পৃষ্ঠা:চিন্তা-কলি.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৫
চিন্তা-কলি।


সচৰাচৰ দেখা যায় যে, এটা কথাকে এক শ্ৰেণীৰ মানুহে উচিত বুলি শলাগে, আৰু আন এক শ্ৰেণীৰ মানুহে অনুচিত বুলি পৰিহাৰ কৰে। বাল্য-বিবাহ, স্ত্ৰী-শিক্ষা ইত্যাদি বিষয়ত দুই পক্ষৰ দুই মত দেখা যায়, আৰু প্ৰত্যেক মতৰ সপক্ষে অসংখ্য যুক্তি আছে। এজন মাজৰ মানুহৰ পক্ষে এই দুই মতৰ কোনটো যথাৰ্থ ন্যায়সঙ্গত তাক বাছি তোলা দুষ্কৰ হয়। অন্যান্য সাধাৰণ নিত্যনৈমিত্তিক কাৰ্য্যতো এনেকুৱা বিমোৰ বিভোল কৰা সমস্যা বহুত উপস্থিত হয়। তেতিয়া তাৰ ভিতৰৰপৰা যথাৰ্থ কথা বাছি লবলৈ সমৰ্থ নহলে জগতত মহৎ বোলাব নোৱাৰি। পূৰ্ব্বে কোৱা হৈছে যে মহৎ লোকৰ মুখৰ বচন জগতবাসীৰ মুখৰ বচন হয়। এনে স্থলত মহৎলোকৰ মত যথাৰ্থ, অকাট্য আৰু অপৰিবৰ্ত্তনীয় নহলে জগতবাসীৰ গুৰুতৰ অনিষ্ট হয়।

 মহত্ত্বৰ তৃতীয় উপকৰণ দয়া, আৰু দয়াৰ কৰ্ম্ম পৰোপকাৰ। কিন্তু সকলো বিধৰ পৰোপকাৰ মহত্ত্বৰ চিনাকি নহয়। জীৱনৰ ভিতৰত আনৰ উপকাৰ নকৰা লোক পৃথিবীত নাই। যি অধমতো অধম সিও এদিন এটা পৰোপকাৰ কৰিছে। কিন্তু আটাইবিলাক লোকে জন সমাজত মহৎ খ্যাতি লাভ কৰা নাই। আৰু পৃখিবীত যিবিলাক ধনশালী মানুহ আছে, তেওঁলোকেও অনেক সময়ত অনেক প্ৰকাৰে পৰৰ উপকাৰ কৰিছে। কোনোৱে ভুকীয়াৰ ভোক নিবাৰণৰ নিমিত্তে অন্নদান কৰিছে, কোনোৱে দৰিদ্ৰৰ দাৰিদ্ৰ হৰণৰ নিমিত্তে