জ্ঞান-মালা/ধাত্ৰী পান্না

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস
[ ২৮ ] [ ২৯ ]

ধাত্ৰী পান্না।

 যেতিয়া মিবাৰৰ ৰাণী সংগ্ৰাম সিংহৰ মৃত্যু হয় তেতিয়া তেওঁৰ পুতেক উদয়সিংহৰ বয়স ছয় বচৰ মাথোন। ৰাজ্যৰ ডাঙ্গৰ বিষয়াবিলাকে পৰামৰ্শ কৰি উদয়সিংহ ডাঙ্গৰ নোহোৱালৈকে বনবীৰৰ হাতত ৰাজ্যশাসনৰ ভৰি দিলে। বনবীৰ সম্পৰ্কত উদয়সিংহৰ খুৰাযেক আছিল।

 বনবীৰৰ গাত যিবিলাক গুণ দেখা পাই ৰাজ্যৰ ভাৰ তেও হাতত দিয়া হৈছিল ৰজা হোবাৰ পাচত সেই বিলাক গুণ তেওঁৰ গাৰ পৰা নাইকিয়া হব ধৰিলে। ওখ পদ পাই তেওঁৰ লোভ আৰু মন বাঢ়িল। আচল কৰ্ত্তব্য পাহৰি গল। কেনেকৈ নো মিবাৰ ৰাজ্য চিৰকাল ভোগ কৰিব পাৰিব ৰাতিয়ে দিনে এই ধাউতি তেওঁৰ লগ নেৰা হল। ৰাজকুমাৰ উদয়সিংহ বনবীৰে শান্তিৰে ৰাজ্য ভোগ কৰাৰ বাটত কাইট স্বৰূপ। উদয়সিংহ জীয়াই থাকে মানে তেওঁৰ ইচ্ছা পূৰণ হব নোৱাৰে এতেকে এই কাইট উভালি পেলাবলৈ বনবীৰ দৃঢ়সঙ্কল্প হল।
[ ৩০ ]  অৱশেষত এদিন দিন গৈ সন্ধিয়া আহিল। এন্ধাৰে গোটেই জগত লাহে লাহে ঢাকি পেলালে। ৰাজকুমাৰ উদয়সিংহয়ো গোটেই দিন লৱৰি ধাপৰি উমলি ভাগৰি পৰিলত ধাই মাক পান্নাই কুমাৰক কোলাত তুলি দুটামান খুৱাই পালেঙ্গত শুৱাই থলে। দেখোত দেখোতে ৰাজকুমাৰ চকু মুদ খাই আহিল। পান্নাই কাষতে বহি মুৰত হাত বুলাই দিবলৈ ধৰিছে এনেতে গোটেই ৰাজপুৰীত কোঢ়াল শুনিব পাই চক খাই উঠিল। ৰাজপুৰীত কিনো বিপদ ঘটিল জানিবৰ মনেৰে উঠি যাব খুজিছে এনে সময়তে এজন লিগিৰাই ফোপাই ফোপাই আহি বাতৰি দিলে “সৰ্ব্বনাশ! বনবীৰে ভীষণমূৰ্ত্তি ধৰি হাতত তৰোয়াল লৈ কুমাৰক কাটিবলৈ আহিছে। হায়! পাপাত্মা লোভী বনবীৰে শত্ৰু-মিত্ৰ, ভাল-বেয়া একো নজনা এই সৰল অসহায় নিদ্ৰিত শিশুৰ তেজেৰে এতিয়াই ৰাজপুৰী ৰাঙ্গলী কৰিব।” এনে ভীষণ বাতৰি পাই পান্নাৰ জীব উৰি গল আৰু কি উপায়েৰে নো ৰাজকুমাৰৰ প্ৰাণ ৰক্ষা কৰিব পাৰি তাকে ব্যাকুল ভাৱে ভাবিব ধৰিলে। ওচৰতে ফল ফুলেৰে ভৰা এটা পাচি পৰি আছিল। পান্নাই ফলফুল বিলাক মাটিত পেলাই পাচিটোৰ ভিতৰত কুমাৰক শুৱাই দিলে; ওপৰখন কিছু [ ৩১ ] মান পাত আৰু ফুলেৰে ঢাকি পাচিতো দাঙ্গি লিগিৰাৰ মুৰত তুলি দি কলে, “এই পাচিটো লৈ তুমি এতিয়াই পলাই যোৱা।” বিশ্বাসী লিগিৰাটোৱেও একো তৰ্ক বিতৰ্ক নকৰি পাচিটো মুৰতলৈ তৎক্ষণাৎ ৰাজপুৰীৰ পৰা বাজ হল।

 ইফালে পান্নাই নিজৰ পুতেকক ৰাজকুমাৰৰ বিছনাত শুৱাই সেই খোটালিৰ পৰা ওলাই যাব ধৰিছে এনেতে ভীম বেশেৰে বনবীৰে সেই খোটালিত প্ৰবেশ কৰিলে। “উদয়সিংহ কত আছে?” বুলি সোধাত পান্নাই মুখেৰে একো নেমাতি নিজৰ পুতেকলৈ আঙ্গুলিয়াই দেখুৱালে। বনবীৰে তৎক্ষণাৎ সেই নিদ্ৰিত শিশুৰ কোমল বুকত তৰোয়াল বহুৱাই দি গুচি গল। পান্নাই নিজ প্ৰাণপুত্ৰক বলি দি ৰাণাৰ বংশ ৰক্ষা কৰিলে। দুখিনীয়ে বুকৰ ধনক বিসৰ্জ্জন দি এবাৰ মন খুলি কান্দিবও নোৱাৰিলে বুকু ফাটি যোৱা মনৰ দুখ মনতে লুকাই চকু লো মুচি তৎক্ষণাৎ ৰাজকুমাৰৰ উদ্দেশ্যে প্ৰস্থান কৰিলে।

 ওখ বংশত উপজিলেই মানুহ ওখ হব নোৱাৰে। মহৎ ভাৱ আৰু গুণৰ দ্বাৰা হে মানুহ ওখ হয়। পান্না এজনী সামান্যা ধাই আছিল, কিন্তু অসাধাৰণ আত্মত্যা [ ৩২ ] গৰ দ্বাৰা সকলোৰে পূজনীয়া হৈ গৈছে। ইতিহাস খুলি চোৱা দেখিবা সোনাৰ আখৰেৰে লেখা আছে “বীৰ ধাত্ৰী পান্না”