একুৰি এটা গল্প/পূজাৰ বজাৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৫৯ ]
 

পূজাৰ বজাৰ

  বেংকৰ কাউন্টাৰৰ পৰা হাতখন উলিয়াই বিমানে মুঠিটোত জোৰেৰে নোটকেইখন চেপি ধৰি ওলাই আহিল। উঃ কি অসহ্য ভিৰ! বেংকৰ মূল গেটখনৰ পৰাই গ্ৰাহকৰ লাইন। দুঘণ্টামান সময় লাইন পাতি পাঁচ-ছয় মিনিটৰ মূৰে মূৰে এখোজ এখোজকৈ আগবাঢ়ি এয়া এইমাত্ৰ সি তাৰ টকাখিনি কাউন্টাৰৰ পৰা উলিয়াই আনিছে। সি লৰালৰিকৈ ওলাই আহি বেংকৰ পৰা অলপ দূৰৈত থকা মালতীবাইৰ চাহৰ দোকানখনলৈ গ'ল। সি সদায় বেংকলৈ আহিলেই মালতীবাইৰ দোকানত চাহ একাপ খাই যায়।
  — অ’ ছাৰ, আহক আহক — আথে-বেথে মালতীয়ে আহ্বান জনালে। ঐ ল’ৰা, ছাৰক বহিবলৈ দে। টেবুলখন মচি পানী দে। জল্‌দি কৰ। ছাৰ বহক। কেইবাদিনো দেখা নাই আপোনাক...!
  — কি দেখিবাহে, তিনিমাহ ধৰি দৰমহা নাই। বেংকলৈ দৰমহাৰ পইচা উলিয়াই নিবলৈ অহাত বাদে আমাৰ কি সকাম থাকে?
  মালতীৰ এজন গ্ৰাহকৰ ফালে মন দিলেই নচলে। তাই বহি থকাৰ পৰাই আনফালে চকু দিলে।

  দোকান মানে সৰু গুম্‌টিঘৰৰ নিচিনা কোঠা এটা। টিনপাতৰ চাল, টিনপাতৰ বেৰ, টিনপাতৰেই দুৱাৰ-খিৰিকী। চুটি চুটি বেঞ্চ পাঁচখন আৰু ডেস্ক পাঁচখন। প্লাষ্টিকৰ চেয়াৰ দুখন, সৰু আলমাৰি এটা। কোঠাটোৰ বাহিৰফালে চৌকাত চাহ বনোৱা হয়। ৰাতিয়েই ঘৰত বনাই অনা লাড়ু, নিমকি, খুৰ্‌মা আৰু দোকানতে গৰম গৰমকৈ তৈয়াৰ কৰা টেকেলী পিঠা— এয়াই মালতীবাইৰ দোকানৰ বস্তু। বিমানৰ দৰে মানুহবোৰ এই দোকানৰে স্থায়ী কাষ্টমাৰ।

  বিমান সচৰাচৰ সি বহা আসনখনতে বহিলগৈ। চুক এটাত। দোকানৰ ল'ৰাটোৱে দিয়া পানীগিলাচ খাই সি জেপৰ পৰা ৰুমালখন উলিয়ালে। মুখখন মচি সি ছাৰ্টৰ জেপত হাত ভৰাই টকাকেইটা উলিয়াই আনিলে। বৰ সাৱধানেৰে আঙুলিৰে পিছলাই সি নোটকেইখন হিচাপ কৰিলে— ৫০০ টকীয়া নোট মুঠ ১৪ খন। তাৰ মুখ মেল খাই নিশ্বাস এটা ওলাই আহিল। ১৪ খন মানে ৭০০০ টকা। মাত্ৰ সাত হাজাৰ। তিনি মাহৰ মূৰত পোৱা এমাহৰ দৰমহা। নোটকেইখন সি পকেটত ভৰাই থলে। তাৰ মূৰটো ঘূৰোৱা ঘূৰোৱা যেন লাগিল। দুটা [ ৬০ ] ল’ৰা-ছোৱালী, বৃদ্ধা মাক, ভনীয়েক এজনী আৰু পৰিবাৰ— মুঠতে ছজনীয়া পৰিয়ালৰ দায়িত্ব তাৰ। টকা মাত্ৰ সাত হাজাৰ, বিমানে জেপ খুঁচৰি কাগজ আৰু কলম উলিয়াই আনিলে— দিবলগীয়া টকাৰ হিচাপ এটা কৰো বুলি সি লিখি গ’ল— গেলামালৰ দোকানত ১৪৩৫ টকা, গাখীৰত ৬০০ টকা, ভনীয়েকৰ টিউশ্যন ফিজ ৬০০ টকা, মাকৰ বাবে নিয়মিত দৰবৰ দোকানৰ পৰা আনি থকা দৰবত ৩০৭ টকা, যোৱা মাহত ওচৰৰ মিস্ত্ৰি এজনৰ হতুৱাই সন্মুখৰ দৰ্জাখন মেৰামতি কৰাইছিল, তাক দিবলৈ আছে ৫১৫ টকা, স্কুলৰ হেড মাষ্টৰৰ ঘৈণীয়েকৰ পৰা অনা ২০০০ টকা। শাক-পাচলিৰ বেপাৰীটোৰ ওচৰত ৩৩০ টকা, সৰ্বোপৰি দুৰ্গাপূজা... বিমানৰ গাটো কিবা-কিবি লাগিল। সি ডেস্কখনতে হাতখন মেলি মূৰটো পেলাই দিলে।
  মালতী উঠি আহিল— ছাৰ গা বেয়া নেকি?
