ই কি উত্তৰ নে? নহয়; ই নিৰুত্তৰ, অৰ্থাৎ কব নোৱাৰোঁ বোলাৰ সমান। তেনেহলে সমস্যাৰ খণ্ডন শাস্ত্ৰত নাই। শাস্ত্ৰৰ বিচাৰ কেৱল অসুখীয়া মনৰ বুজনি, বুজনিও ষোল কলাই পূৰ নহয়, এডোখৰ আছে, এডোখৰ নাই। শাস্ত্ৰ সমুদ্ৰত বুৰ মাৰি কত মহাপুৰুষ কত কাল আছিল,কিন্তু উঠিলত আকৌ সেই সমস্যা, আকৌ সেই পোৰণি, বিহৰ জাল। ই কি বিষম ৰোগ। ইয়াৰ ঔষধ আজিলৈকে আবিষ্কাৰ নহল। কেতিয়াবা হব নে? কেতিয়াবা মানুহৰ মন জুৰ পৰিব নে?
পুৰণি কালত এই ৰোগৰ ৰুগীয়া বহুত আছিল, সেই দেখি এই বিষয়ৰ বিচাৰ পুথিত বহুত আছে। কিন্তু বিচাৰত শেষ জুৰণি নাই। বিচাৰৰ শেষত মন আকৌ অস্থিৰ। সেই দেখি কিছুমান মহাজনে বাহিৰ জগতৰ বিচাৰ এৰি অন্তৰ জগতৰ বিচাৰ কৰিছিল। সিবিলাকে কয় যে একোজন মানুহ একোখন ব্ৰহ্মাণ্ড, অৰ্থাৎ ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ প্ৰতিকৃতি, অৰ্থাৎ ব্ৰহ্মাণ্ডত যি যি আছে, সেই সকলো বস্তু সৰু সৰু আকাৰত মানুহত আছে। মানুহ বোলে ঈশ্বৰ, অৰ্থাৎ নিৰ্গুণ ঈশ্বৰ গুণত বন্দী হৈ মানুহ হৈছে। এতেকে মানুহৰ তত্ত্ব পালেই ঈশ্বৰৰ তত্ত্ব, বিশ্বৰ তত্ত্ব, সৃষ্টিৰ তত্ত্ব, সকলোৰে তত্ত্ব পোৱা যায়। এই কথা শুনি বৰ ভাল লাগিছিল, ভাবিছিলোঁ যে চন্দ্ৰ, সূৰ্য্য, গ্ৰহ, তৰা, সকলো দূৰৈৰ বস্তু হাতেৰে ঢুকি পোৱা নাযায়, চকুৰে ৰিণিকি ৰিণিকি মাথোন
৩