সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৵৹

পুথিখনি ঘূৰাই আকৌ এবাৰ চাবলৈ নাপালে এই বিষয়ে তেওঁ বিশেষ দুখিত।

 লিখোঁতা সাহিত্য সমাজত একেবাৰেই নতুন আৰু এই ধৰণৰ কাব্যও সম্ভবতঃ বৰ্ত্তমান যুগৰ অসমীয়া সাহিত্যত এয়ে প্ৰথম। তাতে বিদেশত ছাপা হওঁতে, তেওঁ নিজে আহি কাকত চাব নোৱাৰাত, ও ছাপা হই থকা অৱস্থাতে লেখকৰ পত্নী বিয়োগ ঘটি মনোশান্তিৰ ব্যাঘাত জন্মি বিশেষ মনোযোগ দিব নোৱাৰাত, পুথি দুখনিত অনেক খুঁত থাকি গল। সেই বিষয়ে মৰমীয়াল পাঠক পাঠিকা সকলে যেন দাই দোষ ক্ষমা কৰে, ইয়াকেহে খাটিলো।

 শেহত কওঁ যে, কলিকতাত ছাপা হওঁতে “তলসৰা ফুল দুটী”ৰ লগত শ্ৰীযুত বোধনাথ পটঙ্গীয়া বি, এ, ডাঙ্গৰীয়াই অনেক পৰিশ্ৰম কৰিছিল। তেখেতৰ যত্ন নথকা হলে “তলসৰা ফুল দুটী”য়ে এনেকুৱা অৱস্থা বোধ হয় কেতিয়াও নাপালে হেতেন। সেই নিমিত্তে লিখোঁতা তেওঁৰ ওচৰত চিৰঋণী থাকিল। ইতি।

চকলাটিঙ্গা
১৯১২
 ইতি
শ্ৰীহিতেশ্বৰ