সমললৈ যাওক

পৃষ্ঠা:Chalachitra.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহিনী সংগ্ৰহ কৰিলে, গুলজাৰ, আৰ. ডি. নাচিৰুদ্দিন আদিক একত্ৰিত কৰিলে। আৰম্ভ হ’ল ‘মাচুম’।

 মাচুমে সমালোচকৰ পৰা প্ৰশংসা পালে, দৰ্শকৰ পৰা মৰম পালে। মাচুমৰ বাবে গোট খাইছিল বহু প্ৰতিভা — সেই আটাইবোৰকেই সুন্দৰভাবে পৰিচালনা কৰিব পাৰিছিল নবীন পৰিচালক শেখৰ কাপুৰে।

 মাচুমৰ সাফল্যৰ পাছতো শেখৰ কাপুৰ বহু দিন বহি থাকিবলগীয়া হৈছিল। সেই সময়ত তেওঁ আত্মপ্ৰকাশ কৰিলে বিজ্ঞাপনৰ মডেল হিচাবে। ছফিচটিকিটেড চেহেৰাৰ বয়স্ক মডেল হিচাবে তেওঁ বহু যুৱতীৰ হৃদকম্পন হিচাবে চিহ্নিত হ’ল।

 এনেতে আহিল প্ৰযোজক বনি কাপুৰৰ অফাৰ ‘মিঃ ইণ্ডিয়া’ পৰিচালনাৰ বাবে। বনি কাপুৰে ছবিখনৰ প্ৰযোজনা কৰিছিল ভায়েক অনিল কাপুৰৰ ভৰিৰ তলৰ মাটি দৃঢ় কৰিবলৈ। গতিকে তেওঁক এনে এজন পৰিচালক লাগে যাৰ হাতত কামৰ ভিৰ নাই, ছবিখন পৰিচালনা কৰোঁতে যাৰ মনোযোগৰ অলপো অভাৱ নঘটে, যিয়ে ছবিৰ প্ৰতিটো শ্বটকেই সমান মনোযোগেৰে গ্ৰহণ কৰিবলৈ সক্ষম হয়। বনি কাপুৰৰ বাছনিত উঠিল শেখৰ কাপুৰ।

 বনি কাপুৰৰ আশা পূৰণ কৰি ‘মিঃ ইণ্ডিয়া’ বক্স অফিচত সফল হ’ল। ছেক্স ভায়োলেন্সৰ প্ৰাধান্য নথকা, এখন পুৰণি ছবিৰ ৰিমেকক ব্যৱসায় সফল কৰি তোলাৰ বাবে শেখৰ কাপুৰ ইণ্ডাষ্ট্ৰিৰ ধন্যবাদৰ পাত্ৰ হ’ল। মাচুমৰ অন্যতম আকৰ্ষণ আছিল শিশু চৰিত্ৰকেইটিমানৰ মনোগ্ৰাহী অভিনয়। মিঃ ইণ্ডিয়াৰো আকৰ্ষণ আছিল কেইটিমান শিশু চৰিত্ৰ। ‘শ্বোলে’ৰ আমজাদ খানৰ দৰে এই ছবিৰ ‘মোগাম্বো’ নামৰ খলনায়ক অমৰীশ পুৰীও দৰ্শকৰ প্ৰিয় ভিলেইন হৈ পৰিল।

 “মিঃ ইণ্ডিয়া”ৰ অভাৱনীয় সাফল্যয়ো শেখৰ কাপুৰৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব নোৱাৰিলে। শ্বাবানা আজমী তেওঁৰ জীৱনৰ পৰা আঁতৰি গ’ল, বনি কাপুৰৰ পৰৱৰ্তী ছবি ‘ৰূপ কা ৰাণী চোৰোঁ কা

ৰাজা’ৰ পৰিচালনাৰ দায়িত্বও পালে তেওঁৰ সহকাৰী সতীশ কৌশিকে

১১৫