পৃষ্ঠা:চিন্তা-কলি.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৭
চিন্তা-কলি ৷
 

সমস্ত জগতবাসী ঘৰৰ পৰিয়াল, সমস্ত জগতবাসী দয়াৰ পাত্ৰ। তেওঁলোকৰ আগত দুষ্ট সন্তৰ ভেদাভেদ নাই। তেওঁলোকে দুষ্টক দুৰ্ব্বল বুলি পুতৌ কৰে, আৰু সন্তক গুণৱন্ত বুলি মৰম কৰে। তেওঁলোকৰ দয়া জগত ব্যাপী। তাৰ ভিতৰত মনুষ্য, পশু, পক্ষী, কীট, পতঙ্গ আদি সকলো প্ৰাণী পৰে। মহৎ লোকৰ দয়া উৎকট্, অৰ্থাৎ সাধাৰণ মানুহে যি স্থলত ক্ৰোধ কৰে, সেই স্থলত মহৎলোকে দয়া কৰে। প্ৰহাৰ বা অপমান কৰিলে সকলোৰে ক্ৰোধ হয়, কিন্তু মহৎ লোকৰ দয়াহে জন্মে। সাধাৰণে বৈৰীৰ প্ৰতি বৈৰিতাচৰণ কৰে, কিন্তু মহৎলোকে বৈৰীৰ দোষ মৰ্ষণ কৰি তাক বিপদত সহায় কৰে। এখন গালত মাৰিলে যে সিখন গাল পাতি দিব লাগে, ইও এজন মহৎ লোকৰ উপদেশ।