পৃষ্ঠা:গল্পাঞ্জলি.pdf/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮
ঘুনুচা

কৃতকাৰ্য্য নহল। তেতিয়াও আশা আছিল—যদি ছোৱালী হয়। কিন্তু যেতিয়া দুৰদৃষ্টক্ৰমে ঘুনুচাই পুত্ৰ সন্তান হে প্ৰসৱ কৰিলে, তেতিয়া সুগুণসম্পন্ন দেৱৰৰ মনত যেন জুই হে জ্বলিল। গাৱঁৰ মেলেকীসকলৰ লগলাগি ঘু্নুচা দুশ্চৰিত্ৰা আৰু তেওঁৰ পুত্ৰ জহৰা, তাক প্ৰমাণ কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। টকা পালে মেলেকীসকলৰ অসাধ্য কাম জগতত একো নাই; গতিকে প্ৰমাণ হল, ঘুনুচাৰ পুত্ৰ জহৰা, তেওঁ দুশ্চাৰিণী, সুতৰাং সকলো সম্পত্তি তেওঁৰ দেৱৰৰ। চব-ডেপুটী চাহাবৰ ওচৰত নামজাৰিৰ দৰখাস্ত পৰিল, খাটিৰ আৰু ভেটিৰ জোৰত নামজাৰি হল। সহায়-সম্পদ-বিহীনা ঘুনুচা লাঞ্ছিতা, বঞ্চিতা আৰু পৰিত্যক্তা হৈ নৈৰ পাৰত এই ঘৰটিত দুবছৰৰ শিশু সন্তান মণিৰামক বুকত বান্ধি লৈ বাস কৰিবলৈ ধৰিলে। আইন অনুসৰি পাব লগীয়া সম্পত্তি নাপালে! দুখীয়াৰ নো আইন-কানুন কি!

( ৪ )

 লাহে লাহে তিনটি বছৰ অনন্ত কাল-সাগৰত ঢৌৰ নিচিনাকৈ বিলয় হল। তাৰ লগে লগে সুখী দুখী হল, দুখী সুখী হল, ৰোগী আৰোগ্য হল, নিৰোগীৰ ৰোগ হল, কিন্তু ঘুনুচাৰ হলে দুখৰ অন্ত নপৰিল। এই তিন বছৰ খুজি মাগি শিশু সন্তানটিক পোহ পাল দি আছিল,—এতিয়া তাৰ জ্বৰ হল। হাতৰ কাণৰ যি আছিল, সকলো খৰচ কৰি সেই জ্বৰ এৰুৱালে। কিন্তু জ্বৰৰ পিচত সুপথ্য আৰু উপযুক্ত চিকিৎসাৰ