খোৱা, প্ৰায় মাটিয়েই বতাহ-বৰষুণ আৰু পোক-পৰুৱাৰ অত্যাচাৰত খঁহি পৰিছে। চোতালখন সৰু, অপৰিষ্কাৰ, শেলাইৰে ভৰা। এটি কোণত চাৰিটি তাঁত-শালৰ খুতা পোতা। তিৰোতাজনী আহি এই চোতালত থিয় দিলে, আৰু কাতৰ স্বৰে মাতিলে,“উঃ ৰাম! বাপ ঐ!” ঘৰৰ ভিতৰৰপৰা পোহৰৰ ক্ষীণ ৰেখাৰ লগত ৰোগীৰ বেদনা-সূচক এটি অস্ফুট ধ্বনি শুনা গল।
( ২ )
এই ঘৰটি তিৰোতাজনীৰ। তেওঁৰ সংসাৰৰ একমাত্ৰ সম্বল, ৫/৬ বছৰীয়া পুতেক মণিৰাম। আজি ১২ দিন পুতেকৰ জ্বৰ, প্ৰথমতে দুই চাৰি দিন অলপ এৰা-পৰা কৰিছিল, কিন্তু আজি ৮/৯ দিন লৰাটিক একেটা জ্বৰে পুৰি মাৰিব ধৰিছে। একো দিহা নাপাই দুখুনী বিধবা মাকে আজি কবিৰাজৰ ওচৰলৈ গৈছিল৷ কবিৰাজক ঘৰলৈ আনে, এনে সম্বল তেওঁৰ নাই; কাবৌ-কাকূতি কৰি যদি এটি বৰী আনিব পাৰে, এই আশা। কবিৰাজবিলাক যে দুখীয়াৰ প্ৰতি কেনে সদয়, তাক তেওঁৰ ভাল জনা আছিল; সেই দেখি হাতৰ খাৰু চাৰিপাত বেচি সিকি এটি দিহা কৰি নিছিল; আৰু আহোঁতে ৰাতি হব জানি ঘৰত চাকিটি জ্বলাই থৈ গৈছিল।
( ৩ )
মানুহজনীৰ নাম ঘুনুচা। ঘুনুচা্ৰ ভাগ্য চিৰদিনে এনে নাছিল। অতীতত তেওঁ ধনীৰ জীয়েক, ধনীৰ বোৱাৰীয়েক আৰু