চলচ্চিত্ৰ/নতুন তাৰকা এ. আৰ. ৰহমান

ৱিকিউৎসৰ পৰা
[ ১১৯ ]

নতুন তাৰকা এ. আৰ. ৰহমান

 

 ‘পল্লৱী অনুপল্লৱী’ৰ পৰা আৰম্ভ কৰি ‘থলপতি’লৈকে মণিৰত্নমৰ এই আটাইকেইখন ছবিৰেই সংগীত পৰিচালক আছিল ইল্লায়া ৰাজা। দক্ষিণ ভাৰতৰ সৰ্বাধিক ব্যস্ত আৰু সৰ্বাধিক মাননি লোৱা এইগৰাকী সংগীত পৰিচালকৰ সৈতে মণিৰত্নমৰ যোৰাটো হৈ পৰিছিল প্ৰায় অবিচ্ছেদ্য। কিন্তু এইগৰাকী মণিৰত্নমে যেতিয়া তেওঁৰ ছবি ‘ৰোজা’ৰ বাবে নামহীন এক তৰুণ বাদ্য-যন্ত্ৰীক সংগীত পৰিচালনাৰ ভাৰ দিলে, তেতিয়া সকলো আচৰিত হ’বলৈ বাধ্য হৈছিল। অকল সংগীত পৰিচালকেই নহয়, ছবিখনৰ নায়ক-নায়িকাও আছিল নতুন।

 মণিৰত্নমৰ দক্ষতাত কাৰো সন্দেহ নাই, সন্দেহ আছিল নতুন প্ৰতিভাসকলৰ ওপৰতহে। শেষত সকলো কৌতুহলৰ অন্ত পেলাই ‘ৰোজা’ই ব্যৱসায়িক দিশত অভাৱনীয় সাফল্য লাভ কৰিলে; ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বঁটা অৰ্জন কৰিলে; ছবিখনৰ নতুন নায়ক অৰবিন্দ স্বামী ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰিল, বোম্বাইৰ ছবিজগতে নাকচ কৰা অভিনেত্ৰী ‘মধু’ ব্যস্ত অভিনেত্ৰীলৈ ৰূপান্তৰিত হ’ল; আৰু এ.আৰ. ৰহমান নামৰ বাদ্য-যন্ত্ৰীজন, যি অইন সংগীত পৰিচালকৰ সুৰত ছিন্থেছাইজাৰ বজাইছিল আৰু বিজ্ঞাপন ছবিৰ বাবে সংগীত ৰচনা কৰিছিল, তেওঁ অৰ্জন কৰিলে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা।

 অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, ৰোজাৰ গীতবোৰৰ সুৰ আৰু সংগীত ৰচনাৰ অভিনবত্বৰ বাবেও এ. আৰ. ৰহমানে প্ৰথম ছবিৰেই অৰ্জন কৰিলে সৰ্বভাৰতীয় খ্যাতি। ‘শংকৰভৰণম’, ‘ৰুদ্ৰবীণা’, ‘স্বাতীকিৰণম’ আদি দক্ষিণ ভাৰতীয় ছবিৰ গীতেও উত্তৰ ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা আছিল সংগীত ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু গীতৰ সুৰ হিন্দী ছবি বাবে [ ১২০ ] নকল কৰা হৈছিল আৰু সেই সুৰৰ গীতবোৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিন্তু এখন ছবিৰ আটাইবোৰ গীতেই সকলো ধৰণৰ শ্ৰোতাকে আকৰ্ষিত কৰিব পৰাটো প্ৰথম বাৰৰ বাবে ৰোজাৰ ক্ষেত্ৰত সম্ভৱ হৈছিল। ‘ৰোজা’ হিন্দীলৈ ডাব কৰা হৈছিল আৰু ছবিতকৈ ছবিৰ গীতবোৰেহে অধিক আলোড়নৰ সৃষ্টি কৰিছিল।

