পৃষ্ঠা:জ্ঞান-মালা.djvu/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৬
জ্ঞানমালা।

দীঘল কৰে। মেকুৰিয়ে সহজে জনম ঠাইৰ মায়া পাহৰিব নোৱাৰে। মানুহে বহুত সময়ত সিহঁতৰ দৌৰাত্ম্যত থাকিব নোৱাৰি মোনাত ভৰাই মুখ বন্ধ কৰি নি দূৰনী ঠাইত মেলি দি আহে; কিন্তু পাচতে ঘুৰি ফিৰি আকৌ সেই ঠাই লৈকে সিহঁতক উলটি অহা দেখিবলৈ পোৱা যায়।

 মানুহে কয় যে মেকুৰি বৰ অশলাগি। যি জন গৃহস্থৰ খাই শকত হয় তেওঁকে এই বুলি শাও দিয়ে যে তেওঁ যেন অন্ধ বা নিঃসন্তান হয়; তেহে তেওঁৰ মৰম চেনেহ খিনিৰ অকল সৰীয়া অধিকাৰী হবৰ আৰু মাছ গাখীৰ চুৰ কৰি খাবৰ সুচল হব। কিন্তু স্বৰূপতে সেইটো নহয়। বহুত মেকুৰিৰ প্ৰভু-ভক্তিৰ কথা শুনি আমি আচৰিত হব লগিয়াত পৰোঁ।

 বিলাতৰ কোনো এজনী বুঢ়ীৰ এটা মেকুৰি আছিল। মেকুৰজনীয়ে বুঢ়ীক বৰ ভাল পায়। দিন দিনটো “মেও” “মেও” কৰি ছায়াৰ দৰে বুঢ়ীৰ লগে লগে ফুৰে। তাই বুঢ়ীয়ে নিজ হাতে তুলি নিদিলে কোনো খোৱা বস্তুতে মুখ নিদিয়ে। এই দৰে থাকোতে থাকোতে হঠাৎ বুঢ়ীৰ বৰটান নৰিয়া হল। শেষত এনে হল যে ঢাৰি-পাটীৰ পৰা উঠিবৰে শক্তি নোহোৱা হল। মেকুৰি