পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দহ

আশা এৰি দিলোঁ
কেৱল মৃত্যুৰ অপেক্ষা

 অষ্টম নিশা সমুদ্ৰত নিদ্ৰাৰ কোনো সুযোগ নহ'ল। ন বজাত বুঢ়া চিলনীটো আহি বোটত বহিল। গোটেই ৰাতিটো তাতেই পৰি থাকিল৷ ময়ো ব’ঠা এপাটত মূৰ থৈ শুই ৰ'লোঁ। শান্ত ৰাতি। বোটখন আগুৱাইছে অবিৰাম। কিন্তু ক লৈ? নিজকে প্ৰশ্ন কৰিলোঁ। লক্ষণবোৰ দেখি মোৰ এনে লাগিছে যে মই সোনকালেই পাৰ পাবগৈ পাৰিম, যদিও মোৰ কোনো স্পষ্ট ধাৰণা নাই, বোটখন আচলতে ক'ত উপস্থিত হ’ব। মই এয়াও নিশ্চিত নহয়, আচলতে বোটখন ইমানদিনে একেটা পথেৰে গৈ আছে নে নাই? বিমানবোৰ যি পথেৰে আহিছিল, সেই পথেৰে আগুৱালে নিশ্চয় কলম্বিয়া পাবগৈ পাৰিম। কিন্তু কম্পাছ অবিহনে দিশ বুজা সম্ভৱ নহয়। যদি পোন পথেৰে আগুৱাই গৈ থাকো, নিসন্দেহে কলম্বিয়াৰ কেৰিবিয়ান উপকূলত উপস্থিত হ’ম। হয়তো এনেও হ’ব পাৰে, বোটখন আগুৱাইছে উত্তৰ দিশেৰে। যদি সেয়ে হয়, মইনো এতিয়া ক’ত, বুজাৰ সাধ্য নাই।

 মাজনিশা গভীৰ টোপনিৰ পৰা হঠাৎ সাৰ পাই গ'লোঁ। বৃদ্ধ চিলনীয়ে মোৰ মূৰত ঠোঁটেৰে খুঁটিয়াবলৈ ধৰিছে। মই দুখ পোৱা নাই। এনেদৰে খুঁটিয়াইছে যেন মৰমহে কৰিছে। মনত পৰিল, ডেষ্ট্ৰয়াৰৰ সেই সেনা বিষয়াজনৰ কথা। তেওঁ কৈছিল—গঙাচিলনী হত্যা কৰাটো এজন নাৱিকৰ বাবে কাপুৰুষালিৰ বাদে একো নহয়। ইয়াৰ আগতে সৰু চিলনীজনীক হত্যা কৰা বাবে অনুশোচনা জাগিল।

 শোৱা আৰু নহ’ল। দুচকুৰে পাৰৰ সন্ধান কৰি থাকোঁতে ৰাতি পুৱাল। নিশাটো বৰ ঠাণ্ডা নাছিল। দূৰ-দূৰণিলৈ ক'তো একো পোহৰৰ চিহ্ন নাই। আকাশৰ তৰাবোৰ বাদ দি। সমুদ্ৰ শান্ত, নিঃশব্দে আগুৱাইছে বোট। ময়ো শান্ত হৈ বহি আছোঁ। কিন্তু এইবাৰ শুই পৰিছে চিলনীজনী। বোটৰ একাষে মূৰ তল কৰি। বহুপৰ ধৰি কোনো সাৰ-সুৰ নাই তাইৰ। কিন্তু মই সামান্য লৰচৰ কৰি উঠিলেই তাই মোৰ মূৰত খুঁটিবলৈ আৰম্ভ কৰে।

৬৬