পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লৈ অলীক দুঃস্বপ্ন দেখিছিলোঁ। হঠাৎ জাঁপ মাৰি উঠিলোঁ, যেন দেৰি হৈ গৈছে। হঠাৎ দেখিলোঁ বোটৰ পৰা পাঁচ মিটাৰমান দূৰত দুটা বিশাল স্ফটিকৰ বল। মোৰ পিনে ভূতৰ দৰে চাই আছে। ভাব হ'ল, আকৌ যেন সপোনকে দেখিছোঁ। উঠি বহিলোঁ। ভীষণ ভয় খাইছোঁ। চাৰি মিটাৰ দীঘল দানৱৰ দৰে এই অদ্ভুত জন্তুটোৱে কিছু ক্ষণ মোলৈ চাই থাকি আচম্বিতে ডুব দিলে সাগৰৰ অতল বুকুত। পানীখিনিত ফেনেৰে ওপঙি থাকিল। সপোন নে দিঠক একো বুজিব নোৱাৰিলোঁ।

 মই নিশ্চিত, যদি জন্তুটোৱে আছাৰ মাৰি দিলেহেঁতেন, মুহূৰ্ততে বোটখন লুটি খাই পৰি গ'লহেঁতেন পানীত। কথাটো ভাবি মই ভয়ত কঁপি উঠিলোঁ। সেই ভয়ে মোৰ সম্বিৎ ঘুৰায়ো আনিলে। ভঙা ব’ঠাপাট খামোচ মাৰি ধৰিলোঁ। উঠি বহিলোঁ বোটত, সাজু হ'লোঁ যুঁজ দিবৰ বাবে। বোটখন লুটিয়াই দিবলৈ যি আহে, তাৰ সৈতেই মই যুদ্ধ দিব লাগিব।

 সময় তেতিয়া পাঁচ বাজিছে। সময় আৰু নিয়ম মানি চলা হাঙৰবোৰ নিঃশব্দে আহি ওলাইছে।

 বোটৰ দাঁতিলৈ চালোঁ— য'ত মই প্ৰতিদিনৰ হিচাপ দাগ কাটি ৰাখিছোঁ। আঠটা দাগ। আজিৰ দিনটোৰ দাগ কাটিবলৈ পাহৰি গৈছোঁ। চাবিপাটেৰে ঘঁহি দাগটো দিলোঁ, সম্ভৱতঃ এইটোৱেই শেষ দাগ। জীয়াই থকাতকৈ মৃত্যু আৰু অধিক কষ্টকৰ। পুৱাৰ পৰা মই মোৰ মৃত্যুকে কামনা কৰি আছিলোঁ। তথাপি এতিয়াও মই জীৱিত। হাতত মোৰ এপাট ভগা ব’ঠা। জীয়াই থাকিবলৈ মই এতিয়াও যুঁজ দি যাম, যদিও এই জীৱনৰ কোনো অৰ্থ নাই, কোনো মূল্য নাই।

 ৰহস্যময় শিপা

 তপত সীহৰ দৰেই হৈ উঠিছে সূৰ্য। তৃষ্ণা হৈ উঠিছে অসহ্যকৰ। ঠিক তেনে সময়তে অবিশ্বাস্য ঘটনা এটা ঘটিল। বোটৰ ভিতৰত ৰছীৰ জালৰ মাজত ৰঙচুৱা বৰণৰ এডাল শিপা দেখিবলৈ পালোঁ। বয়াকাত এনেধৰণৰ শিপাৰ ৰসেৰে ৰং কৰা কাম কৰা হয়। এইডালনো কেতিয়াৰ পৰা আছে নাজানিলোঁ। যোৱা নদিন ধৰি সমুদ্ৰত এগছা ঘাঁহো দেখা নাই। শিপাডাল বোটৰ মজিয়াত ৰছীৰ সৈতে সাঙোৰ খাই আছে। তীৰৰ ইংগিত! কিন্তু ক’তো এতিয়ালৈ তীৰ দেখিবলৈ পোৱা নাই মই।

 হাতত লৈ শিপাডাল পৰীক্ষা কৰিলোঁ। কমেও ত্ৰিছ চেণ্টিমিটাৰ দীঘল। মই ক্ষুধাৰ্ত। খাদ্যৰ চৰিত্ৰ বিচাৰ কৰাৰ শক্তি মোৰ নাই। অলসভাৱে শিপাডাল চোবাবলৈ ধৰিলোঁ। তেজৰ নিচিনাই সোৱাদ। মিঠাতেলৰ দৰে কিবা এবিধ ৰস নিগৰি আহিছে। ডিঙিটো আৰাম পালোঁ। শিপাডাল নিমিষতে খাই নিঃশেষ কৰি দিলোঁ।

৭০