 ৰোজাৰ পূৰ্বে ‘অঞ্জলি’, ‘অপূৰ্ব সহোদৰাৰুগাল’ ছবি (সংগীত পৰিচালক— ইল্লিয়া ৰাজা), ক্ষণক্ষণম (সংগীত পৰিচালক— ডঃ কিৰৱাণী) আদি ছবি হিন্দীলৈ ভাব কৰা হৈছিল। ইল্লিয়া ৰাজাৰ দৰে কিম্বদন্তী সুৰকাৰে সুৰ কৰিছিল ‘সদমা’, ‘মহাদেব’, ‘কামাগ্নি’ আদি ছবিৰ বাবে। অপূৰ্ব সুন্দৰ সুৰৰ সমাবেশ হোৱা সত্বেও এই ছবিৰ গীতবোৰে ব্যাপক সমাদৰ লাভ কৰা নাছিল। উত্তৰ ভাৰত মূলতঃ লোক সংগীতৰ দেশ; পোনপটিয়া আৰু সহজে গুণগুণাব পৰা সুৰ ইয়াৰ শ্ৰোতাৰ বাবে অধিক আকৰ্ষণৰ বস্তু। কিন্তু ইল্লিয়া ৰাজা বা ডঃ কিৰৱাণীৰ সুৰ ৰচনাৰ মূল আধাৰ কৰ্ণাটকী শৈলীৰ। তেনে সুৰত কণ্ঠ-নৈপুণ্যৰ প্ৰকাশ অতি জৰুৰী। শাস্ত্ৰীয় সংগীতৰ দেশ দক্ষিণ ভাৰতৰ সংগীতপ্ৰেমী শ্ৰোতাৰ বাবে সেইবোৰ সুৰ প্ৰিয়; কিন্তু উত্তৰ ভাৰতৰ শ্ৰোতাৰ বাবে সেইবোৰ পৰিচিত নহয়। এ. আৰ. ৰহমানে ‘ৰোজা’ৰ গানেৰে এই সকলো সীমাবদ্ধতা অতিক্ৰম কৰিব পৰা বাবে তেওঁ এই বিৰল সাফল্যৰ অধিকাৰী হোৱাৰ সৌভাগ্য অৰ্জন কৰিছিল।

 ‘ৰোজা’ৰ গীতবোৰ আছিল লোক-সংগীতৰ উদ্দামতাপূৰ্ণ আৰু পেনপটিয়া; কৰ্নাটকী শাস্ত্ৰীয় সংগীতৰ গায়ন পদ্ধতিৰ পৰা মুক্ত। তাৰ লগতে আছে ব্যাপক নাটকীয় ভংগিমা। উচ্চগ্ৰামৰ যন্ত্ৰসংগীতৰ প্ৰয়োগ আৰু এই সংগীত ৰচনাত ব্যৱহাৰ কৰা ‘অৰ্কেষ্ট্ৰেশন’ গীতবোৰৰ অন্য এক বিশেষত্ব। বিজ্ঞাপনৰ ছবিৰ বাবে সংগীত ৰচনা কৰাৰ দীৰ্ঘদিনৰ অভিজ্ঞতা থকা ৰহমানে জানে কেনেদৰে শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰিব লাগে আৰু কেনেদৰে শ্ৰোতাৰ মনৰ গভীৰত প্ৰবেশ কবিব লাগে। এই সমগ্ৰ উপাদানৰ মিশ্ৰণে ‘ৰোজা’ৰ গীতবোৰক সৰ্বভাৰতীয় শ্ৰোতাৰ গ্ৰহণযোগ্য কৰি তোলাত সহায় কৰিছিল।
[ ১২১ ]  ‘ৰোজা’ৰ সাফল্যই ৰহমানৰ হাতলৈ আনিছিল একেলগে ভালেমান ছবি। হাতলৈ অহা সকলো কাম কিন্তু তেওঁ গ্ৰহণ কৰা নাছিল। কামত কিছু লেহেম গতিৰ ৰহমানে ৰোজাৰ পাছত যিবোৰ ছবি হাতত লৈছিল, সেই আটাইবোৰেই গীতৰ বাবেই জনপ্ৰিয়তা অৰ্জন কৰিছিল। সেই ছবিবোৰৰ উল্লেখযোগ্য কেইখনমান হ’ল ‘জেন্টলমেন’, ‘থিৰুডা থিৰুডা’, ‘যুদ্ধ’, ‘উজহাবান’ আৰু ‘ভান্দিকোলাই চিন্নাৰাসু’।

