অৱশেষত এদিন দিন গৈ সন্ধিয়া আহিল। এন্ধাৰে গোটেই জগত লাহে লাহে ঢাকি পেলালে। ৰাজকুমাৰ উদয়সিংহয়ো গোটেই দিন লৱৰি ধাপৰি উমলি ভাগৰি পৰিলত ধাই মাক পান্নাই কুমাৰক কোলাত তুলি দুটামান খুৱাই পালেঙ্গত শুৱাই থলে। দেখোত দেখোতে ৰাজকুমাৰ চকু মুদ খাই আহিল। পান্নাই কাষতে বহি মুৰত হাত বুলাই দিবলৈ ধৰিছে এনেতে গোটেই ৰাজপুৰীত কোঢ়াল শুনিব পাই চক খাই উঠিল। ৰাজপুৰীত কিনো বিপদ ঘটিল জানিবৰ মনেৰে উঠি যাব খুজিছে এনে সময়তে এজন লিগিৰাই ফোপাই ফোপাই আহি বাতৰি দিলে “সৰ্ব্বনাশ! বনবীৰে ভীষণমূৰ্ত্তি ধৰি হাতত তৰোয়াল লৈ কুমাৰক কাটিবলৈ আহিছে। হায়! পাপাত্মা লোভী বনবীৰে শত্ৰু-মিত্ৰ, ভাল-বেয়া একো নজনা এই সৰল অসহায় নিদ্ৰিত শিশুৰ তেজেৰে এতিয়াই ৰাজপুৰী ৰাঙ্গলী কৰিব।” এনে ভীষণ বাতৰি পাই পান্নাৰ জীব উৰি গল আৰু কি উপায়েৰে নো ৰাজকুমাৰৰ প্ৰাণ ৰক্ষা কৰিব পাৰি তাকে ব্যাকুল ভাৱে ভাবিব ধৰিলে। ওচৰতে ফল ফুলেৰে ভৰা এটা পাচি পৰি আছিল। পান্নাই ফলফুল বিলাক মাটিত পেলাই পাচিটোৰ ভিতৰত কুমাৰক শুৱাই দিলে; ওপৰখন কিছু
পৃষ্ঠা:জ্ঞান-মালা.djvu/৪০
অৱয়ব