পৃষ্ঠা:Chalachitra.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুয়োখন ছবিতেই তেওঁ কৰা অভিনয় দৰ্শক-সমালোচলৰ দ্বাৰা প্ৰশংসিত হৈছিল।

 হাজাৰ বাধা-বিপত্তি থাকিলেও, অৱশেষত তেওঁ সফল অভিনেতাৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু পৰিচলাক হিচাবে ব্যৱসায়িক দিশত সফল হোৱাৰ পিচতো তেওঁ ধাৰবাহিকভাবে ছবি নিৰ্মাণ কৰি যাৰ পৰা নাছিল। বনি কাপুৰৰ প্ৰযোজনাত নিৰ্মাণ কৰিবলৈ লোৱা ‘প্ৰেম’ৰ অংকুৰণেই নঘটিল, ‘টাইম মেচিন’-এ ইমান সময় ল’লে যে ছবিখনক মানুহে ধেমালিতে ‘টাইম পাছ মেচিন’ বুলি আখ্যা দিবলৈ আৰম্ভ কৰিলে।

 এদিন হঠাৎ ভাগ্যই আহি শেখৰ কাপুৰৰ দুৱাৰত টুকুৰিয়াবলৈ আৰম্ভ কৰিলে। ‘বি বি চি’ৰ ‘চেনেল ফোৰ’ৰ বাবে ছবি এখন নিৰ্মাণ কৰিব লাগে; বাজেট সীমিত; বিষয়বস্তু ভাৰতৰ নাৰী দস্যু ফুলন দেবী। শেখৰ কাপুৰে এই আমন্ত্ৰণ গ্ৰহণ কৰিলে। মালা সেনে লেখা ‘বেণ্ডিট কুইন’ নামৰ ফুলনৰ জীৱনীখনৰ ভেঁটিত দুয়ো চিত্ৰনাট্য সাজু কৰিলে, শ্বুটিং কৰিলে, ছবি সম্পূৰ্ণ হ’ল, বিদেশত মুক্তি লাভ কৰিলে, প্ৰশংসা পালে, স্বদেশত বিতৰ্কৰ সূচনা হ’ল।

 ফুলনকলৈ পূৰ্বতে এখন তৃতীয় শ্ৰেণীৰ হিন্দী ছবি নিৰ্মাণ কৰা হৈ গৈছিল। কলাগত দিশত সেই ছবি উল্লেখৰ অকণো যোগ্যই নহয়। শেখৰৰ ফুলন দেবীৰ কলাগত দিশত উচ্চমানৰ বুলি বিদেশৰ সমালোচকসকলে মন্তব্য কৰিছে। ভাৰতৰ সমাজ জীৱনৰ কদৰ্য ৰূপ দাঙি ধৰা ছবিয়ে বিদেশত প্ৰায়ে সমাদৰ অৰ্জন কৰি আহিছে। বৰ্ণ বৈষম্য, নাৰীৰ ওপৰত অত্যাচাৰ, ইত্যাদি উপাদানেৰে পূৰ্ণ ‘বেণ্ডিট কুইন’— এও যে বিদেশত সমাদৰ পাব তাক বহুতেই পূৰ্বতে অনুমান কৰিছিল। তাকে ছবিখন নিৰ্মাণ কৰা হৈছে ‘বি বি চি’ৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ বাবে।

 ‘বেণ্ডিট কুইন’-এ শেখৰ কাপুৰৰ ভাগ্যৰ দুৱাৰ ভালদৰেই খুলি দিলে। অকল এই ছবিৰ সাফল্য আৰু সুনামেই তেওঁলৈ কঢ়িয়াই আনিলে হলিউড প্ৰযোজকৰ ছবি পৰিচালনাৰ অফাৰ। সীমিত বাজেটত,

সীমিত সা-সুবিধাৰে ছবি কৰি অহা শেখৰৰ সন্মুখত এতিয়া অৰ্থৰ

১১৭