পথাৰত শুই কোনোবাই যদি এনেদৰে গঙাচিলনী এটা ধৰিবলৈ চেষ্টা কৰে, ওৰে জীৱন পাৰ কৰিলেও সফল হ’ব নোৱাৰিব। কিন্তু পাৰৰ পৰা কেইবাশ মাইল দূৰৰ কথাটো বেলেগ। মাটিত গঙাচিলনী আত্মৰক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয় অতি সজাগ, কিন্তু সমুদ্ৰত সিহঁত ইমান সতৰ্ক নহয়।

 মই এনেদৰে পৰি ৰৈছিলোঁ যে চৰাইটোৱে খেলৰ ছলেৰেহে যেন উৰুলৈ উঠি আহিল। হয়তো ভাবিছিল, মই মৃত। মোৰ পেণ্টত খুঁটিয়াইছিল, কিন্তু দুখ পোৱা নাছিলোঁ। মই হাতখন আগুৱাই নি থাকিলোঁ। হঠাৎ চৰাইটোৱে বিপদৰ উমান পালে আৰু উৰিবলৈ তৎপৰ হ’ল। কিন্তু তাৰ আগতেই তাৰ ডেউকাখনত খামোচ মাৰি ধৰিলোঁ। চৰাইটোক ধৰি বোটৰ মাজলৈ লৈ আনিলোঁ। তাক এইবাৰ কেঁচাই কেঁচাই খাম। পাখিবোৰো বাদ নিদিওঁ। মই ক্ষুধাৰ্ত, চৰাইটোৰ তেজৰ কথা ভাবিও মোৰ পিয়াহ জাগিছে। কিন্তু যেতিয়া তাৰ দেহৰ উত্তাপ মই অনুভৱ কৰিলোঁ, মোৰ হাতৰ মুঠিৰ মাজত ধপধপাবলৈ ধৰিলে— তাৰ উজ্জ্বল চকুকেইটা দেখি দ্বিধাগ্ৰস্ত হৈ পৰিলোঁ।

 এবাৰ মই ডেকৰ ওপৰৰ পৰা উৰি অহা চিলনী এটা ৰাইফলেৰে মাৰিব খুজিছিলোঁ, কিন্তু ডেষ্ট্ৰয়াৰৰ বিষয়া তথা অভিজ্ঞ নাৱিক এজনে মোক ককৰ্থনা কৰি কৈছিল— ‘হতভগাৰ দৰে কাম নকৰিবি। এজন নাৱিকৰ বাবে গঙা চিলনী মাটিৰ সংকেত। সিহঁতক কেতিয়াও হত্যা কৰা উচিত নহয়।’

 চৰাইটোৰ পাখিবোৰ আঁতৰাই টুকুৰা-টুকুৰ কৰাৰ সময়ত বিষয়াজনৰ কথাই বাৰে বাৰে মোক অস্বস্তি দিলে। পাঁচ দিন অনাহাৰে আছোঁ, তথাপি মোৰ কাণত কথাবোৰ ভাঁহি থাকিল। যেন নতুনকৈ আকৌ শুনিবলৈ পাইছোঁ। কিন্তু পেটৰ ক্ষুধা আন সকলোতকৈ তীব্ৰ। মই চৰাইটোক টান কৰি ধৰি কুকুৰা এটাৰ দৰে ডিঙি মুচৰি মাৰিবলৈ চেষ্টা কৰিলোঁ।

 কামটো বৰ সূক্ষ্ম। প্ৰথম চেষ্টাতে ডিঙিৰ হাড় ভাঙি গ'ল। দ্বিতীয়বাৰ মোচৰটো দিওঁতে ঠোঁটেৰে তপ্ত এসোঁতা তেজ নিগৰি আহি মোৰ আঙুলিৰ ফাকেৰে বৈ গ'ল।

[ ৫১ ]

সতীৰ্থ নাৱিকৰ সৈতে ভেলাস্কো

দুখ লাগিল। এনে লাগিল যে এটা নিৰ্মম হত্যাকাণ্ড। মূৰটো তাৰ কঁপিছে। ছটফটাইছে— মোৰ হাতৰ মাজত তাৰ ধপ্‌ধপনি অনুভৱ কৰিছোঁ।

