পৃষ্ঠা:জ্ঞান-মালা.djvu/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৫
জ্ঞানমালা।

 মেকুৰিৰ গাৰ গঠন বৰ ধুনীয়া। কঁকালখন সৰু। গোটেইটো গা কলা, মুগা বা ফুটুকা-ফুটুকি কোমল লোমেৰে ঢকা থাকে। কৰুণাময় ঈশ্বৰে সিহঁতক ৰদ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈকে এই লোম বিলাকেৰে ঢাকি সিহঁতৰ শৰীৰটি সাজিছে।

 সিহঁতৰ চকুৰ মণিৰ আকাৰ দিন আৰু ৰাতিৰ লগে লগে বদলি যায়। দিনত সৰু এদাল ৰেখাৰ নিচিনা থাকে। ৰাতিৰ লগে লগে বাঢ়ি ঘুৰনীয়া হৈ উঠে। সেই কাৰণে মেকুৰিয়ে ৰাতিও দিনৰ নিচিনা কৈয়ে দেখিবলৈ পায়। ৰাতিৰ যি এন্ধাৰত আমি খুন্দা খুন্দলি খাই মৰিব লাগে সিহঁতে তাতে ভালকৈ দেখিবলৈ পায়।

 পইতা চৰায়, নিগনি আদি মাৰি মেকুৰিয়ে গৃহস্থৰ উপকাৰ কৰে। কিন্তু এটাইবিলাক মেকুৰিয়ে শিকাৰ কৰাত চোকা নহয়। কাৰণ সৰহভাগে সহজে মাছ ভাত খাবলৈ পাই দুঃখৰ বন শিকাৰ ধৰা বিদ্যাটো এৰি দিয়ে।

 মেকুৰিৰ এবাৰতে কেবাটা পোৱালি হয়। বোন্দা মেকুৰিয়ে পোৱালি দেখিলেই মাৰি বা খাই পেলায় সেই কাৰণে মাকবিলাকে মতা মেকুৰিৰ পৰা আঁতৰত বৰ যতনেৰে সিহঁতৰ পোৱালিবিলাকক লুকাই থৈ ডাঙ্গৰ