জ্ঞান-মালা/ৰাম
ৰাম।
“তুমি নিজৰ প্ৰতি যেনেকুৱা ব্যৱহাৰ ভাল পোৱা লোকৰ প্ৰতিও তেনেকুৱা ব্যৱহাৰ কৰিবা।”
এদিন ৰামে পিতাকে সৈতে এখন বাগিচালৈ ফুৰিবলৈ গৈছিল। সেই বাগিচাৰ নানাবিধ ফল ফুলেৰে ভৰা সেউজীযা গছ লতায় ৰামৰ মন একেবাৰে মোহি পেলালে। তাত এজোপা গছত এটা চৰাইৰ বাহ আছিল। ৰামে বাগিচাৰ সৌন্দৰ্য্য চাই ফুৰোঁতে সেই বাহৰ পৰা লৰোঁতে এটা টটাটিঙ্গা চৰাই পোৱালি মাটিত ধুপুচ্ কৰে পৰি যোৱা দেখা পাই লৱৰি গৈ তাক বুকত সাবটি ধৰি আনি পিতাকক দেখুৱালে হি। পিতাকে দেখি কলে “বাপা তুমিনো চৰাইৰ পোৱালিটি কিয় আনিলা? ইয়াৰেনো তুমি কি কৰিবা?” ৰামে উত্তৰ দিলে “দেউতা, মই ঘৰলৈ নি সজাত ভৰাই পুহিম; আৰু ইয়াক কথা কবলৈ শিকাম।” পিতাকে কলে “বাপা, তোমাক এটা কোঁঠালীত সদায় বন্ধ কৰি থলে ভাল পাবানে?” ৰামে উত্তৰ দিলে “কেতিয়াও ভাল নেপাওঁ।” পিতাক কলে, “পিছে [ ২৬ ] তুমিনো কিয় চৰাই পোৱালিটিক এটা সজাত সদায় বন্ধ কৰি থব খুজিছা? এই নিৰ্জ্জু পোৱালিটিৱে তোমাৰ এনে কি জগৰ কৰিলে যাৰ কাৰণে চিৰকাল বন্দী ৰাখি তাক যন্ত্ৰণা দিবা? তুমি যি ৱ্যবহাৰ আনৰ পৰা পাবলৈ ভাল নোপোৱা তেনে ৱ্যবহাৰ আনৰ লগত কৰা তোমাৰ উচিত নহয়। পশুপক্ষী বিলাকে কথাৰে ফুটাই মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰে হয় কিন্তু আমাৰ দৰে সিহঁতেও সুখ দুখ বুজিব পাৰে। নেদেখানে মৰম কৰি হাত বুলালে আনন্দত সিহঁতৰ চকু কেনে উজ্জ্বল হৈ উঠে, দবিয়ালে মনৰ দুখত সিহঁতে কেনে কোচ্ মোচ্ খাই যায়? আমি বলী বুলি অত্যাচাৰ নকৰি সিহঁতক দয়া কৰাহে যুগুত। সৌৱা চোৱাচোন মাক বাপেক হালে কেনেকৈ কিচ্ মিচ্ কৰি কান্দিব লাগিছে। ইমান কাঠচিতীয়া নহবা। যোৱা পোৱালিটি বাহত তুলি দিয়াগৈ। ৰামে চৰাইৰ পোৱালি পাই ইমান পৰ একোলকে কান দিয়া নাছিল। পিতাকৰ কথা শুনি দেখিলে মাক বাপেক হালে অথিৰ হৈ ইটো ডালৰ পৰা সিটো ডালত পৰি ব্যাকুল ভাবে কান্দিব লাগিছে। ৰামৰ মনত হল যেন কিচ মিচ কৰি চৰাইৰ মাতেৰে ৰামক কাবৌ কৰি কৈছে “নিনিবা, নিনিবা আমাৰ [ ২৭ ] বুকৰ পোৱালিটি অমাৰ বুকুতে থৈ যোৱা।” এই দৃশ্যই ৰামৰ মন মৰমত একেবাৰে পমাই পেলালে। পিতাকৰ কথা মতে পোৱালিটি বাহত তুলি দিলে গৈ। মাক বাপেকে হালে হেৰুৱাবলৈ ধৰা বুকৰ ধনক আকৌ পাই
যিদৰে আনন্দ প্ৰকাশ কৰিবলৈ ধৰিলে সেই আনন্দ চায় কোনে? সিহঁতৰ ইমান আনন্দ দেখা পাই ৰামৰ চকু চকুৰ লোৰে ভৰি গল আৰু পিতাকলৈ চাই কলে “দেউতা, আজি এই কামটো কৰি মই মনত যেনে সুখ [ ২৮ ] পাইছোঁ। এনে সুখ আৰু কেতিয়াবা পোৱা যেন মোৰ মনত নপৰে।” পিতাকে উত্তৰ দিলে “বাপা, সজ কাম কৰি মনত যি বিমল আনন্দ পোৱা যায় তেনে আনন্দ আৰু একোৱে দিব নোৱাৰে। এতেকে সজ কাম কৰি বৰ সুবিধা পালে তাক কেতিয়াও এৰি নিদিবা।”