কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/প্ৰস্তাবনা
এনে এটি জন প্ৰবাদ আছে, এজন বামুনৰ এটা বৰ দুষ্ট গৰখীয়া লৰা আছিল। এদিন সেই লৰাটো পঠাৰৰ পৰা ঘৰলৈ উলটি নহাত বামুন জনে বিচাৰি গই দেখিলে, সি এজোপা গছৰ তলত শুই আছে আৰু মুখত অলপ ৰদ পৰাত এটা ফেটী গোম সাপে ফেঁট মেলি তাক ছাঁ দিছে। বামুন জনে ইয়াক দেখি বৰ ভয় খালে। তেওক দেখা পাই সাপটো লৰমাৰি পলাল। পাছে বামুন জনে লৰাটোৰ ওচৰলৈ গই দেখিলে, তাৰ * ***ল পদ্ম ত্ৰিশূল আৰু পদ্ম ৰেখা আছে। ইয়াকে দেখি তেওঁ লৰাটোক জগাই ঘৰলৈ লই গল আৰু আৰু সেই দিনাৰ পৰা গাই ৰখা, ইত্যাদি হীন কৰ্ম্ম বিলাক তাক কৰিবলৈ ** ৰলে। পাছে এদিন তেঁও তাক এই বুলি প্ৰতিজ্ঞা * যদি সি কেতিয়াবা ৰজা ভয় তেনেহলে তেঁওক মন্ত্ৰী *** কালক্ৰমে সেই বামুনৰ মন্ত্ৰণাতেই পাল বংশৰ শেষ জন ৰজা অতিশয় দুৰ্ব্বল হোৱাত তেওঁক ভাঙ্গি সেই গৰখীয়া লৰাটোৱেই ৰজা হ’ল।
এইটি সম্পূৰ্ণ কাল্পনিক কথা। প্ৰকৃত পক্ষে ভাবি চাবলৈ গ’লে ৰাজ্যৰ দুৰ্বলতাৰ বাবে আৰু প্ৰজা বিলাক পৰস্পৰ বিৰোধা বিৰোধি হোৱাত এজন অজ্ঞাত-কুলশীল মানুহ ৰজা হোৱা কথাই এই কাহিনীৰ মূল বলি বিশ্বাস হয়।
এই জনা ৰজাই পূৰ্ব্বৰ প্ৰতিজ্ঞা অনুসাৰে সেই বামুন জনকে মন্ত্ৰী পাতিলে আৰু নিজে নীলধ্বজ নাম লৈ, ‘কমতাপুৰ’ নামে
* ৺ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰৰ 'বুৰঞ্জী' চাওক। [ ৮ ] নগৰ স্থাপন কৰিলে। কামৰূপৰ পশ্চিম অঞ্চলত ১২৫০—৬০ শকত এই নগৰ স্থাপন হোৱাৰ অনুমান হয়। নগৰৰ নাম অনুসাৰে নিজে “কমতেশ্বৰ” উপাধি লই সেই ৰজাই আপোনাৰ কুলীয়া "খেন”(১) বিলাক "সচ্ছুদ্ৰ" বা ভাল শুদিৰ বুলি প্ৰকাশ কৰি দিলে। নীলধ্বজৰ পাছত ক্ৰমান্বয়ে চক্ৰধ্বজ আৰু নীলাম্বৰ ৰজা হয়। নীলাম্বৰ ৰজাৰ মন্ত্ৰীজন এজন বামুন। এই নীলাম্বৰে আমাৰ বৰ্তমান কাব্যৰ প্ৰধান নায়ক। এওঁকেই “নিলাম” আৰু কেতিয়াবা "নীল ৰজা" ও বোলে আৰু এওঁৰ কুঁৱৰীয়েই আমাৰ কাব্যৰ প্ৰধান নায়িক। সম্ভৱতঃ ১৩৮৮–৯০ শঁকত নীলাম্বৰ ৰজাই ৰাজত্ব কৰে। এওঁ আহোমৰ “চুচেন্ফা” ৰজাৰে সম-সাময়িক ৰজা। এই সময়ত আহোম ৰজাই উজনি খণ্ডত ৰাজত্ব কৰে।
নীলাম্বৰ ৰজাই তেওঁৰ ৰানীৰ সতে মন্ত্ৰীৰ পুতেকৰ আসক্তি আছিল বুলি সন্দেহ হোৱাত এদিন মন্ত্ৰীৰ পুুুুতেকক ধৰাই বধ কৰালে, আৰু তাৰ মাংস পহুৰ মঙ্গহ বুলি মন্ত্ৰীক খাবলৈ দিলে।
(১) এই "খেন” বংশৰ বিষয়ে 'গেইট' চাহাবে তেওঁৰ History Assam ত এই দৰে লিখিছে:—
"To what race the Khens belonged it is impossible to say. The great majority on the m have now been absorded in the ranks of other communities, The few who still retain the tribal names claim to be kayasths, and are said to betray in thei physiognomy a considerable infusion of Aryan blood, but this was probably received after their rise to power and a affords no clue to their origin.