 চৰাইটোৰ এই তেজবোৰেই মাছবোৰক উন্মাদ কৰি তুলিলে। বোটৰ চৌপাশে হাঙৰ এটাই তেতিয়াও চলা-ফিৰা কৰি আছে। তেজৰ গোন্ধ পালেই সি বোটৰ এই ইস্পাতৰ পাটো কামুৰি ছিৰাছিৰ কৰিব। সিহঁতৰ দাঁতবোৰ তলৰ ফালে থাকে, সেয়ে চিকাৰ ধৰিলেই সিহঁত লুটি মাৰে। ভাব হ’ল, এটা হাঙৰে বোটখনক আক্ৰমণৰ চেষ্টা চলাইছে। ভয় খাই মই চৰাইৰ মূৰটো হাঙৰটোলৈ মাৰি পঠিয়ালোঁ। বোটৰ পৰা মাত্ৰ কেই চেণ্টিমিটাৰমান আঁতৰত সিহঁতৰ মহাৰণ আৰম্ভ হৈ গ'ল। এটা কণীতকৈ সৰু চৰাইৰ মূৰটো। তথাপি সিহঁতৰ খোৱা-কামোৰা।

 চৰাইটোৰ হাড়বোৰ ইমানেই ঠুনুকা যে আঙুলিৰে চাপ দিয়েই ভাঙিব পাৰি। পাখিবোৰ আঁতৰাবলৈ চেষ্টা কৰিলোঁ। বগা কোমল ছালত লাগি আছে পাখিবোৰ। তেজসিক্ত [ ৫২ ] মাংসও ওলাই আহিছে পাখিৰ সৈতে। পাঁচ দিনৰ অনাহাৰৰ পাছত সন্মুখত পোৱা যিকোনো খাদ্যই গোগ্ৰাসে খাই পেলাব পাৰি। কিন্তু চৰাইটোৰ কেঁচা তেজ-মাংসৰ গোন্ধত মোৰ বমিৰ ভাব আহিল। তথাপি উপায় নাই, সতৰ্ক হৈ ডেউকাৰ পাখিবোৰ গুচাবলৈ চেষ্টা কৰিলোঁ। কিন্তু ছালখন ইমান কোমল যে পাখিবোৰ গুচাবলৈ অসুবিধা হৈছিল। বোটৰ ভিতৰত থকা পানীৰে ধুই পাখি গুচোৱা চৰাইটো দুটুকুৰা কৰিলোঁ। গোলাপী পাকস্থলী আৰু নীলা সিৰাবোৰে মোৰ ভোকটো আকৌ জগাই তুলিলে। ভৰিৰ টুকুৰা এটা মুখত ভৰালোঁ, কিন্তু গিলিব নোৱাৰিলোঁ। ভীষণ কষ্টদায়ক, যেন কেঁচাই কেঁচাই বেং এটাহে চোবাইছোঁ। ঘৃণাত মাংসটুকুৰা ওকালি পেলাই দিলোঁ। বেছ কিছু সময় চুপ হৈ বহি ৰ'লোঁ। হাতত ৰক্তাক্ত মাংসৰ টুকুৰাবোৰ।

 মনত এটা ভাব খেলালে — যিখিনি খাব নোৱাৰোঁ সেইখিনি মাছৰ টোপ হিচাপে ব্যৱহাৰ কৰিব পাৰিম। কিন্তু মাছ ধৰিবলৈ হাতিয়াৰ ক'ত? আছে মাথোঁ এটা পিন। এডাল তাঁৰজাতীয় কিবা এটা থাকিলে হয়তো কাম চলিলেহেঁতেন। লগত আছে কেৱল চাবি, ঘড়ী, আঙঠি আৰু মবিলৰ তিনিখন দোকানৰ কাৰ্ড।

 বেল্টডালৰ কথা মনলৈ আহিল। বকলেছটোকে হয়তো বৰশী হিচাপে ব্যৱহাৰ কৰিব পৰা যাব পাৰে। কিন্তু সকলো চেষ্টাই ব্যৰ্থ। অন্ধকাৰ নামি আহিছে। মাছবোৰে তেজৰ গোন্ধ পাই উন্মত্ত হৈ পৰিছে। আন্ধাৰ একেবাৰে নামি অহাৰ পাছত মই গঙাচিলনীটোৰ বাকী অংশবোৰ সাগৰলৈ দলিয়াই দি শুই পৰিলোঁ। ব’ঠাপাট আঁতৰাবলৈ গৈ বুজিলোঁ— মই খাব নোৱৰা টুকুৰাবোৰ লৈ মাছবোৰে খোৱা-কামোৰা কৰিছে।

