পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


শান্তিৰে ভৰাও মোৰ বিয়াকুল হিমা।
কৰাঁ মাতৃ! কৃপা মোকো, মুছো দুচকুৰ
দুধাৰি চকুলো আজি,—হৰিষ মনত
দেশীয় বনৰ পৰা তুলি বন ফুল,
কাব্যৰূপী সুতে গাথোঁ মালা আলসুৱা।
 নহওঁ মালীয়া আই! নাজানোঁ গাঁথিব
ভালকই মালা মই,—নাজানোঁ গাঁথনী
মন প্ৰাণ-মুগ্ধকৰ। তুমি দয়া কৰি
শিকাই দিয়াঁহে, আই! মই যাও গাঁথি।
গাথিম নতুন মালা, যদি কৃপা কৰা
তুমি আজি অধমক। কওঁ সকাতৰে,—
কঁৰা মাতৃ! কৃপা মোকো,—মোকো সি চকুৰে
চোৱা, চালা যি চকুৰে কবিকুল-গুৰু
বাল্মীকিক, আৰু মাতৃ! চাদি, হাফেজক।
 দিয়াঁ আই। সেই সুধা,-যি সুধা ঢালিলা
কালিদাস চেক্ষপীৰ কবিৰ মুখত
অতি চেনেহৰে সতে,-মাকে যেনেকই
স্তন দিয়ে সন্তানক সন্তোষ মনত।
যদিও অযোগ্য মই,—যদিওবা মোৰ
নাই তেনে গুণ আই। কিন্তু যে তোমাৰ
মাতৃ স্নেহে ভৰা হিয়া, সকলো পুত্ৰতে
সম স্নেহ জননীৰ,—জ্ঞানী ব অজ্ঞানী।
 নানা জাতি গজে গছ নইৰ পাৰত
কোনো দিয়ে সুধাফল,—কোনো বিষময়,—