পৃষ্ঠা:জ্ঞান-মালা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেকুৰি।

জ্ঞান-মালা (page 44 crop).jpg
জ্ঞান-মালা (page 44 crop).jpg

 আমাৰ মানুহে কয় “বাঘ চাব নেলাগে বোন্দাকে চাবা,” কথাটো বৰ সচ। সিহঁতৰ ভিতৰত এনে আচৰিত মিল আছে যে মেকুৰি বাঘৰ সমান ওখ ও ডাঙ্গৰ হোৱা হলে কোনটো মেকুৰি কোনটো বাঘ তাৰ তত ধৰা মানুহৰ পক্ষে সহজ নহলহেতেন। সিহঁতৰ সাহও কম বুলি নেভাবিবা। ঘৰৰ ভিতৰত নিৰ্জ্জুটিৰ দৰে হে, কিন্তু বিপদত পৰি পলাবৰ আন উপায় নেপালে উলটি গুজৰি প্ৰকাণ্ড কুকুৰকো আক্ৰমণ কৰিবলৈ বুকু ফিন্দাই ঠিয় হয়।