  সি মূৰ তুলিলে—নাই,নহয় বাই— ভাগৰ ভাগৰ যেনহে লাগিছে।
  দোকানৰ ল'ৰাটোৱে চাহ এগিলাচ আনি থৈ আৰু কি খাব সুধিলে। ‘চাহ খাবৰ মনেই নাছিল... | আন একো নালাগে’ বুলি কৈ সি চাহত ঢোক মাৰিলে। দোকানৰ গ্ৰাহকবোৰো পাতলি আহিছে।
  — বুজিছা মালতীবাই, চাকৰি-বাকৰি এৰি কেনিবা গুচিয়েই যাওঁগৈ নেকি? জীৱনটোৱে বৰ তিতা-কেঁহা লগাইছে অ’।
  —অঃ, আজি দৰমহা লোৱাৰ দিনাই ইমান ‘ডাউন’ হয়নে? দৰমহা পাইছে, স্ফূৰ্তি কৰক। আজি সপ্তমী পূজা, আনন্দ কৰক।
  দৰমহা! আজি তিনিমাহৰ মূৰত যিকেইখন কাগজৰ টুকুৰা পাইছো, সেইকেইখনৰে মোৰ লেও দিবলৈও নাটে। হাল-কোৰ ধৰিবলৈ মাটি এটুকুৰাও নাই, তাতে যুগটো যে কি হ’ল... বাই, চাহ খুৱালা, তামোল এখনো দিয়া, যাওঁগৈ।
  মালতীয়ে ষ্টীলৰ প্লেটখনত তামোল এখন উলিয়াই দিয়াত বিমানে টকা এটা আকৌ উলিয়াই দিলে।
  —ছাৰ, ক’বলৈও বেয়া লাগে, তামোল এখনত ১.৫০ টকা হ'ল। বজাৰত তামোল-পাণৰ যিহে দাম! এটকাত এখন তামোল দিলে আমাৰ লোকচানহে হয়... আজিলৈ বাৰু হ’ব।
  —বিমানে জেপ খুচৰি ৫০ পইচা পায় নেকি চালে, নাপাই পাছত ল’বা’ বুলি কৈ ওলাই আহিল। সি ঘৰলৈ যাবনে বজাৰলৈ যাব ভাবি বজাৰলৈকে যোৱা ঠিক কৰি খোজ দিলে। গেলামালৰ দোকানী ৰতন মণ্ডলক আগৰ বাকীখিনি [ ৬১ ] শোধাই মিঠাতেল আধালিটাৰ আৰু চেনি আধা কেজি লৈ ওলাই আহিল। ৰতন মণ্ডলৰ দোকানৰ পৰা ওলাই আহোঁতে বাটত শাৰী শাৰী কাপোৰৰ দোকানত ওলোমাই থোৱা বিবিধ ৰংচঙীয়া পোছাকলৈ তাৰ মন গ'ল। বহুদিন হ’ল গাভৰু ভনীয়েকজনীক কানি-কাপোৰ কিনি নিদিয়া। সি অলপপৰ ৰৈ থাকি দোকান এখনলৈ আগবাঢ়ি গ'ল। সেমেকা পূজাৰ বজাৰত গ্ৰাহকক দোকানীয়ে বৰ আগ্ৰহেৰে আহ্বান জনালে—আহক আহক দাদা, কি ল’ব কওক। যেন বিমানে কিবা ল’বই!
