জ্ঞান-মালা/দুখে সুখৰ মোল বুজায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস
[ ৩৮ ]

দুখে সুখৰ মোল বুজায়।

 এজন ৰজাই সাগৰৰ সৌন্দৰ্য্য চাবৰ মনেৰে জাহাজত উঠি সাগৰ ভ্ৰমণৰ কাৰণে বাহিৰ হল। তেওঁৰ লগত এটা বন্দী লৰা আছিল। সি আৰু কেতিয়াও সাগৰ দেখা আৰু জাহাজত উঠা নাছিল, সেই বাবে জাহজত উঠা মাত্ৰকে ইনায় বিনায় কান্দি ভয়ত অথিৰ হৈ কপিব ধৰিলে। জাহাজৰ আন আন মানুহবিলাকে তাক বুজনি দিবলৈ কিমান চেষ্টা কৰিলে কিমান সান্ত্বনাৰ কথা কলে কিন্তু তাৰ কান্দোন পাতল নপৰিল লাহে লাহে বেচি হে হব ধৰিলে।

 সমুদ্ৰৰ শোভাত ৰজাৰ মন মুগ্ধ হল। তেওঁ ৰাজ সভাসদ বিলাকৰ সৈতে আমোদ প্ৰমোদত বহিল কিন্তু বন্দী ল’ৰাটোৰ কান্দোনৰ তাপত কাৰ সাধ্য শান্তিৰে সুখভোগ কৰে? তাৰ কান্দোনৰ তাপত জাহাজৰ আন আন আৰোহীবিলাকৰ সুখ শান্তি নোহোৱা হল। ৰজাই সমুদ্ৰ ভ্ৰমণৰ যি সুখ তাক বন্দী ল’ৰাটোৰ কাৰণে আৰু সুখেৰে ভোগ কৰিব নোৱাৰিব বুলি ভাবিলে। সেই জাহজত এজন বেজ আছিল তেওঁ ৰজাক সম্বোধন কৰি কলে, “হে মহাৰাজ, আপুনি কিয় চিন্তিত হৈছে? আপ [ ৩৯ ] নাৰ অনুমতি পালে তাক মই এতিয়াই শান্ত কৰিব পাৰোঁ।” ৰজাই উত্তৰ দিলে, “যদি তুমি তাক নিচুকাব পাৰা তেন্তে অকল মোৰ নহয় জাহাজৰ সকলো আৰোহীৰেই তুমি কৃতজ্ঞভাজন হবা।”

জ্ঞান-মালা (page 49 crop).jpg

 বেজ জনৰ কথামতে তাক সাগৰত পেলায় দিয়া হল। অলপ পৰ সাগৰৰ ঢউত তল ওপৰ কৰি থকাৰ পাচত তাক জৰীৰে তুলি টানি জাহাজৰ দাঁতিলৈ আনিলে সি তেতিয়া দুই হাতেৰে খামুচি লঙ্গৰ ডালত ধৰি জাহাজৰ ওপৰলৈ উঠি আহি জাহাজৰ এটা চুকলৈ গৈ কোচ মোচ খাই নিতাল মাৰি বহি থাকিলে। ৰজাই সকলো দেখা পাই সম্ভোষিত হৈ সুধিলে, “ইয়াত নো তুমি কি কৌশল খটালা?” বেজে উত্তৰ দিলে, “হে মহাৰাজ, [ ৪০ ] বেমাৰ পৰিলে মানুহে যেনে স্বাস্থ্যৰ মূল্য বুজে সেই দৰে ই সাগৰত পৰাৰ আগেয়ে জাহাজৰ ভিতৰত যে নিৰাপদ হৈ আছে সেইটো তাৰ মনত একো যেন নেলাগিছিলে। দুখত নপৰিলে মানুহে সুখৰ মোল বুজিব নোৱাৰে সেই কাৰণে পৰমেশ্বৰে সুখৰ লগতে দুখৰো সৃষ্টি কৰিছে। হে মহাৰাজ, এতেকে সকলো বিপদকে ঈশ্বৰৰ দান বুলি ধৈৰ্য্যেৰে আমাৰ সহা উচিত।