 ক্লান্ত আৰু আশাহত মনত মোৰ ভাব জন্মিল যেন আজি ৰাতিয়েই মই মৰি যাম। এছাটি বেগেৰে বলা বতাহে বোটখন কঁপাই দিলে। মোৰ খেয়ালেই নহ'ল যে আগতীয়াকৈ আত্মৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ৰছীৰে বোটৰ সৈতে নিজকে বান্ধি লোৱাৰ আৱশ্যক। সেইবোৰ একোৱেই কৰা নহ'ল। দেহত অনন্ত ক্লান্তি। বোটৰ তলৰ পিনে মূৰ থৈ আৰু ভৰি দুখন পানীৰ পৰা সামান্য ওপৰত থৈ শুবলৈ যত্ন কৰিলোঁ।

 মাজনিশা অস্থিৰতাৰ শাম কাটিল। আকাশত জোন ওলাল। দুৰ্ঘটনাৰ পাছত এই প্ৰথম জোন দেখিলোঁ। নীলাভ হৈ পৰা ৰাতিৰ সমুদ্ৰ মায়াৱী হৈ উঠিল। কিন্তু সিদিনা জেম নাছিল, মই অকলে। ভাগ্যৰ ওপৰত নিজকে সঁপি দিছোঁ।

 যিমানবাৰ মোৰ উদ্যম ভাগি পৰিছে, সিমানবাৰেই কিবা নহয় কিবা এটা ঘটিছে মনত আশা যোগাবলৈ। সিদিনা ৰাতিও ঢৌৰ ওপৰত ওপঙি পৰা জোনাকৰ আলোকে মোক আশান্বিত কৰি তুলিছে। দুদিন আগলৈ মোৰ বিশ্বাস দৃঢ় হৈ আছিল যে উদ্ধাৰকাৰী জাহাজ আহিবই। এতিয়া সেই আশা এৰি দিছোঁ। কিন্তু ষষ্ঠ দিনৰ নিশা জোনাকৰ পোহৰত উন্মাদৰ দৰে পুনৰ দিগন্ত বিচাৰিবলৈ ধৰিলোঁ প্ৰথম ৰাতিটোৰ দৰেই ব্যাকুল [ ৫৩ ] হৈ তীক্ষ্ণ দৃষ্টিৰে। আজিও যদি সেই অৱস্থা হয়, মই আশা ভংগৰ দুখতে মৰি যাব লাগিব। এতিয়াহে যেন বুজি উঠিলোঁ, মোৰ বোট যি পথেৰে আগুৱাইছে, সেই পথেৰে কোনো জাহাজ চলাচল নকৰে।

 মই এজন মৃতক

 পিছদিনা পুৱাৰ কথা একোৱেই মনত নাই। অসংলগ্নভাৱে কেৱল এটাই মনত আছে যে গোটেই পুৱাটো বোটত শুই আছিলোঁ। শুই আছিলোঁ জীৱন আৰু মৃত্যুৰ মাজত ওলমি। ঘৰলৈ মনত পৰিছিল। পাছতহে জানিছিলোঁ মোৰ অনুপস্থিতিত সিহঁতে কি কৰিছিল। মোৰ শ্ৰাদ্ধও পাতি পেলাইছিল। শুনি আচৰিত হোৱা নাই। সমুদ্ৰত থাকোতে মোৰ ভাব হৈছিল— এনেধৰণৰ ঘটনাই নিশ্চয় ঘটিছে। পৰিয়ালৰ মানুহক মোৰ নিৰুদ্দেশৰ খবৰ দিয়া হৈছিল। বিমান আৰু উৰি নাহিল মোক বিচাৰি। ইয়াৰ অৰ্থ মোক বিচৰাটো সিহঁতে অৰ্থহীন বুলি ভাবিছে। ধৰিয়েই লৈছে যে মোৰ মৃত্যু ঘটিছে।