  —নাই এনেয়ে চাইছো...।
  —এনেয়েতো চাব। আহক, বহি লওক। বিমান সোমাই গৈ বহিল।
  —কি দিম? ছুৰিদাৰ, ফ্ৰক, শাড়ী? কওক, নতুন ফেশ্বনৰ মাল ভৰাইছো। বৌৰ বাবে শাড়ী চাব? (যেন বৌৱেকক সি চিনিয়েই পায়!)
  —মোক সেই ছুৰিদাৰ যোৰ দেখুৱাওকচোন (ওলোমাই থোৱা ছুৰিদাৰ এযোৰৰ ফালে আঙুলিয়াই বিমানে কলে)। দোকানীয়ে হেঙাৰৰ পৰা কাপোৰযোৰ আনি আগত থ’লে।
  —কিমান দাম?
  —দাম পাছতো হ’ব দাদা, আগতে পছন্দ কৰক।
  বিমানৰ কাপোৰযোৰ ভালেই লাগিছিল—নহয়,আগেয়ে দামটো কোৱা।
  —হ’ব দাদা, লৈ লওক। বছৰত পূজা এবাৰহে। বান্ধি দিওঁ? দোকানীৰ ব্যৱসায়ীসুলভ হাঁহিভৰা প্ৰশ্ন। বিমানৰ খং উঠিল। ইহঁত তেজশোহা জোক নেকি? আহি ৰ'লতে একেবাৰে শুহি পেলাব খুজিছে...!
  —মই কাপোৰযোৰৰ দাম জানিব খুজিছো। মোৰ পইচাৰে মিলিলেহে ল'ম। মইতো ব্লেংক চেক্ লগত লৈ বজাৰ কৰা মানুহ নহয়...!
  দোকানীৰ মুখৰ ৰং সলনি হ'ল। —দাদা,আপুনি ল'ব খুজিছে যেতিয়া আপোনাৰ বাবেহে ৮০০ টকা খাটাং। কেৱল আপোনাৰ বাবে। অন্য হোৱা হ'লে ১১০০ টকা...।
  —৮০০ টকা? বিমানৰ চকু-মুখ বহল হৈ গল— ইমান দাম এইবোৰ কাপোৰৰ!
  —দাদা, গোটেই গাতে জৰীৰে কাম কৰা, মডাৰ্ণ ফেশ্বন...।
  বিমানৰ কাপোৰযোৰ সঁচাকৈয়ে ভাল লাগিছিল। সসংকোচে ক'লে— ৩৫০ টকামানত হোৱা হ'লে...!
  দোকানীৰ মুখৰ ৰং ক’লা পৰিল। বান্ধিবলৈ লোৱা খাকী ৰঙৰ কাগজৰ [ ৬২ ] পেকেটটো থৈ কাপোৰযোৰ আকৌ হেঙাৰত সুমুৱাই ক'লে— দাদা, পূজাৰ বজাৰত সেই দামত সেই (অন্য এফালে আঙুলিয়াই) তেনেকুৱা কাপোৰ পাব, দিম?
  বিমানৰ খং উঠিল— কিয় লমহে? ৰং বৰণৰ কথা আছে নহয়!
  সি যাবলৈ উঠিল। দোকানীয়ে ভোৰভোৰালে ৩০০ টকাৰ মাল কিনাত জোৰ নাই, হাজাৰটকীয়া মালত চকু...।
  —কি ক'লা? কি ক’লা তুমি? মই ৰৈ চাইছিলোহে। তুমিয়ে ভিক্ষাৰীৰ দৰে কাও-বাওকৈ মাতি আনি মোক বহুৱাইছা। তেতিয়া একেবাৰে ৰজাৰ সন্মান আৰু এতিয়া...?
  – দাদা দাদা, যাওকগৈ। ভুল হৈছে মোৰ...। দোকানীৰ কৰযোৰ মিনতি দেখি ভমক্‌কৈ উঠি অহা ক্ৰোধ সম্বৰণ কৰি বিমান ওলাই আহিল। ছেঃ, বৰ বেয়া দিন গ'ল আজি!
