পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছে। নিজৰ শক্তি পৰীক্ষা কৰিবলৈ উঠি থিয় হ'বলৈ চেষ্টা কৰিলোঁ। কিন্তু শৰীৰটো লৰচৰ কৰিব পৰা নাছিলোঁ।

 এয়াই সেই সময়। সকলোৰে শেষত ভয়ংকৰ মুহূৰ্ত। শিক্ষকে আমাক আগতে কৈছিল— এনে সময়ত বোটৰ সৈতে নিজকে বান্ধি ল’ব লাগে। এয়াই সেই মুহূৰ্ত— য'ত ক্ষুধাৰো অনুভূতি নাই। তৃষ্ণাৰো অনুভূতি নাই। আনকি সূৰ্যৰ তাপৰ পোৰণিও নাই দেহত। চিন্তাশক্তিও স্তব্ধ হৈ গৈছে। নাই কোনো অনুভূতি। কিন্তু আশা এৰি নিদিওঁ। শেষ চেষ্টা চলাব লাগিব। তলৰ ব’ঠাবোৰ আঁতৰাই বোটৰ সৈতে নিজক বান্ধি পেলাবই লাগিব। যুদ্ধৰ সময়ত এনেধৰণৰ অলেখ মৃতদেহ পোৱা গৈছিল। গেলি-পচি গৈছে। চৰায়ে খাইছে। তথাপি বোটৰ সৈতে বন্ধা আছে শৰীৰ।

 নিজক বোটৰ সৈতে বন্ধাৰ আগতে মনত প্ৰত্যয় জন্মিল, মোৰ যেন ৰাতিটোপৰ্যন্ত অপেক্ষা কৰাৰ শক্তি এতিয়াও আছে। কান্ধপৰ্যন্ত তলত ৰাখি আৰু কেইঘণ্টামান নিঃসাৰে পৰি ৰ'লোঁ। ৰ'দৰ তাপ, আঁঠুৰ ঘাই যন্ত্ৰণা দিছে। মই যেন পুনৰ জাগি উঠিলোঁ। দেহৰ এই যন্ত্ৰণাই মোক বাচি থকাৰ নতুন আকাংক্ষা জগাই তুলিছে। পানীৰ শীতল স্পৰ্শত ধীৰে ধীৰে মই শক্তি ওভতাই পালোঁ। ঠিক পেটত এক অসহ্যকৰ আলোড়ন অনুভৱ কৰিলোঁ। অবিৰত গুৰগুৰণি শব্দ, তাৰ পাছত পায়খানাৰ ইচ্ছা হ’ল। চেপি ৰখাৰ চেষ্টা চলালোঁ। কিন্তু নোৱাৰিলোঁ। বহু কষ্টৰে বহিলোঁ, বেল্ট খুলি পেণ্টটো সোলকালো। পাঁচ দিনৰ মূৰকত এই প্ৰথম খালাচ কৰিলোঁ। আৰু এই প্ৰথম মাছবোৰে অস্থিৰভাৱে বোটৰ গাত খুন্দিয়াবলৈ ধৰিলে। শকত ৰছীৰ জালৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে মাছবোৰে।

 সাতটা গঙাচিলনী

 ওচৰতে এটা উজ্জ্বল মাছ দেখি মোৰ ক্ষুধাৰ তাড়না বাঢ়ি গ'ল। বাঢ়ি গ'ল মোৰ অস্থিৰতা। এয়া কাষতেই দেখোন খাদ্য। নিমিষতে মোৰ ক্লান্তি দূৰ হৈ গ'ল। হাতত এপাট ব’ঠা তুলি ল'লোঁ, দেহৰ অৱশিষ্ট শক্তিক সাৰথি কৰি, নাওৰ কাষত জঁপিয়াই থকা এটা খঙাল মাছৰ মূৰটোলৈ লক্ষ্য কৰি সাজু হ'লোঁ। নাজানো কিমানবাৰ লক্ষ্য লৈ আঘাত হানিলোঁ। কিন্তু এনে লাগিল, প্ৰতিবাৰেই দেখোন সঠিক স্থানতে আঘাত লাগিছে। কিন্তু মোৰ পোৰা কপাল। প্ৰতিবাৰে হাঙৰে তুলি লৈ যায় মোৰ সুস্বাদু চিকাৰ।

 হাঙৰটোৰ উপস্থিতিৰ বাবে মোৰ লক্ষ্যভ্ৰষ্ট হ’ল। হতাশ হৈ শুই পৰিলোঁ। কিছু সময় পাছত আচৰিত হৈ দেখিলোঁ— বোটৰ ওপৰত সাতটা গঙাচিলনী উৰি ফুৰিছে।

 সমুদ্ৰৰ বুকুত পথভ্ৰষ্ট, নিসংগ আৰু ক্ষুধাৰ্ত নাৱিকৰ বাবে এয়া আশাৰ বতৰা।

৪৭