পৃষ্ঠা:জ্ঞান-মালা.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
জ্ঞানমালা।

জনীয়ে বুঢ়ীৰ কাষতে পৰ দি বহি থাকে। কোনো মতে সেই ঠাইৰ পৰা উঠি যাব নোখোজে। কিন্তু এদিন হঠাৎ উঠিগৈ কৰবাৰ পৰা এডোখৰ মাছ আনি বুঢ়ীৰ হাতৰ ওচৰতে থৈ দিলে হি। তাইৰ যেন মনত হৈছিল যে মোৰ গৃহস্থনীৰ উঠিবৰ শক্তি নাই, খোৱা বস্তু কৰ পৰা পাব দেহি। বুঢ়ী মৰাৰ পাছত শৱটো যেতিয়া লৈ গল মেকুৰি জনীয়ে ইনায় বিনায় কান্দি ই ঘৰ সি ঘৰ কৰি বুঢ়ীক বিচাৰি ফুৰিব ধৰিলে। কিছুমান দিনৰ পাচত মানুহে দেখা পালে যে মেকুৰি জনীয়ে তাইৰ গৃহস্থনীৰ সমাধিৰ ওপৰত পৰি মৰি আছে।

 শুনা যায় এইদৰে কোনো এক সাহাবৰ মৃত্যুৰ পাচত তেওঁৰ আদৰুৱা মেকুৰি জনীয়েও তাইৰ প্ৰভুৰ সমাধিৰ ওপৰত ব্যাকুল ভাবে শোক প্ৰকাশ কৰি পৰি থাকিছিল।