পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
পশুপতিৰ বিয়া

অৱস্থা আমাৰ নীতি-বিদ্‌সকলে যিদৰে বৰ্ণাইছে, পশুপতিৰ গৃহস্থিৰ অৱস্থা তাতকৈ কোনো অংশে কম হোৱা নাছিল। কিছুমান দিনৰ পাছত পশুপতিৰ বাপেকৰ গৃহস্থিত, পুৰণি দোল-দোপ দূৰৰ কথা, পুৰণি ঘৰ-বাৰীও নাইকিয়াত পৰিল। পশুপতি আৰু তেওঁৰ মাক, নিজৰ ঠাইত জীৱিকাৰ বাবে বৰ কষ্ট হোৱাত, মোমায়েকৰ ঘৰলৈ উঠি গল। মোমায়েকে পশুপতিৰ বয়-বস্তু, ঘৰবাৰী সকলোকে বিকি ৫০০৲ নগদ টকা লৈ সেই টকা পশুপতিৰ নামে এজন বামুণক ধাৰ দিলে। কিন্তু দুৰ্কপালৰ কপাল, যিজন বামুণে টকা ধাৰে নিলে, সিও ৭/৮ বছৰীয়া এজনী ছোৱালী বিয়া কৰাই “নান্নং নবস্ত্ৰং” হৈ বঙাল খাটিবলৈ গল আৰু তাতে এদিনাখন মৰি থাকিল। এতেকে যেতিয়া পশুপতিৰ বয়স হল আৰু বিয়া কৰাবৰো বয়স হল তেতিয়া তেওঁ কপৰ্দ্দক-শূন্য দৰিদ্ৰ। কোনে তেওঁক ছোৱালী বিয়া দিয়ে! বিশেষ, বামুণৰ ছোৱালী বিয়া কৰাব খুজিলেই বেছি নহলেও হাজাৰ টকাৰ খৰচ! আৰু উপযাচি ছোৱালী পাবৰ জোখায় পশুপতিৰ বিদ্যা-বুদ্ধিও তথৈবচ। কাজে কাজেই পশুপতিৰ বিয়াৰ বয়স হৈছিল সঁচা, কিন্তু বিয়া হোৱাৰ একো সঙ্গতি হোৱা নাছিল।

(৩)

 বিয়া বোলে— ‘দিল্লীকা লাড্ডু’; যি খাইছে সিও ‘পোষ্টাইছে’ আৰু যি খোৱা নাই সিও পোষ্টাইছে। আমাৰ সমাজ যেন এই ‘দিল্লীকা লাড্ডু’ টো বিলাবলৈ সদায় ব্যস্ত।