পৃষ্ঠা:Chalachitra.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাজত তেওঁৰ জীৱন সুন্দৰভাবেই অতিবাহিত হৈছিল।

 কুন্দন শ্বাহে এবাৰ কৈছিল — মূৰৰ ভিতৰত এটা উন্মাদ পোক নাথাকিলে কোনেও চিত্ৰজগতৰ অনিশ্চিত জগতত ভৰি নিদিয়ে। শেখৰ কাপুৰৰ মূৰৰ ভিতৰতো তেনে এটা পোক আছিল, যিটোৱে তেওঁক কামুৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ তিনিজন মামাৱক হিন্দী ছবি জগতৰ বিশিষ্ট ব্যক্তি — আনন্দ, চেতন দেব আৰু বিজয়। এই তিনিওজনৰ সাফল্যই নিশ্চয় মগজুৰ পোকটোক বেছিকৈ কামুৰিবলৈ উৎসাহ যোগাইছিল। লণ্ডনৰ ব্যৱসায় এৰি তেওঁ আহি বোম্বাই পালেহি চিত্ৰ জগতত ভাগ্যৰ সন্ধান কৰিবলৈ।

 সেই সময়ত দেবানন্দে নিৰ্মাণ কৰি আছিল ‘ইক্স ইক্স ইক্স’ নামৰ ছবিখন। শ্বাবানা আজমী নায়িকা হিচাবে থকা এই ছবিখনত শেখৰ কাপুৰে সৰু চৰিত্ৰ এটিত অভিনয় কৰাৰ সুযোগ পালে, আৰু সুযোগ পালে পৰিচালনাৰ লগত জড়িত হোৱাৰ। ছবিখন বক্স অফিচত ব্যৰ্থ হ’ল। লাভৰ ভিতৰত হ’ল শেখৰ কাপুৰ আৰু শ্বাবানাৰ প্ৰেমৰ আৰম্ভণি। এই প্ৰেম কাহিনীয়ে দেবানন্দক ইমানেই বিৰক্ত কৰিছিল যে বহু প্ৰতিভাৰ পালন কেন্দ্ৰ বুলি বিখ্যাত ‘নবকেতন বেনাৰ’ৰ পিচৰ কোনো ছবিতেই শেখৰ আৰু শ্বাবানাৰ প্ৰৱেশ নঘটিল।

 শ্বাবানাৰ জোৰতেই শেখৰে পিচত এখন ছবিত নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালে শ্বাবানাৰ বিপৰীতে। ‘টুটে খিলোনে’ নামৰ এই ছবিখনো বক্স অফিচত ব্যৰ্থ হ’ল। শেখৰ কাপুৰৰ অভিজাত চাল-চলন, প্ৰকাশ ভঙ্গিমা হিন্দী ছবিৰ প্ৰচলিত নায়কৰ লেখীয়া নহয়, ওচৰৰ চিনাকি মানুহৰ ৰূপত শেখৰ কাপুৰক কল্পনা কৰা কঠিন — দৰ্শকে তেওঁক আদৰি নল’লে।

 নবকেতনৰ দৰে বিখ্যাত আৰু শক্তিমান বেনাৰ তেওঁৰ ওচৰৰ পৰা আঁতৰি গ’ল, অভিনেতা হিচাবে দৰ্শকৰ ওচৰ চাপিব নোৱাৰিলে, হতাশা আৰু অস্থিৰতাত তেওঁ ভাগি পৰিল। এই সময়ত সাহস যোগাবলৈ ওচৰত থাকিল মাথোন শ্বাবানা আজমী। শ্বাবানা তেতিয়া দৰ্শকৰ মৰমেৰে ঐশ্চৰ্যময়ী আৰু বহু ভগ্ন প্ৰেমৰ দুখেৰে জৰ্জৰিত।

শ্বাবানাই শেখৰৰ বাবে প্ৰযোজক গোটালে, হৃষীকেশ মুখাৰ্জীৰ পৰা

১১৪