  কিয় চকু দিছে সি কাপোৰ-কানিত? কিহেৰে কিনিব? ভনীয়েক, ঘৈণীয়েকহঁতক সি সোণৰূপেৰে ওপচাই ৰাখিবৰ মন কৰিলেও জানো সি পাৰিব? সাত হাজাৰ টকাৰে ধাৰ মাৰি মন গলেও সি ভনীয়েকক কাপোৰ কিনি দিব নোৱাৰে। মালতীৰ দোকানত বহি কৰা হিচাপৰ ধাৰখিনি সি পইচাখিনি হাতত থাকোঁতেই মাৰি শেষ কৰিব লাগিব। তেহে আগলৈ ধাৰ বিচাৰি সি ঘূৰিব পাৰিব। ধাৰ শোধ কৰি তাৰ হাতত থাকিব মুঠেই ১০০০ মানহে টকা। সেয়াৰে সি কি কৰিব? ল'ৰা-ছোৱালী দুটালৈ পূজাৰ কাপোৰ? নাই নাই। কাপোৰৰ চিন্তা সি মুঠেও নকৰে। তেন্তে?
  ক’ব নোৱৰাৰ দৰে আপোন মনেৰে সি হাতত মিঠাতেল আৰু চেনিখিনি লৈ আগবাঢ়ি থাকিল। কি কৰিব? সদায় অভাৱ-অনাটনৰ মাজত থাকি থাকি পূজাৰ কেইদিনতো অকণমান ‘বেলেগ কিবা' নহ'লে ঘৰৰ বাকীবোৰৰ মনবোৰ ভাল লাগিব জানো? আন নহ'লেও ল'ৰা-ছোৱালী দুটাই মনত দুখ পাব। কিবা এটা উপায় পোৱাৰ দৰে তাৰ মনটো অলপ ভাল লাগি গ'ল। আজি খাব। সপ্তমী পূজা আজি। ৰাতি আটায়ে মিলি মাছ-মিঠাই আদিৰে ভালদৰে খাব। বহুদিন হল হেঁপাহ পলুৱাই মাছ-মিঠাই আদি নোখোৱা। যাঃ যিমান পইচা যায় যাওক। আজি খোৱাটোৱে মনত থকা হওক। সি মাছৰ বজাৰৰ ফালে আগবাঢ়িল। যাওঁতে বাটত মিঠাইৰ দোকান এখনত সোমাই প্ৰফুল্লচিত্তে ঘৰৰ আটায়ে ভালপোৱা ৰসগোল্লা, চানাৰ বৰফি আৰু জেলেপী সৰহকৈ কিনি পেলালে। মন পূৰাই খাওক। তাৰ [ ৬৩ ] পাছত সি মাছৰ বজাৰত সোমাল। বৰ ভিৰ। মানুহৰ চিঞৰ বাখৰত কাৰো মাত নুশুনা অৱস্থা হৈছে। সি গৈ ডাঙৰ মাছ কিছুমানৰ সন্মুখত ৰ'ল— কিমান দাম?
  — কেজি দুশ টকা। মনে মনে বিমান উচপ্ খাই উঠিলেও গাম্ভীৰ্য বজাই ৰাখি ক'লে—
  —কম নহয়?
  —দাদা, ১৮০ টকা। তাৰ তলত নহয়।
  —দিয়া এক কেজি। বেপাৰীয়ে এক কেজিমানৰ মাছ এটা ওজন কৰিবলৈ লওঁতেই হৈ হৈ কৰি কেইজনমান যুৱক, সোমাই আহি এফালৰ পৰা খপ্‌খপ্‌কৈ মাছৰ পাচিবোৰ ঢাকি পেলাবলৈ ধৰিলে— মাছৰ বিক্ৰী বন্ধ। এই মাছ আমি কিনিলো।
  কেইবাখনো মুখৰ প্ৰশ্ন একেস্বৰে ওলাল— কি? কোনে কিনিলে? আমি কিনিব ধৰিছোহে...।
  —হেই! হাল্লা নকৰিব। আমাৰ পাৰ্টীৰ খানাৰ বাবে মাছ লাগে। বজাৰত থকা সকলো মাছ আমাৰ। আপোনালোকক লাগিলে ভাটিৰ বজাৰলৈ যাওক।
  হতভম্ব মানুহখিনিৰ মাজৰ সাহসী দুজনমান আগবাঢ়ি আহিল।
  —কিয় যামহে? তোমালোক যোৱা। ইয়াত গুণ্ডাগিৰি কৰিবলৈ আহিছা...?
