পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাৰ দৃষ্টিগোচৰ হোৱা নাই, বোট বহু দূৰ আগুৱালেও সন্ধিয়াৰ ভিতৰত গৈ পাৰ পোৱাৰ কোনো আশা নাই।

 মই মৰিবলৈ বিচাৰোঁ

 বিগত বাৰ ঘণ্টা ধৰি মোৰ মনৰ মাজত থকা সুখী ভাবটো মুহূৰ্ততে উৰি গ'ল। মোৰ শক্তি নিঃশেষ হৈছে। চেষ্টাও কৰা নাই। ন দিনৰ পাছত মই প্ৰথম মূৰ তল কৰি শুবলৈ ধৰিলোঁ। পিঠি পুৰি গৈছে সূৰ্যৰ তাপত। শৰীৰৰ প্ৰতি মোৰ আৰু কোনো মায়া নাই। এনেদৰে ৰাতিলৈ পৰি থাকিলে, মই নিৰ্ঘাত মৰি যাম।

 মই এতিয়া যন্ত্ৰণাবোৰো অনুভৱ নকৰা হ'লোঁ। অনুভৱ শক্তি শেষ হৈ গৈছে। চিন্তাশক্তি হেৰাই গৈছে। স্থান আৰু সময়ৰ প্ৰতি কোনো ধাৰণা মই কৰিব নোৱৰা হ'লোঁ। বোটৰ মাজত মূৰ তল কৰি, দুয়োখন হাত ওলমাই, এমুখ দাঢ়িৰে মই সূৰ্যৰ নিৰ্দয় অত্যাচাৰ সহি গ'লোঁ নীৰৱে। ঘণ্টাৰ পাছত ঘণ্টা। ধীৰে ধীৰে মোৰ চকুহাল জাপ খাই আহিল। এনে লাগিল, সূৰ্যৰ পোহৰত মোৰ দেহ আৰু জ্বলা নাই। ভোকো নাই, পিয়াহো নাই মোৰ।অনুভূতিহীন জীৱন বা মৃত্যুৰ প্ৰতি মই কোনো উদ্বিগ্ন নহয়। ভাব হ’ল মোৰ মৃত্যু হৈছে। কিন্তু মৃত্যুৰ ভাবনাই পাছমুহূৰ্ততে এটা খীণ আশা কঢ়িয়াই আনিলে।

 চকু মেলি দেখিলোঁ, মই মবিলত। উৎকট গৰমৰ মাজত এটা পাৰ্টীত মই আছোঁ। পাৰ্টীৰ আয়োজন চলিছিল ৰাস্তাৰ ওপৰতে এখন মুকলি কাফেত। মোৰ কাষতে আছে মবিলৰ দোকানৰ ইহুদি কৰ্মচাৰী এজন। আমি নাৱিকবোৰে তেওঁৰ দোকানত কাপোৰ-কানি কিনিছিলোঁ। তেৱেঁই মোক ‘বিজিনেছ কাৰ্ড’বোৰ দিছিল। আঠ মাহ ধৰি জাহাজৰ মেৰামতি চলাৰ সময়ত আমাৰ কলম্বিয়াৰ নাৱিকসকলৰ যত্ন লৈছিল তেওঁলোকে।কৃতজ্ঞতাস্বৰূপে আমি তেওঁলোকৰ পৰা কিনা-কটা কৰিছিলোঁ। তেওঁ স্পেনিছ ভাষা ক'ব পাৰিছিল সলসলীয়াকৈ, যদিও তেওঁ স্পেনিছ ভাষাৰ প্ৰচলন থকা কোনো দেশলৈকে যোৱা নাই।

 কাফেখনলৈ আমি গৈছিলোঁ প্ৰতি শনিবাৰে। তাতে কেৱল ভিৰ বান্ধিছিল ইহুদি আৰু কলম্বিয়াৰ নাৱিকবোৰে। প্ৰতি শনিবাৰে একেগৰাকী মহিলাই নাচিছিল মঞ্চত। মহিলাগৰাকীৰ পেট উন্মুক্ত আছিল। কিন্তু মুখ ঢাকি লৈছিল ওৰণিৰে। ঠিক আৰবী চিনেমাৰ নৰ্তকীৰ দৰে। আমি হাততালি দিছিলোঁ আৰু চুমুক দিছিলোঁ বীয়েৰৰ গিলাচত। আমাৰ সকলোৰে মাজত অধিক উৎসাহী-আগ্ৰহী আছিল মাৰ্চে নাৰ্ছেৰ নামৰ সস্তীয়া কিন্তু চৌখিন কাপোৰ বেচা এই ইহুদি দোকানৰ কৰ্মচাৰীজন।

 নাজানো কিমান সময় ধৰি মই এই বিভ্ৰমৰ মাজত পৰি আছিলোঁ। মবিলৰ পাৰ্টীক

৬৯