 সকলো কথাই সম্ভৱ। কিন্তু সকলোৰে একোটা সীমাও থাকে। প্ৰতি মুহূৰ্ত মই নিজক ৰক্ষা কৰাৰ চেষ্টা চলাই গৈছোঁ, বিচাৰি ফুৰিছোঁ জীয়াই থকাৰ ৰাস্তা। কিন্তু ষষ্ঠ দিনটোত মোৰ ওচৰত একো আশাই বাচি নাথাকিল। বোটৰ ওপৰত পৰি থকা মই যেন এটি মৃতক। আবেলি ভাবিবলৈ ধৰিলোঁ কেতিয়া পাঁচ বাজিব, কেতিয়া আহিব হাঙৰা বোটৰ দাঁতিৰ পৰা আঁতৰি বহি পৰিলোঁ। দুবছৰ আগতে কাটাজেনাত হাঙৰে খোৱা মানুহৰ মৃতদেহ এটা দেখিছিলোঁ। এনেদৰে মই মৰিব নিবিচাৰোঁ। এই হিংস্ৰ প্ৰাণীবোৰৰ এবাৰ কবলত পৰিব লাগিলে টুকুৰা-টুকুৰ হ’ব লাগিব।

 পাঁচ বাজিল। হাঙৰবোৰ আহিছে। চাৰিওফালে পিয়াপি দিছে। শীতো পৰিছে সামান্য। পিছে সমুদ্ৰ শান্ত। শৰীৰত অলপ শক্তি অনুভৱ কৰিলোঁ। কালি চিলনীবোৰ দেখাৰ পাছত মই নতুন উদ্যম অনুভৱ কৰিছোঁ।

 এই মুহূৰ্তত হাতত মই যি পাম তাকেই খাম। ক্ষুধাই মোক শেষ কৰি দিছে। ইমানদিনে একো চোবাবলৈ নোপোৱা বাবে ডিঙি আৰু হনুত বিষ অনুভৱ কৰিছিলোঁ। কিবা এটা চোবোৱাৰ প্ৰয়োজন। জোতাৰ তলিখন এৰুৱাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। মনত পৰিল মোৰ হাতত এতিয়া মবিলৰ দোকানৰ কাৰ্ডকেইখন আছে।

 পেণ্টৰ জেপত কাৰ্ডবোৰ আছিল। তিতি প্ৰায় ফালি-ছিৰি গৈছে। উলিয়াই মই মুখত ভৰালোঁ আৰু চোবাবলৈ ধৰিলোঁ। এই চেষ্টাই আচৰিতধৰণে কাম দিলে। ডিঙিটো আৰাম পালোঁ, মুখলৈকো সতেজতা ঘূৰি আহিল। চুয়িংগামৰ দৰে লাহে লাহে চোবাই গ'লোঁ। অৱশ্যে প্ৰথম কামোৰটোত হনুত বিষ অনুভৱ কৰিছিলোঁ। মবিলত মেৰীৰ সৈতে বজাৰ-সমাৰ কৰোঁতে এই কাৰ্ডবোৰ পাইছিলোঁ, থাকি গৈছিল [ ৫৪ ] বিশেষ একো কাৰণ নোহোৱাকৈ। যি নহওক আজি কামত লাগিল। শক্তি অলপ ঘূৰাই পালোঁ। কিছু আশাৰো সঞ্চাৰ হ'ল। এনে লাগিছিল যেন হনুৰ বিষ কমাবলৈ মই এনেদৰে কাৰ্ডবোৰ অনন্ত কাল ধৰি চোবাই থাকিম পাৰিম। যদি এইবোৰ পেলাই দিলোহেঁতেন, কিয়েই যে ক্ষতি নহ'লহেঁতেন। কাৰ্ডবোৰ মোৰ পাকস্থলী পালেগৈ। কিয় জানো ভাব হ’ল, বাচি যাম মই। হাঙৰে মোক শেষ কৰি দিব নোৱাৰে।

 জোতাৰ সোৱাদ কেনে?

