কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/পাতনি
⸻
পুথি লিখিলেই বোলে পাতনি লিখিব লাগে। আমিও পাতনি স্বৰূপে কেই শাৰী মান লিখিলো, মৰমীয়াল পাঠক-পাঠিকসকলে যেন দ৷ই দোষ নধৰে, ইয়াকেহে গোহাঁৰী কৰিলো।
“বিৰহিণী বিলাপ কাব্য'ৰ “ওপৰঞ্চি” আৰু “সমৰ্পন” অংশটী বাদ দিলে, ‘তলসৰা ফুলৰ” সমুদায় লিখনি লিখোতাৰ চেঙ্গেৰা কালৰ লিখা। “বিৰহিনী বিলাপ কাব্য” ইং ১৮৯৬ চনত, আৰু “কমতাপুৰ ধ্বংস কাব্য” ইং ১৮৯৯ চনত।
অসমীয়া সাহিত্যত এনেকুৱা পুথিৰ কিবা বিশেষ আৱশ্যক আছেনে নাই, সেইটো লিখোঁতাই এতিয়ালৈকে থিৰাং কৰিব পৰা নাই। সেই বুলি তেও ইমান দিনে তেওঁৰ "তলসৰা ফুল' প্ৰকাশ কৰিবলৈ আগবঢ়া নাছিল। সম্প্ৰতি তেওঁৰ কেইজনমান পঢ়াশলীয়া বন্ধুৰ বিশেষ আগ্ৰহ দেখি “তলসৰা ফুলৰ দুটী" প্ৰকাশ কৰিলে। এই সম্পৰ্কে আমাৰ পঢ়াশলীয়া বন্ধু সৰুচৰাই বাগিছাৰ ম্যানেজাৰ জীযুত শিবপ্ৰসাদ বৰুৱাৰ নাম বিশেষকৈ উল্লেখ যোগ্য। মৰমীয়াল পাঠক পাঠিকা সকলৰ পৰা এইদুটীয়ে মৰম চেনেহ পালে, ‘তলসৰা ফুলৰ” বাকি কেইটীও লাহে লাহে প্ৰকাশ কৰা যাব।
বৰ্ত্তমান সময়ত লিখোঁতা পৰাধীন, সময়ৰ বৰ নাটনি; পুথি [ ১২ ] খনি ঘূৰাই আকৌ এবাৰ চাবলৈ নাপালে এই বিষয়ে তেওঁ শেষ দুখিত।
লিখোঁতা সাহিত্য সমাজত একেবাৰেই নতুন আৰু এই --ণৰ কাব্যও সম্ভবতঃ বৰ্ত্তমান যুগৰ অসমীয়া সাহিত্যত এয়ে ------তে বিদেশত ছাপা হওঁতে, তেওঁ নিজে আহি কাকত চাব নোৱাৰাত, ও ছাপা হই থকা অৱস্থাতে লেখকৰ পত্নী বিয়োগ ঘটি মনোশান্তিৰ ব্যাঘাত জন্মি বিশেষ মনোযোগ দিব নোৱাৰাত, পুথি --ত অনেক খুঁত থাকি গল। সেই বিষয়ে মৰমীয়াল পাঠক পাঠিকা সকলে যেন দাই দোষ ক্ষমা কৰে, ইয়াকেহে খাটিলো।
শেহত কওঁ যে, কলিকতাত ছাপা হওঁতে “তলসৰা ফুল দুটী”ৰ লগত শ্ৰীযুত বোধনাথ পটঙ্গীয়া বি, এ, ডাঙ্গৰীয়াই অনেক পৰিশ্ৰম কৰিছিল। তেখেতৰ যত্ন নথকা হলে “তলসৰা ফুল দুটী”য়ে এনেকুৱা অৱস্থা বোধ হয় কেতিয়াও নাপালে হেতেন। সেই নিমিত্তে লিখোঁতা তেওঁৰ ওচৰত চিৰঋণী থাকিল। ইতি।
চকলাটিঙ্গা ----।১২ |
ইতি শ্ৰীহিতেশ্বৰ |