পৃষ্ঠা:Chalachitra.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনো অভাৱ নাই, যান্ত্ৰিক সুবিধাৰ কোনো সমস্যা নাই।

 বিদেশৰ নিলাস-বহুল জীৱন এৰি যিগৰাকী ভাগ্যলক্ষ্মীৰ সন্ধানত শেখৰে বলিউডৰ ৰহস্যময় অনিশ্চিত অৰণ্যত জপিয়াই পৰিছিল, ক্ৰান্তি আৰু হতাশাৰ মাজেৰে ইমান কেইটি বছৰ অতিবাহিত কৰিছিল সেই শেখৰে এতিয়া ইমান দিনৰ সাধনাৰ মূল্য পাবলৈ আৰম্ভ কৰিছে। অহা বছৰৰ প্ৰথম ভাগতে শেখৰৰ পৰিচালনাত ইংৰাজী ছবিৰ কাম আৰম্ভ হোৱাৰ কথা। এই ছবি শেষ হ’লেই নিশ্চয় হলিউডৰ আকাশত উজ্বলি উঠিব প্ৰথমটো ভাৰতীয় তৰা।

 
১১৭