জ্ঞান-মালা/মৌমাখি

ৱিকিউৎসৰ পৰা

[ ৩২ ]

মৌমাখি।

 এটা বৰলে এটা মৌক দেখা পাই সুধিলে “হেৰা, কোৱাচোন মানুহে মোৰ ওপৰত কিয় ইমান অত্যাচাৰ কৰে আৰু তোমাক ভাল পায়? আমি দোখোন দুয়ো দেখিবলৈ প্ৰায় একে। মোৰ গাৰ সোনালীৰঙ্গৰ ৰেখা বিলাকে মোৰ জেউতি তোমাৰকৈ বেচি হে চৰাইছে। আমি দুইও মউ ভাল পাওঁ। দুয়োকো ঈশ্বৰে উৰিবলৈ পাখি আৰু খঙ্গ উঠিলে আনৰ গাত হুল ফুটাই দিবলৈ শক্তি দিছে। আৰু ভাবিচোৱাচোন তোমাতকৈ মই মানুহৰ ভাল কৈয়ে চিনাকি, তেওঁ বিলাকৰ ঘৰলৈ মই অহা যোৱা কৰো; পিঠা মিঠে আদি খোৱাৰ সময়ত তেওঁ বিলাকৰ আগত ওলাওঁ গৈ। কিন্তু তুমি বৰ লাজুক, তেওঁ বিলাকৰ ওচৰলৈ নোযোৱা, তথাপি তুমি [ ৩৩ ] থাকিবৰ কাৰণে তেওঁবিলাকে ঘৰ সাজি দিয়ে, আৰু জাৰকালি যেতিয়া আহাৰৰ অনাটন হয় তোমাক খুৱাই ধুৱাই ৰাখে। ই বৰ আচৰিত কথা। কাৰণ কব পাৰানে ভাই?”

 মৌটোয়ে কলে “তোমাক কিয় ভাল নেপায় জানানে? তুমি কেতিয়াও তেওঁবিলাকৰ কোনো উপকাৰ নকৰা কিন্তু আমনি আৰু অনিষ্টহে কৰা। আমি গোটেই দিন খাটি তেওঁবিলাকক মউ গোটাই দিম এই কথা তেওঁবিলাকে জানে সেই বাবেই আমাৰ ইমান আদৰ। তুমিও তেওঁবিলাকৰ সৈতে বেচি দেখা শুনা নকৰি তেওঁবিলাকৰ উপকাৰ কৰিবলৈহে চেষ্টা কৰা উচিত।”

 গুণত সকলো মুগ্ধ হয়। দেখিবলৈ কুৰূপ হলেও গুণ থাকিলে সকলোৰে আদৰ পায়। বৰ ধুনীয়া হলেও নিৰ্গুণী মানুহক বৰলৰ দৰে সকলোৱে অনাদৰ কৰে।