তাৰ পাছত, ৰজাই মন্ত্ৰীক মতাই আনি পুতেকৰ মুৰটো উলিয়াই দেখুৱালে আৰু মন্ত্ৰীয়ে কি খালে আক পুতেকৰ অপবাধৰ কথা ভাঙ্গি পাতি ক’ই দিলে৷ পাছে মন্ত্ৰীয়ে শোকে বেজাৰে, পতি সংসৰ্গৰ নিমিত্তে প্ৰায়শ্চিত হই, সেই পাপ মোচনৰ অৰ্থে গঙ্গাতীৰলৈ গ’ল৷
এই তীৰ্থ যাত্ৰা কেবল ছল মাত্ৰ আছিল৷ মন্ত্ৰীয়ে গৌৰ নগৰৰ নবাব হুচেন ছাৰ তালৈ গই মিছামিছিকৈ ৰাজ্যৰ দুৰ্ব্বলতা জনাই, পুত্ৰহণ্ডা নীল’মক প্ৰতিফল দিবৰ নিমিত্তে ভালেমান মুছলমান সেনা লই আহিলগৈ৷ সেই সৈন্যৰে সতে নীলাম্বৰ ৰজাৰ ঘোৰ যুদ্ধ হল৷ বাৰ বছৰ এই ৰণ থাকে, তথাপি মুছলমান বিলাকে কমতা সেনাক পৰাস্ত কৰিব নোৱাৰিলে৷
পাছে মুছলমান বিলাকে কেতবিলাক দোলাৰ ভিতৰত অস্ত্ৰে সইতে বহুত চিপাহি সুমুৱাই থই নীলাম্বৰ বজালৈ এই বুলি কই পঠালে, বোলে, “এতিয়া আমি ৰণ এৰি ভাটীলৈ যাওঁগৈ, কিন্তু যোৱাৰ আগতে আমাৰ তিৰুতা বিলাকে ৰাণীৰে সইতে চিনা পৰিচয় হব খোজে৷’’
নীলাম্বৰে এই কথাত মান্তি হোৱাত পাছ দিনা নগৰৰ ভিতৰলৈ দোলা বোৰ আহিবলৈ আজ্ঞা দিয়া হ’ল৷ পাছে যেতিয়া সকলো বিলাক দোলা আহিল তাৰ পৰা অস্ত্ৰধাৰী সৈন্য বিলাক ওলাই একে বাৰে নগৰ অধিকাৰ কৰি ৰজাক বন্দী কৰি পেলালে৷ ৰজাৰ লগে লগে কমতাপুৰ ধ্বংস পালে৷ ১৪২০ শকত কমতাপুৰত মুছলমানৰ জয় পতকা উঠিল৷ বিভীষণৰ দোষত লঙ্কা আৰু ৰাক্ষস বংশ ধ্বংস পোৱাদি, মন্ত্ৰীৰ দোষত কমতাপুৰ আৰু “খেন’ বা ‘‘কমতেশ্বৰ’’ বংশ ধ্বংস পালে৷ ঠিক এই দৰেই [ ১০ ] ১৭৩৮—৩৯ শঁকত (ইং ১৮১৬—১৭ খ্ৰী:) বদনচন্দ্ৰ বৰফুকনৰ দোষত আহোম ৰাজ্য ধ্বংশ পালে।
এই ঐতিহাসিক প্ৰকৃত ঘটনাটিকে অবলম্বন কৰি "কমতাপুৰ ধ্বংশ বা সাদৰী” কাব্য ৰচনা কৰা হল। নীলাম্বৰ ৰজাৰ ৰাণীৰ নাম সাদৰী। সময়ত, বহুত কথা নতুনকৈ সৃজন কৰা হৈছে।
শ্ৰীহিতেশ্বৰ বৰ বৰুৱা।