পৃষ্ঠা:জ্ঞান-মালা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
জ্ঞানমালা।

গৰ দ্বাৰা সকলোৰে পূজনীয়া হৈ গৈছে। ইতিহাস খুলি চোৱা দেখিবা সোনাৰ আখৰেৰে লেখা আছে “বীৰ ধাত্ৰী পান্না”



মৌমাখি।

 এটা বৰলে এটা মৌক দেখা পাই সুধিলে “হেৰা, কোৱাচোন মানুহে মোৰ ওপৰত কিয় ইমান অত্যাচাৰ কৰে আৰু তোমাক ভাল পায়? আমি দোখোন দুয়ো দেখিবলৈ প্ৰায় একে। মোৰ গাৰ সোনালীৰঙ্গৰ ৰেখা বিলাকে মোৰ জেউতি তোমাৰকৈ বেচি হে চৰাইছে। আমি দুইও মউ ভাল পাওঁ। দুয়োকো ঈশ্বৰে উৰিবলৈ পাখি আৰু খঙ্গ উঠিলে আনৰ গাত হুল ফুটাই দিবলৈ শক্তি দিছে। আৰু ভাবিচোৱাচোন তোমাতকৈ মই মানুহৰ ভাল কৈয়ে চিনাকি, তেওঁ বিলাকৰ ঘৰলৈ মই অহা যোৱা কৰো; পিঠা মিঠে আদি খোৱাৰ সময়ত তেওঁ বিলাকৰ আগত ওলাওঁ গৈ। কিন্তু তুমি বৰ লাজুক, তেওঁ বিলাকৰ ওচৰলৈ নোযোৱা, তথাপি তুমি