পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কোনো সুগন্ধৰে ভৰা,—কিন্তু চোৱাঁ,—নই
ৰস দিবলই কাকো হয় কি বিমুখ?
 হীন ভাবি যদি দেবি! দয়া নকৰিবা
আজি মোক,- হায়! তুমি ৰাখিব কি কৰি
"সন্তান-বৎসলা” নাম? দিবা কি প্ৰমাণ
মহত গুণৰ তযু? মহতৰ হিয়া
নোহে ভৰা পক্ষপাতে,—-সকলো সমান।
চোৱা মাতৃ! চন্দ্ৰ সূৰ্য্য জলিছে নিতউ
আকাশ-মাৰ্গত, অহা! ঢালিছে কিৰণ
সমভাবে সকলোতে (ৰাজ-মন্দিৰত,
দৰিদ্ৰৰ চোতালত,—সুন্দৰ ফুলনী,
কিম্বা হায়! মৰিশালী অগাধ বননী,
সকলোতে একে ভাবে)। মলয়া বতাহ
ৰিব্ ৰিব্ ৰিব্ কৰি বলে যেনেকই
ফুলনী মাজত দেবি! সেই একেদৰে
ধীৰে ধীৰে থাকে বলি গহীন শ্মশানে।
 সিকাৰণে কওঁ মাতৃ! কৃপা কৰাঁ তুমি,
পুৰণী কলীয়া কথা আজি মই গাওঁ
নানা ছন্দময় সুৰে কমতাপুৰৰ।
নোগোৱালে তুমি আই! গাম কেনেকই?
মই যে নাজানো একো, -কবিৰ ঈশ্বৰি!
অধমক কৃপা কৰা চাই চকুমেলি।


কমতাপুৰ ধ্বংস কাব্য (page 18 crop)