পৃষ্ঠা:জ্ঞান-মালা.djvu/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩১
জ্ঞানমালা।

মান পাত আৰু ফুলেৰে ঢাকি পাচিতো দাঙ্গি লিগিৰাৰ মুৰত তুলি দি কলে, “এই পাচিটো লৈ তুমি এতিয়াই পলাই যোৱা।” বিশ্বাসী লিগিৰাটোৱেও একো তৰ্ক বিতৰ্ক নকৰি পাচিটো মুৰতলৈ তৎক্ষণাৎ ৰাজপুৰীৰ পৰা বাজ হল।

 ইফালে পান্নাই নিজৰ পুতেকক ৰাজকুমাৰৰ বিছনাত শুৱাই সেই খোটালিৰ পৰা ওলাই যাব ধৰিছে এনেতে ভীম বেশেৰে বনবীৰে সেই খোটালিত প্ৰবেশ কৰিলে। “উদয়সিংহ কত আছে?” বুলি সোধাত পান্নাই মুখেৰে একো নেমাতি নিজৰ পুতেকলৈ আঙ্গুলিয়াই দেখুৱালে। বনবীৰে তৎক্ষণাৎ সেই নিদ্ৰিত শিশুৰ কোমল বুকত তৰোয়াল বহুৱাই দি গুচি গল। পান্নাই নিজ প্ৰাণপুত্ৰক বলি দি ৰাণাৰ বংশ ৰক্ষা কৰিলে। দুখিনীয়ে বুকৰ ধনক বিসৰ্জ্জন দি এবাৰ মন খুলি কান্দিবও নোৱাৰিলে বুকু ফাটি যোৱা মনৰ দুখ মনতে লুকাই চকু লো মুচি তৎক্ষণাৎ ৰাজকুমাৰৰ উদ্দেশ্যে প্ৰস্থান কৰিলে।

 ওখ বংশত উপজিলেই মানুহ ওখ হব নোৱাৰে। মহৎ ভাৱ আৰু গুণৰ দ্বাৰা হে মানুহ ওখ হয়। পান্না এজনী সামান্যা ধাই আছিল, কিন্তু অসাধাৰণ আত্মত্যা