গুৰু-বামুণকো পূজা-পাটল দি চাব খুজিলে। ঘুনুচাৰ দুখৰ কথা শুনি এজন বিদেশী পথিকে তেওঁক এটি টকা দি গৈছিল; তেওঁ সেই টকাটি আনি গুৰুৰ চৰণত সমৰ্পণ কৰিলে। গুৰুদেৱে বাৰিষাৰ বৰষুণৰ নিচিনা আশীৰ্ব্বাদৰ অজস্ৰ ধাৰ পেলাই প্ৰস্থান কৰিলে।
কিন্তু দুখুনী ঘুনুচাৰ কতো দুখৰ অন্ত নপৰিল। খুজি মাগি আনি কিমান নৈবেদ্য, কিমান কল-গাখীৰ দেৱতা-গুৰু-বামুণক খুৱালে, তথাপি দুখুনীৰ কামনা নুপূৰিল। পাঠৰ মন্ত্ৰ, নৈবেদ্যৰ প্ৰসাদ, গুৰু-বামুণৰ উচ্ছিষ্ট, কাৰো মণিৰামৰ জ্বৰ ভাল কৰিবৰ শক্তি নহল। চাই থাকোঁতে থাকোঁতে এদিন পুৱা মণিৰামে দুখুনী মাকক দুখ-সাগৰত তল পেলাই এই সংসাৰৰপৰা বিদায় ললে। হায় ঘুনুচা! সংসাৰৰ শেষ সম্বল একেটি ৰতন, সিও তোমাৰ ভাগ্যত নাই।
( ৬ )
এতিয়া ঘুনুচা নাই, মণিৰামো নাই; ঘুনুচা বা মণিৰামৰ কোনো আত্মীয়জনো নাই। কিন্তু নৈৰ পাৰৰ সেই ঠাইখিনিত এজনী পাগলী বহি বহি মাটিৰ দেৱতা-বামুণ গঢ়ি তাৰ ওপৰত নানা প্ৰকাৰ অত্যাচাৰ কৰা বহু বাটৰুৱাই দেখিছে; আৰু মাজে মাজে নৈশ নিস্তব্ধতা ভেদ কৰি কান্দোনৰ কাতৰ স্বৰ আকাশ ছানি উঠাও বহুতে শুনিছে।