জ্ঞান-মালা/মেকুৰি
মেকুৰি।
আমাৰ মানুহে কয় “বাঘ চাব নেলাগে বোন্দাকে
চাবা,” কথাটো বৰ সচ। সিহঁতৰ ভিতৰত এনে
আচৰিত মিল আছে যে মেকুৰি বাঘৰ সমান ওখ ও
ডাঙ্গৰ হোৱা হলে কোনটো মেকুৰি কোনটো বাঘ তাৰ
তত ধৰা মানুহৰ পক্ষে সহজ নহলহেতেন। সিহঁতৰ সাহও
কম বুলি নেভাবিবা। ঘৰৰ ভিতৰত নিৰ্জ্জুটিৰ দৰে
হে, কিন্তু বিপদত পৰি পলাবৰ আন উপায় নেপালে
উলটি গুজৰি প্ৰকাণ্ড কুকুৰকো আক্ৰমণ কৰিবলৈ বুকু
ফিন্দাই ঠিয় হয়।
[ ৩৫ ] মেকুৰিৰ গাৰ গঠন বৰ ধুনীয়া। কঁকালখন সৰু।
গোটেইটো গা কলা, মুগা বা ফুটুকা-ফুটুকি কোমল
লোমেৰে ঢকা থাকে। কৰুণাময় ঈশ্বৰে সিহঁতক ৰদ
বৰষুণৰ পৰা ৰক্ষা কৰিবলৈকে এই লোম বিলাকেৰে
ঢাকি সিহঁতৰ শৰীৰটি সাজিছে।
সিহঁতৰ চকুৰ মণিৰ আকাৰ দিন আৰু ৰাতিৰ লগে লগে বদলি যায়। দিনত সৰু এদাল ৰেখাৰ নিচিনা থাকে। ৰাতিৰ লগে লগে বাঢ়ি ঘুৰনীয়া হৈ উঠে। সেই কাৰণে মেকুৰিয়ে ৰাতিও দিনৰ নিচিনা কৈয়ে দেখিবলৈ পায়। ৰাতিৰ যি এন্ধাৰত আমি খুন্দা খুন্দলি খাই মৰিব লাগে সিহঁতে তাতে ভালকৈ দেখিবলৈ পায়।
পইতা চৰায়, নিগনি আদি মাৰি মেকুৰিয়ে গৃহস্থৰ উপকাৰ কৰে। কিন্তু এটাইবিলাক মেকুৰিয়ে শিকাৰ কৰাত চোকা নহয়। কাৰণ সৰহভাগে সহজে মাছ ভাত খাবলৈ পাই দুঃখৰ বন শিকাৰ ধৰা বিদ্যাটো এৰি দিয়ে।
মেকুৰিৰ এবাৰতে কেবাটা পোৱালি হয়। বোন্দা মেকুৰিয়ে পোৱালি দেখিলেই মাৰি বা খাই পেলায় সেই কাৰণে মাকবিলাকে মতা মেকুৰিৰ পৰা আঁতৰত বৰ যতনেৰে সিহঁতৰ পোৱালিবিলাকক লুকাই থৈ ডাঙ্গৰ [ ৩৬ ] দীঘল কৰে। মেকুৰিয়ে সহজে জনম ঠাইৰ মায়া পাহৰিব নোৱাৰে। মানুহে বহুত সময়ত সিহঁতৰ দৌৰাত্ম্যত থাকিব নোৱাৰি মোনাত ভৰাই মুখ বন্ধ কৰি নি দূৰনী ঠাইত মেলি দি আহে; কিন্তু পাচতে ঘুৰি ফিৰি আকৌ সেই ঠাই লৈকে সিহঁতক উলটি অহা দেখিবলৈ পোৱা যায়।
মানুহে কয় যে মেকুৰি বৰ অশলাগি। যি জন গৃহস্থৰ খাই শকত হয় তেওঁকে এই বুলি শাও দিয়ে যে তেওঁ যেন অন্ধ বা নিঃসন্তান হয়; তেহে তেওঁৰ মৰম চেনেহ খিনিৰ অকল সৰীয়া অধিকাৰী হবৰ আৰু মাছ গাখীৰ চুৰ কৰি খাবৰ সুচল হব। কিন্তু স্বৰূপতে সেইটো নহয়। বহুত মেকুৰিৰ প্ৰভু-ভক্তিৰ কথা শুনি আমি আচৰিত হব লগিয়াত পৰোঁ।
বিলাতৰ কোনো এজনী বুঢ়ীৰ এটা মেকুৰি আছিল। মেকুৰজনীয়ে বুঢ়ীক বৰ ভাল পায়। দিন দিনটো “মেও” “মেও” কৰি ছায়াৰ দৰে বুঢ়ীৰ লগে লগে ফুৰে। তাই বুঢ়ীয়ে নিজ হাতে তুলি নিদিলে কোনো খোৱা বস্তুতে মুখ নিদিয়ে। এই দৰে থাকোতে থাকোতে হঠাৎ বুঢ়ীৰ বৰটান নৰিয়া হল। শেষত এনে হল যে ঢাৰি-পাটীৰ পৰা উঠিবৰে শক্তি নোহোৱা হল। মেকুৰি [ ৩৭ ] জনীয়ে বুঢ়ীৰ কাষতে পৰ দি বহি থাকে। কোনো মতে সেই ঠাইৰ পৰা উঠি যাব নোখোজে। কিন্তু এদিন হঠাৎ উঠিগৈ কৰবাৰ পৰা এডোখৰ মাছ আনি বুঢ়ীৰ হাতৰ ওচৰতে থৈ দিলে হি। তাইৰ যেন মনত হৈছিল যে মোৰ গৃহস্থনীৰ উঠিবৰ শক্তি নাই, খোৱা বস্তু কৰ পৰা পাব দেহি। বুঢ়ী মৰাৰ পাছত শৱটো যেতিয়া লৈ গল মেকুৰি জনীয়ে ইনায় বিনায় কান্দি ই ঘৰ সি ঘৰ কৰি বুঢ়ীক বিচাৰি ফুৰিব ধৰিলে। কিছুমান দিনৰ পাচত মানুহে দেখা পালে যে মেকুৰি জনীয়ে তাইৰ গৃহস্থনীৰ সমাধিৰ ওপৰত পৰি মৰি আছে।
শুনা যায় এইদৰে কোনো এক সাহাবৰ মৃত্যুৰ পাচত তেওঁৰ আদৰুৱা মেকুৰি জনীয়েও তাইৰ প্ৰভুৰ সমাধিৰ ওপৰত ব্যাকুল ভাবে শোক প্ৰকাশ কৰি পৰি থাকিছিল।