পৃষ্ঠা:চিন্তা-কলি.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩০
চিন্তা-কলি ।

আজিলৈকে কাৰবাৰ কৰিছে, যোগ উলিয়াইছে, ধ্যান উলিয়াইছে, উপনিষদ লিখিছে, কিন্তু পিয়াহ আজলৈকে নমৰিল।

 ভৈয়াই! এই আহুকাল মানুহৰ কেতিয়া যাব? কেতিয়া অসীম ঈশ্বৰ সসীম হৈ মানুহৰ জ্ঞান-বোধৰ বস্তু হব? নহয়, তেনে আশা কৰিব নোৱাৰি। কিন্তু মন পতিয়ন না-যায়, মনে বুজনি নলয়। সি উগুল-থুগুলত পৰি পাৰ কুল নাপাই ককবকাই ফুৰিছে। এই অশান্তি আহুকালত থাকিব নোৱাৰি মানুহে ধুমখুলি বাই ফুৰে, আৰু ওপৰলৈ চায়; ভাবে, জানোচা তাত কিবা দেখিবলৈ পায়, জানোচা আকাশে সমস্যা খণ্ডন কৰে! হায়! হায়! কি দুৰাশা। আকাশে সমস্যা খণ্ডাই মন জুৰ পেলাওক ছাৰি জ্বলা জুইত ঘিউৰ আহুতিহে দিয়ে।

 জোনাক নিশা, আকাশ বিতোপন, চন্দ্ৰ তৰাৰে জাতিষ্কাৰ, মই অকলে বহি চাই আছোঁ, আৰু সমস্যা খণ্ডনৰ উপায় বিচাৰিছোঁ। চন্দ্ৰ আৰু তৰা কেতিয়া হল? সিহঁত কিমান দিনৰপৰা আছে? মই উপজিবৰ দিন ধৰি সিহঁতক দেখি আছোঁ। পিতাৰ মুখে শুনিছোঁ, সিহঁত তাৰো আগৰপৰা আছে। পিতাদেৱে বোলে শুনিছিল, সিহঁত তাৰো আগৰ-পৰা আছে। সিহঁত সদায় আছে। কিন্তু সদায় কি? সদায় কথাৰ অৰ্থ ইয়াত বুজিব নোৱাৰিলোঁ। সিহঁত কেতিয়াবা নাছিল নে? যদি নাছিল, তেতিয়া আকাশত কি