সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
চিন্তা-কলি।

এনেকুৱা মহত্ত্ব আয়ত্ত্ব কৰে। এই নিমিত্তে মহৎলোকৰ সংখ্যা পৃথিবীত ইমান কম। আদিৰ পৰা আজিলৈকে লেখ কৰিলে মহৎ লোকৰ সংখ্যাই এযোৰ আঙ্গুলি পাৰ নহয়। ধন বা বিদ্যাৰে মহত্ত্ব কিনিব নোৱাৰি। পৃথিবীত অৰ্ব্বুদ ধনৰ অধিকাৰী বহুত আছে, কিন্তু তেওঁলোকৰ এজনো জগতত মহৎ বুলি খ্যাত হব পৰা নাই। সেইদৰে বিদ্যাৱন্তৰ সংখ্যাও পৃথিবীত অলপ নহয়, কিন্তু তেওঁলোকেও বিদ্যাৰ বলত মহত্ত্ব পদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। নামজ্বলা মহাপুৰুষ কেইজনৰ জীৱনীলৈ চকু কৰিলেও দেখা যায় যে, তেওঁলোকে ধন বা বিদ্যা বা ক্ষমতা আদি আহিলাৰ উপযোগত মহত্ত্ব পদ লাভ কৰা নাছিল। কাৰণ তেওঁলোকৰ এজনো উজ্জ্বল পণ্ডিত বা প্ৰৱল ধনী নাছিল। মহত্ত্ব এটা আপুৰুগীয়া বিভূতি, ই অতিশয় দুৰ্গম ঠাইত স্থাপিত হৈছে। মহামূল্য ৰত্নবোৰ ভয়ঙ্কৰ সমুদ্ৰৰ গৰ্ভতহে নিহিত আছে। ধনশ্ৰেষ্ঠ মণি কালান্তক ফণীন্দ্ৰৰ ফণাতহে স্থাপিত হৈছে। সেই মণি বা ধন লাভ কৰিবলৈ কঠোৰ যত্ন, কঠোৰ তপস্যাৰ প্ৰয়োজন হয়।

 মহৎ লোকবিলাকৰ জীৱন বৃত্তান্তলৈ মন কৰিলে এই উপলব্ধি হয় যে, তেওঁলোকৰ হৃদয় আৰ্চিৰ নিচিনা নিৰ্ম্মল আছিল। কাম, ক্ৰোধ, লোভ, মোহ আদি কুবৃত্তিৰ কলঙ্কই তাত ঠাই নাপাইছিল। জ্ঞান-গঙ্গাৰ পবিত্ৰ জলেৰে কুবৃত্তিৰ মলি পখালি তেওঁলোকে আপোন আপোন হৃদ্‌মন্দিৰ সদায়