পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬১
পশুপতিৰ বিয়া

তেওঁৰ হাতত টকা পাঁচ শ মান হল। তাত বাদে তেওঁৰ বাপতীয়া সাহোন এধাৰি সোণৰ হাৰ আছিল, সেই ধাৰি বেচিও ৩০০৲ মান টকা পালে। আৰু কোনো বন্ধু-বান্ধবৰ পৰাও দুশ মান ধাৰ পালে। যেতিয়া হাজাৰমান টকা তেওঁৰ হাতত হল, তেতিয়া বিয়াৰ দিহা হব লাগে বুলি আগেয়ে ভাৰ-ভেটী-গাখীৰ-কল খুৱাই ৰখা ৮/৯ বছৰীয়া ছোৱালীজনীকে গা-ধন সাত শ টকা দি ঠিক কৰিলে। সেই ঠিক মতে বিয়াৰ দিনো ঠিক হল।

 বিয়াৰ দিনা বিয়াৰ সাধাৰণ সমাৰোহেৰে বৰ-বেশী পশুপতি বিয়া-সভাত আহি সোমাল। পূজা-পানী ফুল-দূবা আদি বিয়াৰ আগ-ভাগবোৰ শেষ হোৱাত, ছোৱালী আনিবৰ পৰত ছোৱালীৰ বাপেকে পাতিলে যে, এনে তেনে ভাৰ বেয়া হৈছে, ইমান খিনি গাখীৰ আৰু তিমান খিনি মাছ গেলা, তেনে তেনে সৎকাৰৰ কাপোৰ বেয়া আৰু এনে তেনে বস্তু পোৱাই নাই, সুতৰাং পশুপতিয়ে যদি তেতিয়াই বিয়াৰ মণ্ডলীতে আৰু ২০০৲ টকা নিদিয়ে, তেনেহলে তেওঁ তেতিয়াই ইয়াৰপৰা উঠি ঘৰলৈ গতি কৰক; কাৰণ, ইয়াৰ লৰ-চৰ হলে তেওঁ ছোৱালী বিয়া নিদিয়ে; আৰু নিদিয়ে বুলি ততালিকে এটি বিষম অঙ্গীকাৰ কৰিলে। সমজ্যাত সকলোৰে হৈ-চৈ লাগিল আৰু বেচাৰা পশুপতি একো উপায় নাপাই কান্দি পেলালে। শেষত একো উপায়ান্তৰ নেদেখি পশুপতিৰ আত্মীয় কিবা আফিচত মহৰী কাম কৰা মুৰব্বি মানুহ এজনে তিনি দিনৰ মূৰত টকা দিব বুলি হাত-মাৰা-মাৰি কৰাত