পৃষ্ঠা:চিন্তা-কলি.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩
চিন্তা-কলি।

নিকা কৰি ৰাখিছিল, আৰু দয়া, সত্যবাদিতা,ন্যায়পৰায়ণতা আদি সদ্‌গুণ পােষণ, কৰ্ষণ কৰি মনােৰাজ্যত সিহঁতৰ একাধিপত্য স্থাপন কৰিছিল। সদ্‌গুণৰ পৰাক্ৰমত সদ্‌গুণৰ শাসনত সংসাৰ-সুলভ প্রলােভনৰাশিয়ে তেওঁলােকক টলাব নোৱাৰি- ছিল। মুঠকৰি কব লাগিলে, তেওঁলােকে বিশেষ প্রয়াসেৰে পৃথিবীত স্বৰ্গৰাজ্য বিস্তাৰ কৰি নিজে তাৰ দেৱতা স্বৰূপে বাস কৰিছিল।

 সত্যবাদিতা মহৎ লােকবিলাকৰ সংসাৰ বিচৰণৰ পথ। এই পথ অৱলম্বন কৰি তেওঁলােকে মহত্ত্বৰ মন্দিৰত উপনীত হয়। মহৎলােকে সত্যৰ বাজে আন কথা নাজানে, সত্যৰ বাজে তেওঁলােকৰ একোলৈ ধাউতি নাই। সত্য ৰক্ষাৰ নিমিত্তে মহৎলােকে অশেষ ক্লেশ ভুঞ্জিবলৈ সাজু হয়। তেওঁলােকৰ মনত সংসাৰৰ বৈভৱ তুচ্ছ, আপােন পৰিয়াল তুচ্ছ, আপােন জীৱন তুচ্ছ, কেৱল সত্যই ঘাই, সত্যই প্রধান। সত্যই তেওঁলােকৰ ধ্যান, সত্যই তেওঁলােকৰ জ্ঞান। সত্য ৰক্ষাৰ নিমিত্তে অগ্নিশিখাত দেহ বিসৰ্জ্জন দিয়া দৃষ্টান্তৰ অভাৱ নাই। সত্য ৰক্ষাৰ নিমিত্তে পুত্র কন্যা আদি প্রিয় জনক অক্লেশে পৰিহাৰ কৰি অৰণ্যবাসী হােৱা দৃষ্টান্তৰ অভাৱ নাই। সত্য ৰক্ষাৰ নিমিত্তে ৰাজসিংহাসনৰ আশাত জলাঞ্জলি দি দেশান্তৰী হােৱা দৃষ্টান্তৰো অভাৱ নাই। এনেকুৱা কঠোৰ যত্নেৰে সত্যৰ পথ অনুসৰণ কৰিহে অৱশেষত মহৎলােকে মহত্ত্ব লাভ কৰে।