 গানৰ মাজত ক্ষণিক স্তব্ধতা আৰু মুহূৰ্তৰ পাছতে গৰ্জন কৰি উঠা অলেখ বাদ্যযন্ত্ৰৰ সমস্বৰ এ. ৰহমানৰ সংগীত ৰচনাৰ এটা চিনাকি কৌশল। অসংখ্য ইলেকট্ৰনিক বাদ্যযন্ত্ৰৰ প্ৰয়োগৰ প্ৰতিও তেওঁৰ দুৰ্বলতা সহজে চকুত পৰে। উল্লিখিত আটাইকেইখন ছবিৰ গীততেই এই কৌশলবোৰৰ সঘন পুনৰাবৃত্তিয়ে তেওঁৰ গীতক সহজ পৰিচিতি এটা দান কৰিছিল সঁচা, কিন্তু ই এক ধৰণৰ ‘একঘেয়েমি’ৰ ভাবো কঢ়িয়াই আনিছিল।

 এনে সময়তে তেওঁ সুযোগ পাইছিল কে. বলচন্দ্ৰৰ ‘ডুৱেট’ ছবিৰ সংগীত পৰিচালনা কৰাৰ। খৰাং বতৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ‘থান্নিৰ থান্নিৰ’ ছবিৰ পৰিচালক কে. বালচন্দ্ৰই সাধাৰণতে সংগীতনিৰ্ভৰ ছবি নিৰ্মাণ কৰে। শাস্ত্ৰীয় সংগীতে সুখ্য অংশ ৰূপায়িত কৰা বালচন্দ্ৰৰ ছবিবোৰৰ বাবে পূৰ্বতে সংগীত ৰচনা কৰিছিল ইল্লিয়া ৰাজা, কে. ভি. মহাদেবন আদিৰ দৰে বিখ্যাত আৰু শাস্ত্ৰীয় সংগীতত পাৰদৰ্শী সংগীত পৰিচালকসকলে। সেয়ে এ. আৰ, ৰহমানৰ বাবে ‘ডুৱেট’ৰ সংগীত পৰিচালনা আছিল প্ৰত্যাহ্বানস্বৰূপ। লণ্ডনৰ ট্ৰিনিটি কলেজ অৱ মিউজিকৰ পৰা পাশ্চাত্য সংগীতৰ ডিপ্লোমা অৰ্জন কৰা এ. আৰ. ৰহমানে দক্ষিণামূৰ্তি আৰু কৃষ্ণানন্দৰ ওচৰত কৰ্নাটকী শাস্ত্ৰীয় সংগীত শিকিছিল; জাকিৰ হুচেইন, টি. ভি. গোপালকষ্ণণ আদিৰ সংগীত ৰচনা পৰিবেশনত বাদ্যযন্ত্ৰী হিচাবে অংশগ্ৰহণ কৰিছিল; কিন্তু শাস্ত্ৰীয় সংগীতৰ প্ৰাধান্য থকা সংগীত ৰচনাৰ বাবে তেওঁ বিশেষ সুযোগ পোৱা নাছিল। সেয়ে, কে. বালচন্দ্ৰৰ এই আমন্ত্ৰণ তেওঁ একেকোবেই গ্ৰহণ কৰিছিল আৰু নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছিল। চিত্ৰা, য়েছূদাস, [ ১২২ ] এছ. পি. বালসুব্ৰমণিয়াম, পি. সুশীলা আদিৰ দৰে কণ্ঠশিল্পীৰ ৰাগাশ্ৰয়ী গীত আৰু কাদৰী গোপীনাথৰ ছেক্সোফোনত প্ৰকাশিত হোৱা সংগীত ৰচনা আছিল ‘ডুৱেট’ৰ মূল অকৰ্ষণ। বিশেষকৈ, এটা গীতত এছ. পি. বালসুব্ৰমণিয়ামৰ কণ্ঠৰ সৈতে কাদৰী গোপীনাথৰ ছেক্সোফোনৰ যুগলবন্দী- এ. আৰ. ৰহমানৰ হৃদয়স্পৰ্শী সুৰসৃষ্টিৰ উৎকৃষ্ট নিদৰ্শন।

