পৃষ্ঠা:চিন্তা-কলি.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



আহুকাল ৷


প্রথম খণ্ড।

জান বালক সুখীয়া, হাবিৰ বৰ্ব্বৰ সুখীয়া, অজ্ঞানী চহা সুখীয়া। ইহঁত জ্ঞান-গৰলৰ জ্বালাত পৰা নাই। জ্ঞানৰ গৰল বৰ চোকা বস্তু। ই এবাৰ শৰীৰত সােমালে মানুহৰ তত হেৰুৱাই দিয়ে আৰু কদাপি শৰীৰৰপৰা ওলাই নাযায়। ভালেতােহে জ্ঞান-গছৰ গুটি খাবলৈ ঈশ্বৰে মানুহক হাক দিছিল। বাইবােল শাস্ত্ৰত কয় বােলে ঈশ্বৰে আদিতে মতা-মাইকী এহাল মানুহ স্ৰজন কৰি এখন সুন্দৰ বননিত থৈ দিছিল। সিহঁতক বননিৰ সকলোবােৰ গছৰ গুটি খাবলৈ কৈছিল; কিন্তু এজোপা গছৰ গুটি খাবলৈ নিষেধ কৰিছিল। সেই জোপা বােলে জ্ঞান-গছ। তাৰ গুটি খালে হেনো মানুহৰ জ্ঞান ওপজে, আৰু জ্ঞান উপজিলে দুখৰ পাৰকুল নাইকিয়া হয়। মইমৎ মানুহে ঈশ্বৰৰ হাক অৱহেলা কৰি সেই গছজোপাৰ গুটি খালে, আৰু সেই নিমিত্তেহে বোলে তেওঁৰ সন্তান-সন্ততিবােৰে সংসাৰত ইমান যাতনা জীয়াতু ভুঞ্জিব লাগিছে। বাইবোলৰ এই আখ্যানটো সাধুকথাই হওক বা আচল কথাই হওক, কিন্তু জ্ঞান যে এটা বিমঙ্গলীয়া বস্তু, ই ধূৰুপ কথা।