পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গল্পাঞ্জলি ছোৱালীজনী মাটিত পৰাৰ দিনৰপৰা মাক-বাপেকৰ চিন্তা হল, তাইক এই লাড়ুটো কৰপৰা কেনেকৈ দিয়া হব? লৰাৰ। বয়স ৮১০ বছৰ হোৱাৰ দিন ধৰি ভাবনা, তাৰ বাবে এনে এটা লড়ি, মিলে কত? সেই দেখি পশুপতিব সম্বন্ধেও এই লাড়ু বোগাবৰ বাবে সমাজ উদাসীন নাছিল। তেওঁৰ গাৱঁৰ আৰু চিনা-জনা সকলো মানুহৰ আলাপৰ এটা বিষয় আছিল পশুপতিৰ বিয়া। তেওঁব ইষ্ট-কুটুম্ব, বন্ধু-বান্ধব সকলোৰে আলোচ্য বিষয় আছিল পশুপতিৰ বিয়া। তেওঁৰ গাৱঁৰ লৰা-তিৰোতাৰ অসম্ভৱ সম্ভৱ হোৱাৰ উদাহৰণ দিবৰ কথা আছিল পশুপতিৰ বিয়া। কিন্তু ইমান আলোচনা-আলাপ। সত্ত্বেও ২৫/২৬ বছৰমান হোৱালৈকে তেওঁৰ বিয়াৰ কোনো আগন্তুক দেখা নগল। শত্ৰু-পক্ষৰ কোনোৱে কোনোৱে চিন্তা কবি সিদ্ধান্ত কৰিলে—অজলা অঁকৰা সকলোৰে বিয়া হয় আৰু হৈছে; পশুপতি দেখিবলৈ বগা, বয়স মুঠতে ২৫/২৬ বছৰ; ডাঙৰ মানুহৰ সন্ততি; অগিব সম্পত্তিবান আৰু ইফালে ৰামায়ণ, মহাভাৰত, কীৰ্তন, দশম পঢ়িবৰ জোখায় বিদ্যাও আছে—এনে স্থলত কোন ন্যায় বা দৰ্শন শাস্ত্ৰ মতে তেওঁৰ বিয়া নহৈ পাৰে? বাস্তবতে কথাও হল সেয়ে। পশুপতিয়ে বন্ধু-বান্ধৰৰ পৰামৰ্শ আৰু গাওঁ-কুচিলাৰ দিহা মতে অবশিষ্ট যি সম্পত্তি আছিল সকলোকে বন্ধকৰ ঘৰৰপৰা উলিয়াই বিক্ৰী কৰাত