 এ. আৰ. ৰহমানৰ পিতৃ শেখৰ আছিল তামিল ছবিজগতৰ এগৰাকী কুশলী বাদ্যযন্ত্ৰী। বহু বিখ্যাত বিখ্যাত সংগীত পৰিচালকৰ সহকাৰী হিচাবে তেওঁ কাম কৰিছিল। স্বাধীন সংগীত পৰিচালক হোৱাৰ সপোন বুকুত বান্ধি তেওঁ অকালতে মৃত্যু বৰণ কৰে। ৰহমানৰ বয়স তেতিয়া দহবছৰ। দাৰিদ্ৰ্যৰ লগত যুঁজিবলগীয়া হ’লেও তেওঁ সংগীত-চৰ্চা বাদ নিদিলে। কম বয়সতে তেওঁ বাদ্যযন্ত্ৰী হিচাবে আত্মপ্ৰকাশ কৰিলে আৰু ২৪ বছৰ বয়সত, প্ৰথমখন ছবিৰেই অৰ্জন কৰিলে ৰাষ্ট্ৰীয় বঁটা আৰু ৰাষ্ট্ৰীয় খ্যাতি।

 ‘ৰোজা’ই ৰহমানৰ ভাগ্যৰ দুৱাৰ খুলি দিছিল, ‘ডুৱেটে’ যাত্ৰা পথত নতুন গতিৰ সঞ্চাৰ কৰিছিল, আৰু এতিয়া যাত্ৰাপথৰ এক নতুন কেঁকুৰিত ৰৈছেহি তেওঁ। এই কেঁকুৰিত থকা ছবিখনৰ নাম ‘দ্ৰোহকাল’। হিন্দীভাষাৰ এই ছবিৰ পৰিচলক হ’ল গোবিন্দ নিহলানী। ‘ৰোজা’ৰ সাফল্যৰ পাছত ৰহমানে বোম্বাই ছবিজগতৰ পৰা ভালেমান অ’ফাৰ পাইছিল; কিন্তু গ্ৰহণ কৰিছিল মাথোন ‘দ্ৰোহকাল’ৰ সংগীত ৰচনাৰ কাম। গানেৰে বিখ্যাত হোৱা ৰহমানৰ বাবে ‘ডুৱেট’ৰ পাছতে হ’ব এয়া আন এক পৰীক্ষা। কাৰণ, ছবিখত কোনো গান নাথাকিব।

 উপসংহাৰ: ‘ৰোজা’ ছবিৰ গীতে ব্যৱসায় কৰিছিল প্ৰায় দুই কোটি টকাৰ। ৰহমানে মাননি হিচাবে পাইছিল মাত্ৰ পঁচিছ হাজাৰ টকা। এতিয়া ৰহমানে প্ৰতিখন ছবিৰ বাবে দহ লাখ টকা পাৰিশ্ৰমিক লয় বুলি শুনা যায়।

 

❐ ❐ ❐

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।