  —ভদ্ৰভাৱে কওঁতে গুণ্ডাগিৰি বুলিছ! ঠাণ্ডা কৰি দিওঁ ৰ বাপ্পেৰে...। —যুৱকমখাৰ মাজৰ কেইজনমানে চোঁচা মাৰি আহিল। হঠাৎ ঠাইখনৰ পৰিৱেশ সলনি হ’ল। প্ৰায় যুদ্ধক্ষেত্ৰ। যেয়ে যাকে পাৰে ঠেলা ঠেলি, মৰা-মৰি কৰিবলৈ ধৰিলে। বজাৰত থকা নিৰীহ মানুহখিনি হেঁচি-ঠেলি ওলাই যাবলৈ খৰখেদা কৰাত পৰিস্থিতি আৰু হুলস্থূলীয়া হ'ল। পুলিচ আহিল। মানুহবোৰ ফাঁহি ছিটিকা দিবলৈ ধৰিলে। ঠেলা-হেঁচাত বিমান মুখথেকেচা খাই পৰিল। সি নতুন কোনো বিপদত নপৰিবলৈ পৰাৰ পৰা উঠি ঊৰ্ধ্বশ্বাসেৰে ঘৰলৈ দৌৰ দিলে। পিছলৈ ঘূৰি নাচাই দৌৰিছে সি। বহু মানুহে দৌৰিছে।
  ঘৰৰ বাৰান্দাত খেলি থকা ল'ৰা-ছোৱালী দুটাই ‘দেউতা আহিছে' বুলি দৌৰি অহাতহে সি সম্বিৎ পালে।
  —কি আনিছা দেউতা...?
  বিমান সোমাই আহিল ভিতৰলৈ। তাৰ উদ্‌ভ্ৰান্ত চেহেৰা দেখি ঘৰৰ ডাঙৰকেইজনীয়ে সপ্ৰশ্ন, ভীত চাৱনিৰে চালে। [ ৬৪ ]  —জীৱনটো বচাই আনিছো কোনোমতে। সি আদ্যোপান্ত বিৱৰি ক'লে। উস্, তাত আৰু দুই মিনিট থকা হলে? কিযে উৎপাত হ’ল মানুহবোৰৰ? কোনো শান্তিত থাকিব নোৱৰা হ'ল। ঘটনাস্থলীত তাৰ হাতৰ মিঠাইৰ টোপোলা ফাটি পৰি গৈছিল যদিও মিঠাই বন্ধা কাগজখন হাততে আহিছিল। ল'ৰা-ছোৱালী দুটাই চোওঁ-নোচোওঁকৈ কাগজখন হাত পাতি ল'লে। ঘৈণীয়েকে মিঠাতেলৰ বটলটো ল'লে। চেনিৰ অৱশিষ্ট একোৱেই নাছিল।

 কাপোৰ সলাবলৈ বিমানে পেন্টৰ জেপৰ পৰা পইচাখিনি উলিয়াবলৈ হাত দি গম পালে জেপত পইচা নাই। ধমহকৈ উঠিল বুকুখন। ইখন সিখনকৈ আটাইকেইখন পকেট চালে। নাই।
 —কি হল? ঘৈণীয়েকৰ প্ৰশ্ন।
 —মো-মোৰ টকাখিনিও হেৰিল,হায়!
 —একো নহয়। টকা যাওক। মানুহটো ঠিকে আছে যেতিয়া সেয়ে বহুত। টকা আকৌ পাম। মন বেয়া নকৰিব।
 —তোমাৰ বেয়া লগা নাই?
 —লাগিছে। কিন্তু দৰমহা নোপোৱা দিনবোৰততো আমি এনেকৈয়ে থাকো। এইবাৰো দৰমহা পোৱা নাই বুলি থাকিলেই হ’ল। গেলামালৰ বাকীখিনিয়ে মৰা হ’ল, সেয়ে বহুত। সিহঁত দুয়ো ল'ৰা-ছোৱালী দুটালৈ চালে। ল'ৰাটোৰে মিঠাইৰ কাগজখনকে চেলেকা দেখি দুয়োৰে হাঁহি উঠি গ'ল।