 কাৰ্ডবোৰ চোবাই যি তৃপ্তি পালোঁ— সিয়ে মোৰ ক্ষুধা আৰু অধিক বঢ়াইহে তুলিলে। এতিয়া আকৌ কি খাব পৰা যায়? ছুৰী এখন থকা হ'লে জোতাৰ ৰবৰৰ শ্বোলটো এৰুৱাই টুকুৰা-টুকুৰকৈ কাটি তাকেই চোবালোহেঁতেন। ওচৰতে আছে জোতাপাট। চাবিপাটেৰে পৰিষ্কাৰ বগা শ্বোলটো খুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু কোনোমতেই সফল নহ'লোঁ। টানকৈ আঠা লগোৱা আছে।

 পাগলৰ দৰে এইবাৰ বেল্টডালকে চোবাবলৈ ধৰিলোঁ। চোবাবলৈ গৈ দাঁতত বিষ উঠিল। এটা টুকুৰাও ছিঙি উলিয়াব নোৱাৰিলোঁ। মোক নিশ্চয় ৰাক্ষসৰ দৰে দেখা গৈছে। জোতা, বেল্ট, চোলা একোৱেই বাদ দিয়া নাই খাবলৈ। সন্ধিয়া নমাৰ সময়তে মই ইমান ঘামিবলৈ ধৰিলোঁ যে লংপেণ্টটো খুলি পেলাবলগীয়া হ'ল। পিন্ধি ৰ'লোঁ হাফ পেণ্টটোকে। নাজানো হয়তো কাৰ্ডবোৰ খোৱাৰে পৰিণতি। প্ৰচণ্ড টোপনিয়ে মোক হেঁচা মাৰি ধৰিলে। মই বোটৰ সমস্যাবোৰৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ ইতিমধ্যে শিকি পেলাইছোঁ। ছটাকৈ নিশা সতৰ্ক হৈ থকাৰ পাছত এতিয়া ইমানে ক্লান্ত হৈ পৰিছোঁ যে কেতিয়ানো টোপনিত ঢলি পৰিলোঁ, কিমান সময়নো শুলোঁ একো টলকিবই নোৱাৰিলোঁ। মাজতে হয়তো ঢৌৰ খুন্দাত সাৰ পাই গৈছোঁ, ভয়ত চঁক খাই উঠিছোঁ। কিন্তু পিছ মুহূৰ্ততে পুনৰ ঢলি পৰিছোঁ টোপনিত।

 যেতিয়া টোপনি ভাগিল, সমুদ্ৰত মোৰ সপ্তম দিনটো আৰম্ভ হৈ গৈছে। কিয় জানো ভাব হৈছে এইটোও মোৰ শেষ দিনটো নহয়। সমুদ্ৰ শান্ত, মেঘময় আকাশ। আঠ বজাত সূৰ্যটো দেখা গ'ল আকাশত। যোৱা নিশা গভীৰ নিদ্ৰাৰ পাছত আজি কিছু সতেজ অনুভৱ হৈছে। মনৰ মাজত আশা এটাও সুৰসুৰাই উঠিছে। বোটৰ কাষলৈ ওলমি পৰা আকাশৰ বুকুত সাতটা গঙাচিলনী উৰিছে। উৰিছে ঠিক মোৰ বোটখনৰ ওপৰত।

 দুদিন আগতে সিহঁতক দেখি উল্লসিত হৈ পৰিছিলোঁ। কিন্তু তৃতীয়বাৰ সিহঁতক পুনৰ দেখিবলৈ পাই ভয় খাই গ'লোঁ। সম্ভৱতঃ সিহঁত সমুদ্ৰত জাকৰ পৰা পথ হেৰোৱা চৰাই। সকলো নাৱিকেই জানে, মাজে মাজে গঙাচিলনীবোৰ লক্ষভ্ৰষ্ট হৈ [ ৫৫ ] হেৰাই যায় সমুদ্ৰত। দিনৰ পাছত দিন উৰি থাকে সিহঁত, যেতিয়ালৈ আশ্ৰয়ৰ বাবে কোনো জাহাজ বিচাৰি নাপায়। জাহাজেই সিহঁতক পাৰ দেখুৱায়। তিনি দিন ধৰি দেখা এইবোৰ সম্ভৱতঃ পথভ্ৰষ্ট চিলনী। তাৰ মানে মোৰ বোট পাৰৰ পৰা নিশ্চয় বহু দূৰলৈ আঁতৰি গৈছে।